01 June, Mon 2026
support@thecriticalscript.com
Blog image

নেঘেৰিটিং শিৱ দৌলৰ ইতিহাস

27 May,2026 05:17 PM, by: Ankita Gogoi
1 minute read Total views: 22
0 Like 0.0

নেঘেৰিটিং শিৱদৌল দেৰগাঁও নগৰৰ পৰা ছয় কিঃমিঃ মান আঁতৰত সুন্দৰ প্ৰাকৃতিক পৰিবেশৰ মাজত অৱস্থিত। নেঘেৰিটিং শিৱদৌল আহোম যুগৰ শিল্প কলাৰ এক সুন্দৰ নিদর্শন। এই ঐতিহাসিক শিৱ মন্দিৰৰ বাবে এই অঞ্চল বিশেষভাৱে প্ৰসিদ্ধ।এই মন্দিৰ দুশ বছৰৰো অধিক পুৰণি বুলি অনুমান কৰা হয়। তিনিকুৰি পোন্ধৰটা শিলৰ চিৰিৰে উঠি বাট অতিক্ৰম কৰি মন্দিৰৰ প্রৱেশ পথ পোৱা যায় আৰু গেটৰ পৰা এশ গজ গলেই মন্দিৰৰ বাটচ’ৰা পায়। মন্দিৰটো চৌহদৰ দহবিঘা মাটিৰ মাজতে মন্দিৰটো অৱস্থিত। মূল দৌলৰ চাৰিওফালে গণেশ, বিষ্ণু, দুগা আৰু সূৰ্য দেৱতাৰ বিগ্রহ আছে।পূজা কৰিবৰ কাৰণে স্বৰ্গদেউ প্রতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক পূজাৰী হিচাবে নিয়োগ কৰে। দেৰগাঁৱৰ শিৱদৌলৰ প্রতি আহোম স্বৰ্গদেউ সকলৰ অসীম ভক্তি আছিল। তেওঁলোকে পূজাৰ নিৰ্মালি লৈহে আহাৰ গ্ৰহণ কৰিছিল। ইয়াৰ বাবে দেৰগাঁৱৰ পৰা ৰাজধানী ৰংপুৰলৈ “বৰ আলি ‘নামৰ এটি চমু পথ আছিল। দৌলৰ প্রধান ঠাকুৰ জনক “বৰঠাকুৰ” বোলা হৈছিল। দৌলত পূজা কৰিবৰ কাৰণে স্বৰ্গদেউ প্রতাপ সিংহই ভূধৰ আগমাচাৰ্য্যক পূজাৰী হিচাবে নিয়োগ কৰে। সেই আগমাচাৰ্য্যৰ বংশধৰ সকলে এতিয়াও নেঘেৰিটিং দৌলত সেৱা আগবঢ়াই আছে।সকলোৱে কোৱা অনুসৰি উৰবা নামৰ এজন ঋষিয়ে এই ঠাইতে এটা দ্বিতীয় কাশী স্থাপন কৰিব বিচাৰিছিল যাৰ বাবে তেওঁ তাত বহুতো শিৱ লিংগ সংগ্ৰহ কৰিছিল।

আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নেঘেৰিটিং শিৱদৌল প্রতিষ্ঠা আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই দেৰগাঁৱৰ মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে শিৱৰ এটা মন্দিৰ সাজিছিল। এই মন্দিৰ নদীৰ পানীয়ে খহাই নিছিল আৰু সেইয়ে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ১৬৮৭ শকত নেঘেৰিটিংৰ টিলাৰ ওপৰত নেঘেৰিটিং শিৱ মন্দিৰ প্রতিষ্ঠা কৰে।  কোৱা হয় যে মন্দিৰটো থকা ঠাইখন এসময়ত স্থানীয়ভাৱে নেঘেৰী নামেৰে জনাজাত এটা অদ্ভুত চৰাইৰ বাসস্থান আছিল। সেইয়ে এই ঠাইখন নেঘেৰিটিং নামেৰে জনাজাত হৈ পৰিল।দেৰগাঁৱৰ শিৱদৌলৰ ঐতিহ্যপূৰ্ণ বৈশিষ্ট আছিল দেৱদাসী নৃত্য। এই নৃত্য কৰা সকলক "নটী" বোলা হৈছিল। নটী সকলে নৃত্য কৰোঁতে মূৰৰ ওপৰৰ মাজভাগত ওখকৈ খোপা বান্ধছিল, ইয়াক "নেঘেৰী খোপা" বোলা হৈছিল। এসময়ত এই নৃত্য চাবলৈ বহু মানুহ আহিছিল।চিনাতলীয়া নটৰ জীয়ৰী ফুলমতী দেৰগাঁৱৰ নটী আছিল। ফুলমতীৰ নৃত্যত মুগ্ধ হৈ স্বৰ্গদেউ শিৱসিংহই ৰাজকাৰেংলৈ নি ফুলশ্বৰী কুঁৱৰী আৰু প্রমথেশ্বৰী নাম দি বৰৰজা উপাধিৰে অসমৰ ৰানী পাতিছিল।এই ইতিহাসপ্ৰসিদ্ধ মন্দিৰৰ অন্যতম আকৰ্ষণ হৈছে বান্দৰ। ইয়াত বহু বান্দৰ দেখা পোৱা যায়। শীতকাল হৈছে নেঘেৰিটিং শিৱ মন্দিৰ ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময়। মহাশিৱৰাত্ৰি অৰ্থাৎ আজি এই দৌলত অগণন ভক্তৰ সমাবেশ ঘটে।।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.