27 July, Sat 2024
support@thecriticalscript.com
Blog image

'ৰায়বাহাদুৰ জগন্নাথ বৰুৱা' উজনি অসমৰ প্ৰথমগৰাকী স্নাতক

01 Feb,2023 05:46 PM, by: Ankita Gogoi
1 minute read Total views: 658
0 Like 0.0

ৰায়বাহাদুৰ জগন্নাথ বৰুৱা অসমৰ চাহ উদ্যোগৰ গুৰি ধৰোঁতা লোকসকলৰ মাজত অন্যতম। ইংৰাজৰ শাসনকালত যিকেইজন অসমীয়াই ইংৰাজৰ পৰা প্ৰকৃতাৰ্থত সন্মান আদায় কৰিব পাৰিছিল তেওঁলোকৰ ভিতৰত জগন্নাথ বৰুৱা অন্যতম আছিল। ১৮৫১ চনৰ ২৯ অক্টোবৰত যোৰহাটৰ ৰাজহাউলীত তেওঁৰ জন্ম হয়। তেখেতৰ পিতৃ হেমধৰ বৰুৱা আছিল অসমৰ এগৰাকী আগশাৰীৰ চাহ খেতিয়ক। জগন্নাথ বৰুৱা আছিল উজনি অসমৰ প্ৰথমগৰাকী আৰু অসমৰ দ্বিতীয়জন গ্ৰেজুৱেট। । ১৯৩০ চনত যোৰহাটত স্থাপন কৰা উত্তৰ পূবৰ দ্বিতীয়খন মহাবিদ্যালয় অৰ্থাৎ জগন্নাথ বৰুৱা মহাবিদ্যালয়খন তেওঁৰ নামেৰে নামাকৰণ কৰা হৈছিল।বিশ্ববিদ্যালয়ৰ স্নাতক উপাধি থকা তেৱেঁই অসমৰ প্ৰথমগৰাকী চাহ খেতিয়ক।

তেখেতে ১৮৬৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ এন্ট্ৰেন্স পৰীক্ষা পাছ কৰে। তেওঁ প্ৰেচিডেঞ্চি কলেজলৈ পঢ়িবলৈ যায় আৰু ১৮৭২ চনত উজনি অসমৰ প্ৰথমজন ডিগ্ৰীধাৰী হিচাপে এই কলেজৰ পৰা স্নাতক পৰীক্ষা পাছ কৰে। তেতিয়াৰ পৰাই তেওঁ বি. এ. জগন্নাথ হিচাপে সমগ্ৰ অসমত জনাজাত হৈ পৰে। বি. এ. পৰীক্ষা দিবলৈ এমাহ থাকোতেই তেখেতৰ দেউতাকৰ মৃত্যু হোৱাত তেখেতে পৰীক্ষা দিয়েই ঘৰলৈ আহিব লগা হয়। আৰু তেখেতৰ আনুষ্ঠানিক শিক্ষাও সিমানতে শেষ হয়।কলিকতাত শিক্ষা সমাপ্ত কৰি আহি জগন্নাথ বৰুৱাই  চিভিল ছাৰ্ভিচ পৰীক্ষা অৱৰ্তীণ হয় আৰু সেই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত উপ-দণ্ডাধীশৰ পদবী লাভ কৰে যদিও অচিৰেই এই ক্ষেত্ৰখন ত্যাগ কৰে আৰু স্বাধীনভাৱে চাহ খেতি কৰিবলৈ মন মেলে। তেওঁ চাহ খেতি কৰিবৰ বাবে দেউতাকে চৰকাৰ পৰা পৰা পোৱা মাটি মোকোলাই চাহ বাৰী প্ৰস্তুত কৰে। মাটিৰ পৰিমাণ আছিল ৩০ একৰ। চৰকাৰে দিয়া সন্মানীয় চাকৰিটো নোলোৱাত বহুতেই তেওঁক বেয়া পাইছিল।

জগন্নাথ বৰুৱাই খোলা চাহ বাগিছা কেইখন আছিল-লেটেকুজান চাহ বাগিছা,টিপমীয়া চাহ বাগিছা আৰু বচাবাৰী চাহ বাগিছা। পিছলৈ তিৰুৱাল, বাঁহনি আৰু ৰৰৈয়াৰ বাগিছাও এই তালিকাত যোগ হয়। ইয়াৰে তিৰুৱাল চাহ বাগিছা ৰাধাকান্ত সন্দিকৈয়ে ক্ৰয় কৰিছিল আৰু জগন্নাথ বৰুৱাৰ সহযোগত ইয়াক পৰিচালনা কৰিছিল। ৰৰৈয়া বাগিছা জগন্নাথ বৰুৱা আৰু কৰ্ণেল ড° শিৱনাথ বৰাই যুটীয়াভাৱে ক্ৰয় কৰিছিল। আনহাতে চন্দ্ৰকান্ত গগৈয়ে বাঁহনিত বৰুৱাৰ সহযোগতেই চাহ খেতিৰ আৰম্ভণি কৰিছিল।

 বৃটিছ যুগত যি দুই-এজন অসমীয়া মানুহে চাহ-বাগিছা খুলিছিল সেই সকলে জগন্নাথ বৰুৱাই দেখাই যোৱা পথৰেই পথিক আছিল বুলি ক’ব পাৰি। অসমৰ বাণিজ্যিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে শাসনাধিস্থিত ইংৰাজ চৰকাৰে জগন্নাথ বৰুৱাক ৰায়বাহাদুৰ উপাধি প্ৰদান কৰে। ১৯০৭ চনৰ ২১ এপ্ৰিলত জগন্নাথ বৰুৱাৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত ১৯৩৮ চনত জগন্নাথ বৰুৱাৰ নাতি মুৰুলীধৰ বৰুৱাই সমস্ত মাটিৰে সৈতে বাসগৃহ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাবে দান কৰে।

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.