অসমৰ প্ৰখ্যাত গণশিল্পী মঘাই ওজা
‘‘মঘাই বোলে ঢোলৰ মাত
ধিনিকি ধিন্ দাও
সোণৰ অসম নালাগে মোক
মাটিৰে সজাও...’’
মঘাই বৰুৱা ওৰফে মঘাই ওজা, অসমৰ এগৰাকী বিখ্যাত গণশিল্পী,
লোকশিল্পী, ঢোলবাদক, তথা সাংস্কৃতিক কর্মী আছিল। সকলোৰে হৃদয় চুই
যোৱাকৈ ঢোল বাদন কৰাৰ বাবে আৰু তেখেতৰ পাৰদৰ্শিতাৰ বাবে তেখেতক সকলোৱে আদৰেৰে ‘ঢোলৰ ওজা’, ‘মঘাই ওজা’ অথবা ‘ঢোলৰ যাদুকৰ’ বুলি নামাকৰণ কৰে।
মঘাই ওজাৰ জন্ম হৈছিল যোৰহাটৰ অন্তৰ্গত হাতীগড় মৌজাৰ নাওশলীয়া গাঁৱত
১৮৩৮ শকৰ (১৯১৬ চন) মাঘৰ ১৫ তাৰিখে, মঙ্গলবাৰে। তেওঁলোক আছিল চুতীয়া জনগোষ্ঠীৰ লোক। আৰ্থিক
অৱস্থা সমূলি ভাল নোহোৱাৰ বাবে বিধবা মাতৃয়ে বৰ কষ্ট কৰি তেওঁক ডাঙৰ দীঘল কৰিব
লগীয়া হৈছিল। সৰুৰে পৰা মঘাই বুদ্ধিমান আছিল। তেওঁৰ পঢ়া-শুনাত যথেষ্ট ৰাপ আছিল
যদিও আৰ্থিক অনাটনৰ কাৰণে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা আধাতে সামৰি আৰু পঢ়িব
নোৱাৰিলে। ওজা দেৱৰ সাতগৰাকী সন্তান আছিল। ১৯৭৫
চনতে তেখেতৰ পত্নীৰ বিয়োগ ঘটিছিল।
বিহু অসমৰ লোকসংস্তৃতি আৰু বিহু বুলিলে মঘাই ওজাৰ নাম পোনতেই
আহিব যুগে যুগে। তেখেতৰ অৱদান অসমীয়া সংস্কৃতিত অমূল্য। যিহোতু বিহুত গোৱা গীতবোৰ
থলুৱা, সেয়ে ইয়াক লোকসংগীত বুলিও কোৱা হয়। লোকসংগীতৰ অসমীয়া সংগীতৰ
বৰ ভেঁটি বন্ধা হৈছে। লোক সংগীতৰ বুকুত থকা লোক বাদ্য, লোক
নৃত্য, লোক গীত হৈছে নানা জাতি, উপজাতি, জনজাতিৰ বাৰে ৰহণীয়া সমাজখনৰ বাপতি সাহোন। অসমৰ লোক বাদ্যৰ ভিতৰত ঢোল, খোল, তাল, বীণ, টোকাৰী, পেঁপা, গগণা, কালী, নেগেৰা, আদিৰ ব্যৱহাৰ
লুইত পৰীয়া সমাজত সংস্কৃতিয়ে ভেটি পতাৰ দিনৰ পৰাই আছিল। সেয়ে অসমৰ সমাজৰ
সংস্কৃতিৰ ভেটি থকালৈ, লোকসংস্কৃতি, লোকসংগীত তথা লোকবাদ্য জীয়াই থকালৈ মগাই ওজাও
জীয়াই থাকিব অসমীয়াৰ বুকুত।
পেটৰ তাড়নাত পৰি ল'ৰা মঘায়ে কিছুদিন চেনিজান নামৰ এখন চাহ বাগিচাত কাম
কৰিছিল; কিন্তু সেই কামত তেওঁৰ মন নবহাৰ বাবে তেওঁ ঘৰলৈ উভতি
আহিল। বাল্যকালৰ পৰাই সুকুমাৰ কলা, বিশেষকৈ গীতবাদ্যৰ প্ৰতি
মঘাইৰ অপৰিসীম অনুৰাগ আছিল। সেই কাৰণে তেওঁ বাগিচাৰ চাকৰি এৰি ওচৰৰে ডিম্বেশ্বৰ
গগৈ নামে এজন বয়োবৃদ্ধ ওজাৰ ওচৰত ঢোল বাদ্যৰ শিক্ষা লয়। এয়া ইং ১৯৩১ চনৰ কথা।
ঢোল বিদ্যাত তেওঁ এনে গভীৰভাৱে মনোনিবেশ কৰিছিল যে অলপ দিনৰ ভিতৰতে ঢোল বাজনাৰ
আটাইবোৰ গত আৰু ছেও আয়ত্ত কৰি পেলালে। লাহে লাহে তেওঁৰ ঢোল-বাদ্য প্ৰদৰ্শনৰ
খ্যাতি অসমৰ বিভিন্ন অঞ্চললৈ বিয়পি পৰিল। তেওঁ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়
সভা-সমিতিত অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। চেগা-চোৰোকাকৈ শুনিবলৈ পাইছিলো, মঘাই ওজাকে
ধৰি আনকেইগৰাকীমান শিল্পী তথা কলা-কুশলীয়ে হেনো এবাৰ অনুষ্ঠান কৰি মাননি পোৱা নাছিল
আৰু টকাৰ অভাৱত তেওঁলোকে মুকলি ৰভাৰ চলতে ৰাতিতো কটাব লগীয়া হ’ল। সেয়া লক্ষ্য কৰিবলৈ পাইছিল শ্ৰদ্ধাৰ ভূপেন
হাজৰিকা দেৱে। আৰু সেই ঘটনাৰ পিছতে তেওঁ জনপ্ৰিয় গীত এটি লিখিছিল,
“তুমি বিয়াৰ নিশাৰ শয়ন পাটিৰ
এপাহি ৰজনীগন্ধা,
তোমাৰ মূল্য
এনিশাৰ
পিছৰ দিনা সুৰূয
উঠাৰ পিছৰ বাহি শয্যাত
তুমি মূল্য
বিহীন ভাৰ”
তেওঁ ঢোলৰ ৰাগ-সুৰ, গীত-মাত নিজেই ৰচনা কৰিছিল। লোকবাদ্যসমূহে তেওঁক
বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। তেওঁ নিজৰ শিল্পী জীৱনৰ বিষয়ে লিখিছেঃ
"ষোল্ল বছৰৰ পৰাই মই শিল্পী জীৱনলৈ মন মেলিলোঁ।
মোক কোনেও তাত বাধা দিয়া নাছিল। প্ৰথমতে মোক তেজপুৰলৈ নিমন্ত্ৰণ কৰে। তাৰ ওচৰতে
গকুল বৰুৱা বুলি এজন চাহ খেতিয়কে মোক অনুপ্ৰেৰণা দিয়ে আৰু তেখেতেই মোক তেজপুৰলৈ লৈ যায়। তাত শ্ৰদ্ধাৰ হেমাংগ বিশ্বাসে মোক লগ ধৰি কথা-বাৰ্তা পাতে
আৰু সহায় সহানুভূতি আগবঢ়াই মোক ৰাইজৰ চকুৰ আগত ওলাবলৈ উদগনি দিয়ে।"
মঘাই
ওজাৰ পালি বা সহযোগী ওজা আছিল ন-ৰাম ওজা। মঘাই ওজাই ঢোলৰ চাপৰতে নিজৰ পৰিচয় দিছিল
এইদৰে-
“কান্ধত
লৈছো ঢোলৰ বোজা,
মোকে
কয় মঘাই ওজা,
ৰাম
কালি হাৰ কালি কালি কালি,
মই
হৈছো কছাৰী ওজাৰ পালি।”
দৰিদ্ৰতাৰ সৈতে যুঁজিও ওজাই পেটত পানী-গামোছা বান্ধি আজীৱন ঢোলৰ সাধনা
কৰি ঢুলীয়া ওজা কৃষ্টিক বহু ওপৰলৈ তুলিলে। তেখেতে কেৱল মাৰি দালেৰেই ঢোল বজোৱা
নাছিল, শৰীৰৰ প্রায় সকলো অঙ্গ-প্রত্যঙ্গৰে ঢোল বজাইছিল। হাতেৰে, ভৰিৰে, কিলাকুটিৰে, আঁঠুৰে,
মুৰেৰে, কপালেৰে, থুতৰিৰে,
গালেৰে, ভৰিৰ গোৰোহাৰে ঢোল বজাই, মালিতা গাই হাজাৰ হাজাৰ দৰ্শকক মোহিত কৰিছিল। সকলোৰে লগত মঘায়ে নিতৌ নতুন নতুন সৃষ্টিৰ তাড়নাত
ঢোলৰ সাধনা চলাই গৈছিল, যিয়ে ঢোল বাদ্যক অসমীয়া সংস্কৃতিক
মহিয়ান ৰূপত প্রতিষ্ঠা কৰি তুলিলে।
“ঢোলৰ
বাবে তিনিটি আঙুলি
মাজৰে আঙুলি লৰে,
কালিৰে পৰা ভাতে নাইকিয়া
কাচুটি সুলকি পৰে।”
এৰা, এনে এজন লোকসংস্কৃতিৰ গুৰি ধৰোতা
মঘাই ওজা, কিন্তু দৰিদ্ৰতাই তেখতৰ লগ কাহানিও নেৰিলে। আৰ্থিক অৱস্থাৰ সৈতে তুমুল স্ংঘৰ্ষ কৰি ডাঙৰ-দীঘল হোৱা তেনেই সাধাৰণ লোক অথচ
অসাধাৰণ শিল্পী আছিল মঘাই ওজা। ভাৰতৰ আগশাৰীৰ শিল্পীসকলৰ সান্নিধ্য
পাই মঘাই ওজাই অসমীয়া, হিন্দী কেইবাখনো কথা ছবিত ঢোল বাদ্য পৰিৱেশন কৰাৰ
সুযোগো লাভ কৰিছিল। হিন্দীৰ ‘তৃষ্ণা’, বঙলাৰ
‘মাহুত বন্দুৰে’, অসমীয়াৰ ‘পিয়লি ফুকন’, ‘ৰঙা পুলিচ’, ‘প্রতিধ্বনি’
আদি কথা ছবিত মঘাইৰ ঢোলৰ চেও চাপৰ সন্নিবিষ্ট হৈছে। তদুপৰি ওজাৰ
জনপ্রিয় সৃষ্টি ‘খৰা শিয়ালৰ বিয়া’, ‘ভাৰতৰ
স্বাধীনতা’, ‘মেঘে গজা’, ‘বৰষুণ অনা’,
‘ৰেল গাড়ী চলা’ আদি গ্রামোফ’ন ৰেকৰ্ড কৰা হৈছিল। মঘাই ওজাই অকল অসমতেই নহয় ভাৰতবৰ্ষৰ ইমুৰৰ পৰা
সিমুৰলৈ, ৰাছিয়া, চীন, প্রভৃতি বিশ্বৰ অনেক প্রান্তত অসমৰ এই লোক বাদ্য প্রদৰ্শন কৰি ভূয়সী
প্রশংসা বুটলিবলৈ সক্ষম হৈছিল।
১৯৫৫ চনত মঘাই ওজা গণ নাট্য সংঘৰ
উপ-সভাপতি নিৰ্বাচিত হোৱাৰ লগে লগে মঘাই ওজাৰ লগতে অসমৰ ঢুলীয়া কৃষ্টিলৈ যি
সৰ্বভাৰতীয় স্বীকৃতি আহিল সেইয়া অসমীয়াৰ কাৰণে অনাকাংক্ষিত সৌভাগ্য আছিল। অসম চৰকাৰে ২০০৩ চনত “মঘাই ওজা বঁটা” ঘোষণা কৰে যদিও ই পিছলৈ কাৰ্যকৰী
হোৱা নাছিল। ২০০৯ চনত জয়ন্ত মাধৱ দত্তই "গণশিল্পী মঘাই ওজা" নামৰ এখন
তথ্যচিত্ৰ নিৰ্মাণ কৰে। ২০১১ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কলা-সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ ব্যক্তিক "গণশিল্পী মঘাই ওজা
বঁটা" প্ৰদান কৰাৰ কথা ঘোষণা কৰে। প্ৰথম বৰ্ষত এই বঁটা লাভ কৰে নন্দী
শইকীয়াই। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হাতীগড়ত "মঘাই ওজা
স্মৃতি সৌধ" নিৰ্মাণ কৰে। পিছলৈ হাতীগড়ত এখন "মঘাই ওজা সাংস্কৃতিক
ক্ষেত্ৰ"ৰো নিৰ্মাণ কৰা হয়।
কেন্সাৰ ৰোগত আক্রান্ত হৈ থকা ওজাই ডিব্রুগড় মেডিকেল কলেজত নিজৰ চিকিৎসা কৰাই আছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবে উন্নত চিকিৎসা কৰিব পৰা নাছিল। ওজাই আশা কৰিছিল চৰকাৰে তেঁওৰ দৰিদ্র পৰিয়ালটোৰ বাবে আৰ্থিক সাহায্য দিব, কিন্তু চৰকাৰৰ সাংস্কৃতিক বিভাগে এনে কথা ভবাৰ কোনো প্রমাণ পোৱা ন’গল। সেয়ে জীৱনৰ অন্তিম পৰ্য্যায়ত ৰোগীয়া দেহাৰে শিল্পী হেমাংগ বিশ্বাসলৈ লিখিছিল: “ মই ইয়াকেই ক’লো যে মানুহ মৰাৰ পিছত একোৱেই নাই।” জিয়াই থাকোতে তেওঁ প্ৰাপ্য খিনি নাপালে কিন্তু মৃত্যুৰ পিছত বহুতে সোঁৱৰিলে। অৱশেষত, মেলেঙস্থিত নিজা বাসগৃহত ১৯৭৮ চনৰ ১৫ মাৰ্চত মঘাই ওজাই মৃত্যুবৰণ কৰে। অসমৰ ঘাই লোক বাদ্য ঢোল বজাই অসমীৰ নাম উজ্জল কৰিলে গণশিল্পী মঘাই বৰুৱা ওজায়ে। এইজনা শিল্পীয়ে মৃত্যুৰ আগমুহুৰ্তলৈকে ঢোলত চাপৰ দি লুইত পৰীয়া সন্তান হিচাপে নিজৰ অস্তিত্ব ৰক্ষা কৰি গ’ল।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments