পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী (মুখাশিল্পী)
সত্ৰীয়া সংস্কৃতিৰে চহকী মাজুলীৰ মুখা শিল্প এতিয়া বিশ্ব সমাদৃত।মাজুলীৰ সত্ৰসমূহৰ ভিতৰত বিশেষকৈ শ্ৰী শ্ৰী চামগুৰি সত্ৰই মুখা শিল্পৰ জনপ্ৰিয়কৰণত বিশেষ ভূমিকা গ্ৰহণ কৰিছে। মহাপুৰুষ শ্ৰীমন্তশঙ্কৰ দেৱৰ অংকীয়া ভাঁওনা সমূহত থকা বিভিন্ন চৰিত্ৰৰ মুখমণ্ডলৰ হুবহু গঢ় দিৱলৈ শিল্পীয়ে সুদক্ষ হাতেৰে মূখা সমূহ গঢ়ি তোলে।পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। শ্ৰীমন্ত শংকৰদেৱে মাজুলীৰ চামগুৰি সত্ৰত প্ৰথমতে ভাওনা পৰিবেশনৰ বাবে মুখা শিল্পৰ প্ৰবৰ্তন কৰিছিল।গুৰুজনাই ৰচনা কৰা প্ৰথমখন নাট ‘চিহ্ন যাত্ৰা‘ত প্ৰথমবাৰৰ বাবে গৰুড় পক্ষী, চতুড়ানন ব্ৰহ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা হুবহু ৰূপত সাজি তাত তুলিকাৰে অংকিত কৰি সৰ্ম্পূন ৰূপ ফুটাই তোলা হয়।গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ অংশ মুখা শিল্পক বিশ্বমুখী কৰাত নিজকে উৎসৰ্গা কৰিছে চামগুৰি সত্ৰৰ মুখাশিল্পী হেমচন্দ্ৰ গোস্বমীয়ে।
হেমচন্দ্ৰ গোস্বামী হৈছে অসমৰ এগৰাকী মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী। অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত হেমচন্দ্ৰ গোস্বামীৰ অৱদান অপৰিসীম। ২০২৩বৰ্ষত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে।
হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা নিৰ্মিত মুখাসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত হৈ আছে-
১৯৯৯ চনত "Indira Gandhi National Center for Arts New Delhi"ৰ সংগ্ৰহাল়য়ত ৯ফুট ওখ ৰাৱণৰ মুখা।
দিল্লীৰ "Assam Associationত ৮ফুট ওখ ৰাৱণৰ বৰ মুখা।
পশ্চিম বংগৰ শান্তি নিকেতনত অৱস্থিত "ৰবীন্দ্ৰ নাথ ঠাকুৰ" সংগ্ৰহালয়ত ৰাৱণ আৰু নৰসিংহৰ মুখা।
গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱে কলাক্ষেত্ৰ সমাজ (পাঞ্জাবাৰী)ত ৰাৱণৰ বৰ মুখা, তাৰকা, মাৰিশ, সুবাহুৰ লোটোকৰী মুখাৰ মূৰ অংশ লগতে দশৱতাৰৰ কাঠৰ মূৰ্ত্তি, ঠগা, কাঠৰ মুখা আদি সংৰক্ষিত।
তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগ্ৰহালয়ত ৰাৱণৰ বৰ মুখা সংৰক্ষিত হৈ আছে।
লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত গৰুড়, পুতনা, চক্ৰবাত, বকাসুৰ আৰু কালীয় নাগ মুখা সংৰক্ষিত হৈ আছে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৃ-তত্ত্ব বিভাগৰ সংগ্ৰহালয়ত ৰাৱণ, কুম্ভকৰ্ণ, নৰসিংহ, মাৰিশ, সুবাহু আদি মুখা সংৰক্ষিত হৈ আছে।
এইসমূহৰ উপৰিও গোস্বামীদেৱে মাজুলীৰ সমগ্ৰ সত্ৰসমূহ, নামঘৰসমূহ, অসমৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহৰ কাঠ আৰু চিমেণ্টৰ সিংহাসন, গৰুড়াসন, ময়ূৰাসন, বিভিন্ন ধৰণৰ তোৰণ নিৰ্মাণ কৰিছে। গড়মূৰ সত্ৰৰ প্ৰৱেশদ্বাৰৰ নামসিংহযুক্ত দুখন বৃহৎ আকাৰৰ তোৰণ আৰু মাজুলীৰ পীতাম্বৰ দেৱ গোস্বামী উদ্যানৰ ভাস্কৰ্যসমূহ এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য।
চামগুৰি সত্ৰ ৰাৱনাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰিকৰী আৰু বৃত্তিমুখি শাখাত শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰে। সাংস্কৃতিক পৰিৱেশত জন্ম লাভ কৰা হেমচন্দ্ৰ গোস্বামীয়ে সৰুৰে পৰাই শিল্প সাধনাত জড়িত হৈ পৰে। বিশেষকৈ অসমৰ মুখাশিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে।বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰাৰ উপৰিও তেখেতে নিজ গৃহতে বহুতো যুৱকক মুখাশিল্পৰ শিক্ষা প্ৰদান কৰি আহিছে। যাৰ জৰিয়তে শিল্প সাধনাৰ লগতে বহুতো পৰিয়াল আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments