22 February, Sat 2025
support@thecriticalscript.com
Blog image

ড৹ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান - TIMES 2025 WOMEN OF THE YEAR

21 Feb,2025 06:59 PM, by: Ankita Gogoi
1 minute read Total views: 45
0 Like 0.0

২০২৫ৰ আৰম্ভণিতে অসমৰ বাবে এক গৌৰৱৰ খবৰ। বিলুপ্তপ্ৰায় হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে বিশ্বজুৰি সমাদৃত ভাৰতীয় জীৱবিজ্ঞানী তথা অসম কন্যা ড৹ পূৰ্ণিমা দেৱী বৰ্মনক বিশেষ সন্মান আগবঢ়াইছে ‘টাইমছ’ আলোচনীয়ে। এই বছৰৰ ‘উইমেন অব দ্য ইয়েৰ’ সন্মান প্ৰদানৰ কৰিছে, যিয়ে তেওঁৰ প্ৰকৃতি সংৰক্ষণৰ প্ৰতি অঙ্গীকাৰক আৰু অধিক উদগনি যোগাইছে।

বৃহস্পতিবাৰে প্ৰকাশিত টাইমছ উইমেন অব দ্য ইয়েৰ ২০২৫ৰ তালিকাত অন্তৰ্ভুক্ত হোৱা ৪৫ বছৰীয়া ড৹ পূৰ্ণিমা দেৱী বৰ্মন হৈছে সেই তালিকাত স্থান লাভ কৰা একমাত্ৰ ভাৰতীয় মহিলা। টাইমছ আলোচনীৰ ২০২৫ চনৰ ২০ ফেব্ৰুৱাৰীত অসম সন্তান ড৹ পূৰ্ণিমা দেৱী বৰ্মন আৰু তেওঁৰ অৱদান সম্পৰ্কে এক বিশেষ প্ৰতিবেদন প্ৰকাশ কৰা হৈছে, য'ত হাড়গিলাৰ সংৰক্ষণ আৰু পৰিবেশ তন্ত্ৰত ইয়াৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত তেওঁৰ ভূমিকাৰ কথা কোৱা হৈছে।

ড৹ পূৰ্ণিমা দেৱী বৰ্মনে কেৱল অসমতে নহয়, বিশ্বজুৰি হাড়গিলা সংৰক্ষণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। ফলস্বৰূপে, বৰ্তমান অসমত বহু অঞ্চলৰ ৰাইজ হাড়গিলা সংৰক্ষণৰ প্ৰতি সজাগ হৈছে। বিশেষজ্ঞসকলৰ মতে, অসমত হাড়গিলাৰ সংখ্যা আগতকৈ বৃদ্ধি পাইছে। সংৰক্ষণৰ এই প্ৰচেষ্টাত ড৹ পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত "হাড়গিলা আৰ্মী" নামৰ সংস্থাটো বিশেষ ভূমিকা পালন কৰি আহিছে, য'ত প্ৰায় ২০,০০০ মহিলা সদস্য আছে।


এক আলোচনীৰ মতে, ড৹ পূৰ্ণিমা দেৱী বৰ্মনে উল্লেখ কৰিছে যে "হাড়গিলা আৰ্মী" অবিহনে এই সফলতা সম্ভৱ নোহোৱিলেহেঁতেন। এই সংগঠনটোৰ সদস্যসকলে হাড়গিলাৰ বাহবোৰ সুৰক্ষিত কৰাৰ উপৰি, আন মানুহকো এই প্ৰায় ৫ ফুট ওখ, বিশেষ বৈশিষ্ট্য থকা পক্ষীৰ সৌন্দৰ্য আৰু গুৰুত্ব সম্পৰ্কে সজাগ কৰি তুলিছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.