মিচিংসকলৰ গুমৰাগ আৰু বিশ্ৰামমূলক নৃত্য
মিচিং ভাষাত নৃত্যক “পাকচং” বা “মাকচং” বোলে । মিচিং লোকসকলে কৰা মিচিং বিহুক “চ’মান” মানেৰেহে জনা যায় । নৃত্য, ধেমালি, আনন্দ আদিৰ মাজতে আবদ্ধ থাকে চ’মান বা আমি জনা মিচিং বিহু । পৰিবেশন ৰীতি আৰু পৰিবেশৰ ওপৰত ভিত্তি কৰি মিচিং বিহুক মুলত তিনিটা ভাগত ভগাব পাৰি আৰু সেয়া হ’ল ধৰ্মীয়, বিশ্ৰামমূলক আৰু কৃষি উংসৱমূলক ।তলত কৃষিভিত্তিক গুমৰাগ নৃত্য আৰু বিশ্ৰামমূলক নৃত্যৰ কিছু আলোচনা কৰা হৈছে।
মিচিংসকলৰ গুমৰাগ নৃত্য
গুমৰাগ আলি-ই-লিগাং উপলক্ষে আৰু মিছিং বিহুত এই নৃত্য পৰিবেশন কৰা হয়।গুমৰাগ নৃত্য
মিচিংসকলৰ প্ৰধান কৃষিনৃত্য। আলি আই লৃগাং উৎসৱত নচা নৃত্যক গুমৰাগ্-পাকচং বা
গুমৰাগ চঃমান বুলি কোৱা হয়। গুমৰাগ নৃত্যত ডেকা-গাভৰুৰ লগতে সমাজৰ সকলো লোকে
অংশগ্ৰহণ কৰে৷ বিশেষকৈ লৃগাঙৰ গুমৰাগ নৃত্যৰ বিভিন্ন অংগি-ভংগিত মাটি চহ কৰা, কঠিয়া তোলা, ভূঁই ৰোৱা, তাঁত বোৱা, ধান দোৱা, শস্য হালি-জালি থকা আদি বিভিন্ন
কাৰ্য্যৰ প্ৰকাশ ঘটে৷এই মুদ্ৰাক মিচিং ভাষাত দাকেঃ-কেঃনাক বুলি কোৱা হয়। শস্যৰ
বীজবোৰ গজালি মেলি লহপহকৈ বাঢ়ি বতাহত হালিজালি থকাৰ ৰূপত দুয়োখন হাত ওপৰলৈ তুলি
এবাৰ সোঁফালে আৰু এবাৰ বাওঁফালে কৰি নৃত্য কৰে। গুমৰাগ নৃত্যত ঢোল-তালৰ উপৰিও লীনং
আৰু মাৰাবাং নামৰ পুৰণিকলীয়া বাদ্য ব্যৱহাৰ কৰে।জাতীয় পোছাক পৰিধান কৰি গৃহস্থৰ
চোতালে চোতালে সন্মিলিতভাৱে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ নিয়মো মিচিং সমাজত আছে৷
প্ৰসংগক্ৰমে উল্লেখ কৰা ভাল হ’ব যে, আলি-আই-লৃগাঙৰ দৰে মিচিংসকলৰ
পঃৰাগ উৎসৱ বা নৰা-ছিগা বিহুতো গুমৰাগ নৃত্য পৰিৱেশন কৰা হয়৷ এই নৃত্যই মিচিংসকলৰ
কলা-কৃষ্টি আৰু পৰম্পৰাক অতি সক্ৰিয়ৰূপত জনমানসত উজ্বলাই আহিছে৷
বিশ্ৰামমূলক নৃত্য
মনোৰঞ্জনৰ বাবে আজৰিপৰত মিচিংসকলে কৰা নৃত্যই হ’ল বিশ্ৰামমূলক নৃত্য। তিনিটা বিষয়ৰ ওপৰত একাদিক্ৰমে এই নৃত্য কৰা হয়। সেয়া হৈছে প্ৰথমতে “ঐনিতম” গাই নচা, দ্বিতীয়তে কৃষ্টিমূলক আৰু তৃতীয়তে অসমীয়া ভাওনাৰ ভংগীমাৰে নচা “বাউনাং নাচ। অসমীয়া ভাওনাৰ পদচালন মুদ্ৰা আৰু অংগী-ভঙ্গীৰ আৰ্হিত নচাৰ বাবে সম্ভৱত ইয়াৰ নাম বাউনাং নাচ।কিছূ অঞ্চলত মিচিং গাভৰুৰ “আৰাম চ’মান” (কাঁহী নৃত্য) বেশেষভাবে চাবলগীয়া। ৬ ৰ পৰা ৮ গৰাকী নাচনীয়ে একেলগে আৰাম চ’মানৰ বাবে বজোৱা বিভিন্ন ঢোল-তাল তথা বাদ্যৰ চেৱে চেৱে ছন্দ মিলাই পৰিবেশন কৰা কাঁহী নাচ উল্লেখযোগ্য।বৈশিষ্ট্যপূৰ্ণ এই নৃত্য বা নাচসমুহৰ ভিতৰত উল্লেখ কৰিব পৰা নৃত্যটো হ’ল “আজুক তাপুং নাচ”। “তাপুং”ৰ অৰ্থ হ’ল বাঁহী। আজুক তাপুং মিচিং সকলৰ এটা পুৰণি লোকবাদ্য | লাওৰে নিৰ্মিত এই আজুক তাপুংৰ কেইবাটাও প্ৰকাৰ আছে – যেনে দাৰিকি তাপুং, তুম্ব তাপুং ইত্যাদি। আজুক তাপুং নৃত্যত বেলেগ কোনো বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা নহয় কেৱল আজুক তাপুং বজায়েই নৃত্য কৰা হয় যাৰ হৃদয় বিদাৰক সুৰে নৃত্যটিক দিয়ে এক সুকীয়া মাত্ৰা।আজুক তাপুংৰ উপৰিও ব্ৰক্ষ্মপুত্ৰৰ উত্তৰপাৰৰ কিছূ অঞ্চলত সচৰাচৰ দেখা আন এটা নাচ হ’ল “লৈৰৈলি” নাচ। লৈৰৈলি নাচৰ বাবে গোৱা গীতবোৰত মিচিং লোকগীতৰ বৈশিষ্ট, কথা তথা সুৰ সন্নিবিষ্ট হৈ থাকে। বিভিন্ন ধৰণৰ তাপুং অৰ্থাত বাঁহীৰ প্ৰয়োগ এই নৃত্যৰ মন কৰিবলগীয়া দিশ। এই নৃত্যত নাচনীৰ শৰীৰৰ অংগ সঞ্চালন তথা পদচালন শৈলী মিচিংসকলৰ পুৰ্বপৰিচিতি তথা অৰুনাচল প্ৰদেশৰ “আবুটানি” জনগোষ্ঠীৰ পাৰম্পৰিক লোকনৃত্যৰ সৈতে প্ৰায় একে আৰু ই মিচিংসকলৰ আন আন বিশ্ৰামমুলক নৃত্যৰ সৈতে নিমিলে। বিশ্ৰামমূলক নৃত্যসমূহৰ আন এক বৈশিষ্ট্ হ’ল এয়ে যে এই নৃত্যসমূহ সাধাৰণতে আবেলিৰ পৰা গধুলিৰ ভিতৰতহে কৰা হয়।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments