08 September, Sun 2024
support@thecriticalscript.com
Blog image

হাইস্কুল‌ শিক্ষান্ত পৰীক্ষাৰ(HSLC) ফলাফল ২০২৪: ১৯৯২ চনৰ পিছত দ্বিতীয় সৰ্বোচ্চ উত্তীৰ্ণ শতকৰা হাৰ

20 Apr,2024 03:05 PM, by: Ankita Gogoi
1 minute read Total views: 261
0 Like 0.0

আজি, ২০ এপ্ৰিলত মাধ্যমিক শিক্ষা ব’ৰ্ডে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) মুঠ উত্তীৰ্ণৰ হাৰ ৭৫.৭০% ঘোষণা কৰে, যিটো ১৯৯২ চনৰ পিছত দ্বিতীয় সৰ্বাধিক।

২০২৩ চনৰ HSLC পৰীক্ষাৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ শতকৰা হাৰ ৩% বৃদ্ধি পাইছে তেতিয়া উত্তীৰ্ণৰ শতকৰা হাৰ আছিল ৭২.৬৩%।

২০২১ চনত এতিয়ালৈকে সৰ্বাধিক উত্তীৰ্ণৰ হাৰ ৯৩.১০%।কিন্তু ২০২১ চনত ক’ভিড-১৯ মহামাৰীৰ বাবে শাৰীৰিক পৰীক্ষা সম্পন্ন নহ’ল আৰু পূৰ্বৰ প্ৰদৰ্শনৰ ভিত্তিত ফলাফল ঘোষণা কৰা হ’ল।

ছেবাই প্ৰদান কৰা তথ্য অনুসৰি যোৱা ৩১ বছৰত সৰ্বনিম্ন উত্তীৰ্ণৰ শতকৰা হাৰ ১৯৯২ চনত ৰেকৰ্ড কৰা হৈছিল, য’ত এই পৰীক্ষাত অৱতীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ মাত্ৰ ২৯%হে উত্তীৰ্ণ হৈছিল।

২০২৪ চনৰ এইচ এছ এল চি পৰীক্ষাৰ ফলাফল:

এইবাৰ ৰাজ্যৰ এইচ এছ এল চি পৰীক্ষাত মুঠ ৪,১৯,০৭৮ গৰাকী (পুৰুষ - ১,৮৭,৯০৪, মহিলা  ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল।

মুঠ ১,০৫,৮৭৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১,৫০,৭৪৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৬০,৬২৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় বিভাগ লাভ কৰে।

২০২৪ চনৰ HSLC পৰীক্ষাত মুঠ ৬,৩৯২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিষ্টিংচন নম্বৰ (৫১০ আৰু তাৰ ওপৰৰ) আৰু ২০,৫৫২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ (৪৫০ আৰু তাৰ ওপৰৰ) লাভ কৰে।

২০২৪ চনৰ পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ ৭৫.৭০% (পুৰুষ - ৭৭.৩%, মহিলা - ৭৪.৪%। ২০২৩ চনৰ পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ আছিল ৭২.৬৯%।

চিৰাঙে ৯১.২% উত্তীৰ্ণৰ শতকৰা হাৰেৰে প্ৰথম স্থান দখল কৰাৰ বিপৰীতে নলবাৰীত ৮৮.১% আৰু বাকছা ৮৬.৯% উত্তীৰ্ণৰ শতকৰা হাৰত স্থান লাভ কৰাৰ বিপৰীতে উদালগুৰিত সৰ্বনিম্ন উত্তীৰ্ণৰ শতকৰা হাৰ ৬০.৯%।

কামৰূপ (মেট্ৰ’)ৰ এইবাৰ উত্তীৰ্ণৰ হাৰ ৮৪.২%।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.