27 September, Sun 2026
support@thecriticalscript.com
India Flag INDIA ASIAN GAMES MEDAL MONITOR  ·  India: 🥇 0 | 🥈 0 | 🥉 0 | Total: 0
Blog image

অসমৰ গৌৰৱময় শিল্পকলা জাপি

16 Aug,2025 04:04 PM, by: Super Admin
1 minute read Total views: 849
0 Like 0.0

সুজলা- সুফলা আই অসমী জাতি- উপজাতিৰ মিলনভূমি। ইতিহাসৰ বিভিন্ন স্তৰত এই ৰম্যভূমিৰ সুৰম্য প্ৰকৃতিৰ প্ৰতি আকৃষ্ট হৈ বিভিন্ন যুগত বিভিন্ন ঠাইৰ মানুহ অসমলৈ আহিছে। অসমৰ ভৌতিক কলা, স্থাপত্য -ভাস্কৰ্য্য, চাৰু আৰু কাৰু কলা, পৰিৱেশ্য আদি অসমীয়া সংস্কৃতিৰ অৱদান। ঠিক সেইদৰে মৃন্ময় শিল্প,  বস্ত্ৰ শিল্প, কাহ - পিতলৰ শিল্প, বাঁহ- বেতৰ শিল্প, কাঠ আৰু কুঁহিয়াৰ শিল্প আদিয়ে অসমীয়া সংস্কৃতিৰ বৰঘৰ শুৱনি কৰি ৰাখিছে। এই সকলোবোৰৰ সমহাৰত অসমীয়া সংস্কৃতিয়ে এক বৰ্ণাঢ্য আৰু বিশিষ্ট ৰূপ লাভ কৰিছে। 

লোককলাৰ অন্তৰ্গত লোকশিল্পসমূহে ব্যক্তিৰ প্ৰত্যাহিক জীৱনৰ অভাৱ- অভিযোগ পূৰণ কৰাৰ লগতে পৰম্পৰাগতভাৱে ব্যৱহৃত এই লোকশিল্পসমূহে নান্দনিক সৌন্দৰ্য্যও দান কৰে।অসমৰ লোকজীৱন বাঁহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। বাঁহেৰে নিৰ্মিত পাচি, খৰাহী, দূলি, ঢাৰি, মূঢ়া, খেতি কৰা সঁজুলি, বাঁহৰ বিচনী, ফণি, ডলা, কুলা, দোণ, তুলা,চালনী, জপা, তাঁতশালৰ সঁজুলি, ফুলদানী, হেতা, কুমলীয়া বাঁহৰ খৰিচা, খাদ্যবস্তু সংৰক্ষণৰ বাবে বাঁহৰ চুঙা, জনজাতীয় মানুহে ব্যৱহাৰ কৰা হোলা আদি আদিয়ে ব্যৱহাৰিক জীৱনত মানুহৰ অভাৱ অভিযোগ পূৰণ কৰে। 

অসমৰ লোককলাৰ অন্যতম ধাৰক আৰু বাহক হৈছে বাঁহেৰে নিৰ্মিত জাপি। জাপি হৈছে অসমৰ স্বাভিমান, সংস্কৃতি আৰু জাতীয় অৰ্থনীতিৰ সন্মানীয় প্ৰতীক। জাপিৰ প্ৰচলন প্ৰথম চীন দেশত হৈছিল, তাৰপৰাই দক্ষিণ পূব এছিয়া হৈ অসমত ইয়াৰ প্ৰচলন হয়। অসমত জাপিৰ প্ৰচলন কেতিয়া হৈছিল সঠিককৈ ক'ব পৰা নাযায় যদিও যুগে যুগে প্ৰচলিত হৈ অহা, বিহুগীত, নিচুকনি গীত, ফকৰা- যোজনা, প্ৰবচন আদিয়ে জাপি শিল্পৰ প্ৰাচীনত্বৰ নিদৰ্শন দাঙি ধৰে। 

 

চোৰ গ'লে বুদ্ধি 

বৰষুণ গ'লে জাপি

 

বাঁহ সংস্কৃতি মংগোলীয় সংস্কৃতিৰ অৱদান, গতিকে জাপি শিল্পৰ প্ৰচলনৰ ক্ষেত্ৰতো মংগোলীয় সকলৰ অৱদান আছে। জাপিৰ প্ৰচলন হোৱাৰ সময়ত জাপিটো লাটুমৰ দৰে জোঙা আছিল, বৰ্তমান জাপি পদুম ফুলৰ দৰে ঘূৰণীয়া। জাপি সাজিবলৈ বাঁহ গছ আৰু তকৌ পাত ব্যৱহাৰ কৰা হয়। জাপি প্ৰস্তুত বাবে কেঁচা বাঁহবোৰ এটা নিৰ্দিষ্ট জোখত কাটি টুকুৰা কৰি লৈ তাৰ পৰা সৰু সৰু থাটি চাঁচি সাঁচাৰ ওপৰত থৈ চালনীৰ দৰে ঘন ঘনকৈ বৈ ৰ'দত শুকুৱাই লোৱা হয়। ইয়াৰ পিছত শুকান টকৌ গছৰ পাত সুন্দৰকৈ জাই দুই থলপ লগ লগাই সৰু সৰু সূতাৰ মাজে মাজে গাঁথি দি মুখবোৰ থাংৰাৰ ওপৰত ৰাখি সমানকৈ কাটি জাপি তৈয়াৰ কৰা হয়। এয়া হৈছে জাপি নিৰ্মাণৰ পৰম্পৰাগত পদ্ধতি। বৰ্তমান সময়ৰ লগে লগে মানুহৰ ৰুচি অভীৰুচিৰ পৰিৱৰ্তন হৈছে। বৰ্তমান জাপিয়ে মানুহক প্ৰাত্যাহিক জীৱনৰ অভাৱ অভিযোগ পূৰণ কৰাৰ বিপৰীতে জাপিক নান্দনিক সৌন্দৰ্য্য প্ৰদান কৰিবৰ বাবেহে ব্যৱহাৰ কৰা হয়। গতিকে বৰ্তমান জাপি নিৰ্মাণ কৰিবলৈ বাঁহ গছ আৰু টকৌ পাতৰ উপৰিও আঠা, চুমকি, লেছ, সূতা আদি ব্যৱহাৰ কৰা হয়। 

ৰূপসজ্জা, গঠন আৰু ব্যৱহাৰিক দিশৰ পৰা জাপিৰ সুকীয়া সুকীয়া নাম আছে ; গৰখীয়া জাপি, পানী জাপি, বনুৱা জাপি, হালোৱা জাপি, উকা জাপি , ফুলাম জাপি, পদুমীয়া জাপি , সৰুদৈয়া জাপি, বৰদৈয়া জাপি ইত্যাদি।   

আহোম যুগত ৰজা আৰু ডা- ডাঙৰীয়াসকলে আভিজাত্যৰ চিনস্বৰূপে আৰু সাজসজ্জাৰূপে পদবী অনুসৰি বাঁহেৰে নিৰ্মিত গুণাত সূতাৰে বুটা বাচি নিৰ্মাণ কৰা জাপি ব্যৱহাৰ কৰিছিল। এই জাপি বিধৰ নাম আছিল বৰ জাপি। উকা জাপি হালোৱা আৰু বনোৱাসকলে কৰ্মত নিয়োজিত হৈ থাকোতে ৰ'দ- বৰষুণৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰে। উকা জাপিক হালোৱা জাপি বা পানী জাপি বুলিও কোৱা হয়। অসমীয়া জনজীৱনত জাপি পিন্ধি কঠিয়া সিঁচিলে কঠীয়াডৰা ৰ'দ- বৰষুণৰ পৰা পৰিত্ৰাণ পায় বুলি লোকবিশ্বাস আছে।  চাহ জনগোষ্ঠীৰ বনুৱাসকলে পিঠিৰ পিনে দীঘল এক বিশেষ ধৰণৰ জাপি ব্যৱহাৰ কৰে। এই জাপিবিধৰ নাম বনুৱা জাপি। সময় পৰিৱৰ্তনশীল, সময়ৰ বিৱৰ্তনত পৰিৱৰ্তন হয় সংস্কৃতিৰো। বৰ্তমান অত্যাধুনিক সামগ্ৰীৰ ব্যৱহাৰত জাপিৰ প্ৰচলন কমি গৈছে কিন্তু এতিয়াও ঘৰ শুৱনি কৰিবলৈ আৰু ৰংগমঞ্চত মান্যজনক সন্মান জনাবলৈ ফুলাম জাপি ব্যৱহাৰ কৰে। আনহাতে বিহু নাচৰ সময়ত নাচনীয়ে সৰুদৈয়া জাপি ব্যৱহাৰ কৰে। বিহুগীতত জাপিৰ বিষয়ে উল্লেখ আছে এনেদৰে- 


মইনো যাম বনিজলৈ   উজনিৰ ৰাজ্যলৈ 

তোমালৈনো আনিমে কি? 

তোমালৈনো আনিমে সৰুদৈয়া জাপিটি 

ৰূপত ৰূপে ঢোলা দি 


জাপি নিৰ্মাণত নলবাৰী জিলাৰ মোহকুছি অঞ্চলৰ লবালা, মোহকুছি, টিলানা, সূতাৰকুচি, টেলিছিয়া, হকৰ্দৈতোলা আদি গাঁওসমূহে অভিলেখ সৃষ্টি কৰিছে। এই গাঁও সমূহৰ প্ৰায় ৮০ % লোক জাপি শিল্পৰ লগত জড়িত হৈ আছে। আত্মসহায়ক গোটবোৰে জাপি নিৰ্মাণৰ প্ৰশিক্ষণ লয়। ঘৰৰ পুৰুষ- মহিলা, যুৱক- যুৱতী সকলোৱে  জাপি শিল্পৰ লগত জড়িত হৈ আছে। তেওঁলোকে ২০ জনমান নানুহ একেলগে লগ হৈ ৪০ ফুট ওখ জাপি বনাই এক অভিলেখ সৃষ্টি কৰিছে। তেওঁলোকৰ জাপি মুম্বাই আদি ঠাইলৈও ৰপ্তানি হয়। বাঁহ গছ আৰ টকৌ গছৰ পাতৰ উপৰিও তেওঁলোকে জাপি নিৰ্মাণ কৰিবলৈ আঠা, চুমকি, লেছ, সূতা আদি ব্যৱহাৰ কৰে। 

বৰ্তমান গোলকীকৰণ আৰু মুক্ত অৰ্থনৈতিক ব্যৱস্থাই বিশ্বৰ সকলো উৎপাদিত বস্তুৰ ওপৰত সহজলব্ধ হৈ পৰিছে। অনলাইন ব্যৱস্থাৰ জৰিয়তে বিশ্বৰ বজাৰখন হাতৰ মুঠিলৈ আহিছে। বৰ্তমান সামাজিক মাধ্যমৰ বহুল প্ৰচলন আৰম্ভ হৈছে। চৰকাৰেও কৰ্মত নিয়োজিত হ'ব বিচৰা যুৱক- যুৱতীক এম এছ এম ইয়াতৰ অধীনত কে ভি আই চি, ডি আই চি আদি এজেঞ্চিৰ  দ্বাৰা সহায়ৰ হাত আগবঢ়াই। গতিকে চৰকাৰী ধনখিনিৰ সৎ ব্যৱহাৰ কৰি , জাপি নিৰ্মাণৰ পৰম্পৰাগত পদ্ধতিৰ লগতে আধুনিক পদ্ধতিৰে বিশ্ব বজাৰখন হাতৰ মুঠিলৈ আনি সামাজিক মাধ্যমক যোগাত্মক দিশত ব্যৱহাৰ কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ উপৰি জাপি শিল্পটোক কেৱল শিল্প হিচাপে নাৰাখি এটি উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম আৰু ইয়াৰ দ্বাৰা জাপি শিল্পই বিশ্বৰ দৰবাৰত এক উচ্চ আসন লাভ কৰিব। 

 

কৰবী মহন্ত কলিতা 

দীপলাং, লহকৰপাৰা 


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.