08 September, Sun 2024
support@thecriticalscript.com
Blog image

'তৰা চিৰা' বিহুৰ কথা জানেনে?

08 May,2024 06:07 PM, by: Ankita Gogoi
1 minute read Total views: 355
1 Likes 0.0

অসমৰ অন্যতম জনগোষ্ঠী ঠেঙাল কছাৰী লোক সকলে চ’ত মাহৰ দ্বিতীয়টো বুধবাৰে পৰম্পৰাগতভাৱে পালন কৰি আহিছে তৰা চিৰা বিহু ৷ বিশেষকৈ গৰু বিহুৰ দিনা গৰু কেইটাক নপঘাৰে বান্ধিবৰ বাবেই এই প্ৰস্তুতি চলায়।

নৈ বা বিলৰ পাৰত তৰা চিৰাৰ আগত বিভিন্ন দোষৰ পৰা হাত সাৰিবলৈ প্রথমে তৰাগছ গজা জলাশয়ত পূৰ্বপুৰুষ বা ইষ্ট দেৱতাক স্মৰণ কৰে৷পৰম্পৰা অনুসৰি গাঁৱৰ মুখিয়াল তথা জ্যেষ্ঠসকলক লগত লৈ জনজাতীয় ৰাইজে পূৰ্বতে পাহাৰীয়া অঞ্চলসমূহৰ পৰা তৰা গছ আনিবলৈ যোৱাৰ লগতে আমৰলি পৰুৱাৰ টোপ, কেঁকুৰা, কুচীয়া, মাছ মৰা আদি পৰ্বৰ লগতে পাহাৰীয়া অঞ্চলসমূহত বনৰীয়া হাঁহ-কুকুৰা আদি চিকাৰ কৰিছিল। চ'ত মাহত আমৰলি টোপবোৰো পুৰঠ হয় সেই বাহবোৰো ভাঙি সংগ্রহ কৰি আনে।

তৰাগছৰ লগত এইবোৰ সংগ্রহ কবি আনি গাঁৱৰ মুখিয়ালৰ ঘৰলৈ আহে। তৰাগছ কাটি হ'লে তৰা বান্ধে। উল্লেখযোগ্য যে, প্রতিজনে সংগ্রহ কৰা তৰাগছৰ এমুঠা নিজৰ ঘৰৰ বাবে আৰু আনটো মুঠা ৰাইজৰ বাবে সংগ্রহ কৰে। 

নাচি বাগি উল্লাসৰ পিছতে সংগ্রহ কৰি অনা মাছ, কাছ, কুচিয়া, কেঁকোৰাৰ সৈতে ঠেঙ্গাল কছাৰীসকলে পৰম্পৰাগতভাৱে চাউলৰ পৰা প্রস্তুত কৰা জনজাতীয় পানীয় 'হেৰেকা'ই ৰাইজক আপ্যায়ন কৰা হয়। তৰা শুকালে পুনৰ লগ হৈ তৰাপঘা একেলগে বাটি ঘৰে ঘৰে বিতৰণ কৰে। মাজে মাজে তুলসী আৰু ভাঙৰ আগ ভৰায় দিয়ে। পঘাবোৰ গধূলি ঘৰে ঘৰে বিলাবলৈ যায়। ঘৰে ঘৰে পঘা বিলাবলৈ যাওঁতে বিহুনাম গাই তৰা চিৰা বিহু পালন কৰে। গৰু-ম'হক পিন্ধাবৰ বাবে তৰা পঘাবোৰ এখিলা কলপাতত গৃহস্থীক আগবঢ়াই দিয়ে। কৃষিজীৱী ঠেঙ্গালৰ আপোন তৰা চিৰা বিহু গৰু বিহুৰ দিনা সামৰণি পৰে।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.