03 April, Fri 2026
support@thecriticalscript.com
Blog image

মেঘালয়ৰ ৬০০ বছৰ পুৰণি নৰতিয়াং মন্দিৰ

02 Apr,2026 06:36 PM, by: Ankita Gogoi
1 minute read Total views: 60
0 Like 0.0

নৰতিয়াং মন্দিৰ, যি নিজৰ মাজতে এক ঐতিহাসিক আৰু ধৰ্মীয়। এই মন্দিৰ মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত অৱস্থিত। এই পাহাৰৰ আশে-পাশে থকা লোকসকলে এই পবিত্ৰ স্থানক দুৰ্গা মাৰ স্থায়ী বাসস্থান বুলি গণ্য কৰে।পৌৰাণিক কাহিনী মতে এই মন্দিৰটো দুৰ্গা মাৰ ৫১ খন শক্তিপীঠৰ ভিতৰত এই মন্দিৰ অন্যতম। কোৱা হয় যে যেতিয়া মা সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিল, তেতিয়া ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে তেওঁৰ দেহক কেইবাটাও অংশত ভাগ কৰিছিল আৰু এই সময়ছোৱাত মাতৃৰ বাওঁ উৰু জয়ন্তীয়া পাহাৰত পৰিছিল, তাৰ পিছত এই স্থান শক্তিপীঠ নামেৰে জনপ্ৰিয় হৈ পৰিল।

  ইতিহাস

নৰতিয়াং মন্দিৰক মা দুৰ্গা জয়ন্তেশ্বৰী বুলিও জনা যায়। প্ৰায় ৬০০ বছৰ আগতে এই মন্দিৰ স্থাপন কৰা হৈছিল বুলি কোৱা হয়। তেতিয়াৰ জয়ন্তীয়া ৰাজ্যৰ শাসক ৰজা ধন মাণিকৰ ৰাজত্বকালত এই স্থান তেওঁৰ গ্ৰীষ্মকালীন ৰাজধানী আছিল। এবাৰ ৰজাক দূৰ্গা মায়ে এটা সপোনত দেখা দিছিল তাৰ পিছত তেওঁক এই ঠাইৰ গুৰুত্ব আৰু পৌৰাণিক ইতিহাসৰ বিষয়ে জনাইছিল আৰু এই ঠাইত এটা মন্দিৰ নিৰ্মাণ কৰিব লাগে বুলি কৈছিল। মা দুৰ্গাৰ এই সপোনৰ পিছত ৰজাই এটা মন্দিৰ নিৰ্মাণ কৰিছিল আৰু সেই সময়ত এই মন্দিৰৰ নাম আছিল জয়ন্তেশ্বৰী মন্দিৰ। এই মন্দিৰত মাৰ লগতে কালভৈৰৱো আছে, যি কামদিশ্বৰ নামেৰে জনাজাত। এই মন্দিৰটো মেঘালয়ৰ হিন্দু সমাজৰ বাবে এক অতি পবিত্ৰ স্থান আৰু তেওঁলোকৰ বাবে এই মন্দিৰটোও তেওঁলোকৰ সংস্কৃতি, স্থানীয় পৰিচয় আৰু ৰীতি-নীতিৰ প্ৰতীক আৰু মাৰ স্থায়ী বাসস্থানো।

এই মন্দিৰৰ এটা বিশেষত্ব যে ইয়াত পালন কৰা দুৰ্গাপূজা আন প্ৰান্তত পালন কৰা উৎসৱৰ পৰা পৃথক। ইয়াত কিছু সুকীয়াকৈ দুৰ্গা পূজা পালন কৰা হয়। দুৰ্গা পূজাৰ সময়ত মন্দিৰত  থকা কলগছক ধুনীয়াকৈ সজাই তোলা হয় আৰু এই কলগছজোপাকে মা দুৰ্গাৰ ৰূপত পূজা কৰা হয়। ৪ দিনৰ বাবে এই মন্দিৰত দুৰ্গোৎসৱৰ আয়োজন কৰা হয়, তাৰ পিছত কলগছজোপা মেঘালয়ৰ ময়তাং নৈত বিসৰ্জন দিয়া হয়।

আজিও এই মন্দিৰত জয়ন্তীয়া ৰাজ্যৰ অস্ত্ৰ-শস্ত্ৰ সংৰক্ষিত হৈ আছে। ইয়াৰ লগতে দুৰ্গা পূজাৰ সময়ত এই মন্দিৰলৈ অহা ভক্তসকলে নৱৰাত্ৰী পূজাৰ লগতে ৰাজপুৰোহিত পৰম্পৰাও চাবলৈ পায়, যিয়ে এই মন্দিৰটোক আৰু অধিক বিশেষ কৰি তোলে। অষ্টমীৰ দিনা মন্দিৰত ছাগলী-হাঁহ বলি দিয়া হয়। বহু দশক আগতে এই মন্দিৰত আত্মত্যাগৰ পৰম্পৰাও আছিল, যিটো এতিয়া বন্ধ হৈ পৰিছে।আজি আমি এনে এটা মন্দিৰৰ কথা ক’ম যিটো নিজৰ মাজতে ঐতিহাসিক আৰু ধৰ্মীয়। এই মন্দিৰটো মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত অৱস্থিত, যিটো নৰতিয়াং মন্দিৰ নামেৰে জনাজাত। এই পাহাৰৰ আশে-পাশে থকা লোকসকলে এই পবিত্ৰ স্থানক দুৰ্গা মাৰ স্থায়ী বাসস্থান বুলি গণ্য কৰে। পৌৰাণিক কাহিনী মতে এই মন্দিৰটো দুৰ্গা মাৰ ৫১ খন শক্তিপীঠৰ ভিতৰত অন্যতম। কোৱা হয় যে যেতিয়া মা সতীয়ে নিজৰ দেহ ত্যাগ কৰিছিল, তেতিয়া ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰে তেওঁৰ দেহক কেইবাটাও অংশত ভাগ কৰিছিল আৰু এই সময়ছোৱাত মাতৃৰ বাওঁ উৰু জয়ন্তীয়া পাহাৰত পৰিছিল, তাৰ পিছত এই স্থান শক্তিপীঠ নামেৰে জনপ্ৰিয় হৈ পৰিল।


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.