মহামায়া ধামৰ বিষয়ে একলম
ধুবুৰী চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ পূবে আৰু বিলাসীপাৰা
চহৰৰ পৰা ১০ কিলোমিটাৰ পশ্চিমে অৱস্থিত বগৰীবাৰীৰ মহামায়া ধামক নামনি অসমৰ হিন্দু
তীৰ্থযাত্ৰীসকলৰ বাবে সৰ্বশ্ৰেষ্ঠ শক্তিপীঠ বুলি গণ্য কৰা হয়।হিন্দু ধৰ্মৰ এক
প্ৰাচীন মন্দিৰ মহালয়া দেৱী পাৰ্বতী, দুৰ্গা, কালি, কামাখ্যা আদি দেৱীৰে অন্য ৰূপ ।
আকৰ্ষণৰ ক্ষেত্ৰত এই মন্দিৰটো তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ বাবে গুৱাহাটীৰ কামাখ্যা
মন্দিৰৰ পিছতে দ্বিতীয় স্থানত আছে। মহামায়া ধাম কোনে কেতিয়া নিৰ্মাণ কৰাইছিল
তাৰ কোনো নিৰ্দিষ্ট তথ্য পোৱা নাযায়। বিশ্বাস কৰা হয় যে বিখ্যাত দেৱী মহামায়াক
পৰম্পৰাগতভাৱে পৰ্বতযোৰাৰ কছাৰী,
কোচ আৰু নাথ আদি স্থানীয় লোকসকলে আৰাধনা কৰিছিল। ইয়াৰ লগতে মহামায়া
পৰ্বতযোৰাৰ জমিদাৰৰ মুখ্য উপাস্য দেৱী আছিল। জনশ্ৰুতিমতে প্ৰায় ৫০০ বছৰ আগতে
বৰ্তমান বাংলাদেশৰ মৈমনসিঙৰ যদু চৌধুৰী নামৰ এগৰাকী বণিকে টিপকাই নদীৰ ঘাটত মা
মহালয়াৰ দৰ্শন লাভ কৰিছিল। তেখেতক মহামায়ায়ে দেখুওৱা সপোনৰ মৰ্মে বগৰীবাৰী, ৰূপ্সী আৰু ধুবুৰীৰ জমিনদাৰে এই
মন্দিৰ স্থাপন কৰিছিল। তেতিয়াৰ পৰা বংশানুক্ৰমিক পৰম্পৰা অনুসৰি নলবাৰীৰ ওচৰৰ
সোণকুৰীয়া গাঁৱৰ পুৰোহিত সকলে ইয়াত পূজা-অৰ্চনা কৰি আহিছে। বিশেষকৈ দুৰ্গা পূজাৰ সময়ত এই
মন্দিৰত ৪০০ বছৰ পুৰণি পশু বলিৰ পৰম্পৰা আছে। সাধাৰণতে ম’হ, ছাগলী,
কপৌ, হাঁহ
আদি শ শ জীৱ-জন্তু বা চৰাইক বলি দিয়া হয়। যিকোনো নতুন নিৰ্মাণৰ কাম বৃহৎ পৰিসৰত
বিশেষকৈ দলং নিৰ্মাণ কৰিলে জীৱ-জন্তু বলি দিয়া বুলি সদায় চৰ্চা চলি থাকে।
আজিকালি এই ঘৃণনীয় পৰম্পৰাৰ বিৰুদ্ধে মাত মাতিছে পশুপ্ৰেমীয়ে।
পুৰণি যুগত বিখ্যাত দেৱী মহামায়াক কছাৰী, কোচ আৰু নাথ লোকে পূজা কৰিছিল, যিগৰাকী পৰ্বতযোৰাৰ ভূস্বামীৰ দেৱতা। পিছৰ পৰ্যায়ত দেৱীয়ে ব্যাপক জনপ্ৰিয়তা লাভ কৰে। এতিয়া পশ্চিম
অসমৰ সকলো হিন্দুৱে মহামায়া দেৱীক পূজা কৰে। আন সকলো হিন্দু শক্তি পীঠৰ দৰে এই
মন্দিৰত বিশেষকৈ দুৰ্গা পূজাৰ সময়ত পশু বলি দিয়াৰ ৪০০ বছৰীয়া হিন্দু পৰম্পৰা
আছে। ম’হ, ছাগলী, কপৌ, হাঁহ আদি চৰাইক হত্যা কৰা হয়।
উল্লেখ্য় যে মহামায়া ধামত প্ৰতি বছৰে উলহ-মালহেৰে দুৰ্গা
পূজা অনুষ্ঠিত হয় । বিশেষকৈ দুৰ্গা পূজাত পশু-পক্ষী যেনে ম'হ, ছাগলী,
হাঁহ-পাৰ আদিৰ বলি দিয়া হয় । পৰম্পৰা অনুসৰি বৰবলিৰ প্ৰথম ভোগ বাঘ ভাণ্ডাৰত
বাঘৰ উদ্দেশ্যে আগবঢ়োৱা হয় । পূজাৰ সমান্তৰালকৈ ইয়াত এখন মেলা অনুষ্ঠিত হয় ।
জানুৱাৰী মাহত ইয়াত এখন শক্তি যজ্ঞ অনুষ্ঠিত হৈ আহিছে । প্ৰতি বছৰে চ'ত মাহৰ সংক্ৰান্তিৰ দিনা মহামায়া
মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments