বৈধতা আৰু পৰকীয় প্ৰেম
উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি এতিয়াৰ পৰা বিবাহ বৰ্হিভূত সম্পৰ্ক অপৰাধ হিচাপে গণ্য কৰা নহয়। অৰ্থাৎ এগৰাকী বিবাহিত মহিলাৰ সৈতে এজন পুৰুষৰ সম্পৰ্কক এতিয়াৰে পৰা অপৰাধৰূপে গণ্য কৰা নহয়। ১৫৮ বছৰীয়া আইনক উচ্চতম ন্যায়ালয়ে অসাংবিধানিক ঘোষণা কৰি ৪৯৭ ধাৰা বাতিল কৰে।
এই আইনত প্ৰেমাস্পদ পুৰুষজনক অপৰাধী বিবেচনা কৰি তেওঁক ৩ বছৰ পৰ্যন্ত কাৰাবাসৰ বিধান আছিল। কিন্তু, সেই আইনত মহিলা গৰাকীক দোষী সাব্যস্ত কৰাৰ বিধান নাছিল।
আইনখন বাতিল কৰিলেও এনে পৰকীয় প্ৰেমৰ আধাৰত স্বামীয়ে পত্নীৰ সৈতে বিবাহ বিবাহ-বিচ্ছেদ কৰিব পাৰিব। এই ধাৰা বাতিলৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মতদান কৰি কয় যে বিবাহৰ পৱিত্ৰতা কেনেকৈ ৰক্ষা হ’ব যেতিয়া একে অপৰাধৰ বাবে প্ৰেমাস্পদ পুৰুষজনক শাস্তি দি এনে সম্পৰ্কত সন্মতি দিয়া স্বামীজনক নিৰ্দোষী আখ্যা দিয়া হয়?
নেতিবাচক দিশৰ পৰা উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক বিশ্লেষণ কৰিলে ক’ব পৰা যায় যে এই সিদ্ধান্তই ভাৰতীয় সংস্কৃতিত এক নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত যেন ভাৰতীয় সমাজ-ব্যৱস্থাত শালীনতাবোধৰ অভাৱ ঘটিব পাৰে। এনেকুৱা ধৰণৰ নেতিবাচক উদাৰীকৰণে সমাজত পশ্চিমীয়া সংস্কৃতিৰ কু-প্ৰভাৱ আৰু অধিক কৰিব পাৰে। এই আইনৰ সপক্ষে কেন্দ্ৰয়ো যুক্তি প্ৰদৰ্শন কৰিছিল যে সামাজিক অপৰাধীক শাস্তি প্ৰদান কৰি বিবাহৰ পৱিত্ৰতা ৰক্ষা কৰিবলৈ এই আইন গুৰুত্বপূৰ্ণ।
মানুহৰ প্ৰত্যেকটো সম্পৰ্ক বিশ্বাসৰ বান্ধোনেৰে মেৰিয়াই থাকে। এই ৰায়দানে যেন বিশ্বাসৰ জৰীডাল ছিঙি দিলে। পতি-পত্নীৰ মাজত থকা সন্মানৰ দ্বাৰাহে এটা সম্পৰ্ক সুন্দৰ হৈ থাকে। কিন্তু, এই ধাৰা বাতিলে দুইজনৰ মাজত থকা সন্মান হ্ৰাস কৰিব যেন অনুভৱ হয়।
কিন্তু, ইতিবাচকফালৰ পৰা যদি এই বিষয়টোক আলোকপাত কৰো তেন্তে দেখা যায় যে কোনোধৰণৰ অসৎ কাৰ্যত কোনো নাৰীৰ সৈতে পুৰুষ লিপ্ত হ’লে পুৰুষজনক দোষাৰোপ কৰি শাস্তি দিয়াৰ বিধান আছিল। কিন্তু, উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ পিছতে কোনো বিবাহিত নাৰী-পুৰুষৰ সন্মতিত আন পুৰুষ-মহিলাৰ সৈতে কোনো সম্পৰ্ক হ’লে সেয়া বৈধ হ’ব। অৰ্থাৎ কোনো দোষী সাব্যস্ত নহ’ব। বহু নিৰ্দোষী পুৰুষে যিদৰে অপবাদত ভুগিছিল সেইদৰে বহু নাৰীয়েও অধিকাৰ হেৰুৱাইছিল। প্ৰকৃততে, আইন-কানুনবোৰ এক সুস্থ বাতাবৰণ অটুত ৰাখিবলৈ প্ৰণয়ন কৰা হয়।
উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ দিশত ঐতিহাসিক ৰায় প্ৰদান কৰিছে যদিও ভাৰতবৰ্ষৰ নিচিনা এখন উন্নয়নশীল ৰাষ্ট্ৰত মহিলা সাৱলীকৰণকে ধৰি আন আন ভালেকেইটা দিশত গুৰুত্ব দিব লগা আছে। স্বামী-স্ত্ৰী মাজৰ সম্পৰ্ক এক পৱিত্ৰ সম্পৰ্ক যি সম্পৰ্ক সুন্দৰৰুপে ধৰি ৰাখিবলৈ কোনোধৰণৰ ধাৰাৰ প্ৰয়োজন নাই। ৪৯৭ ধাৰা বাতিল কৰি বিয়াৰ পৱিত্ৰতা তথা যুৱ-প্ৰজন্মৰ ভৱিষত্যক লৈ হেতালি খেলাতকৈ সমাজৰ পৰা অৰক্ষণ ব্যৱস্থা আঁতৰ কৰাত গুৰুত্ব প্ৰদান কৰিলেহেতেন সমাজ প্ৰগতিৰ দিশত আগবাঢ়িলহেতেন।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments