26 June, Thu 2025
support@thecriticalscript.com
Blog image

'Bwtwk' ত্ৰিপুৰাৰ পৰম্পৰাগত চাউলৰ বিয়েৰ

15 May,2025 05:42 PM, by: Ankita Gogoi
1 minute read Total views: 442
0 Like 0.0

'Bwtwk' হৈছে উত্তৰ-পূব ভাৰতৰ  ত্ৰিপুৰাৰ লোকে প্ৰস্তুত কৰি সেৱন কৰা পৰম্পৰাগত চাউলৰ বিয়েৰ। কেৱল মদ্যপান কৰাতকৈও অধিক, 'Bwtwk' ৰ গভীৰ সাংস্কৃতিক আৰু সামাজিক তাৎপৰ্য আছে, বিশেষকৈ উৎসৱ, পৰিয়ালৰ সমাৱেশ আৰু সম্প্ৰদায়ৰ অনুষ্ঠানৰ সময়ত ইয়াক সেৱন‌ কৰা হয়।

এই পানীয়ৰ এটা বহুমূলীয়া ভাগ হ’ল চুৱাক ব’টৱক, যিটো প্ৰায়ে বিশেষ অনুষ্ঠানৰ বাবে সংৰক্ষিত কৰা হয়। ইয়াক প্ৰথাগতভাৱে বয়োজ্যেষ্ঠ আৰু অতিথিসকলক আগবঢ়োৱা হয়। ই আতিথ্য, সন্মান আৰু উদযাপনৰ প্ৰতীক।

পানীত চাউল কিম্বন কৰি এই পানীয় তৈয়াৰ কৰা হয়, যিটো প্ৰক্ৰিয়াৰ ফলত প্ৰাকৃতিকভাৱে পোৱা অণুজীৱই চেনিবোৰ এলক’হললৈ ৰূপান্তৰিত কৰিব পাৰে। ফলত সৃষ্টি হোৱা পানীয় মৃদু মিঠা আৰু ই এক সুকীয়া মাটিৰ সুগন্ধি বহন কৰে। পৰম্পৰাগতভাৱে ইয়াক মাটিৰ বা বাঁহৰ পাত্ৰত সংৰক্ষণ কৰি পৰিবেশন কৰা হয়, যাৰ ফলত ইয়াৰ গাঁৱলীয়া মনোমোহাতা বৃদ্ধি পায়।

ত্ৰিপুৰী সম্প্ৰদায়ৰ ভিতৰতো 'Bwtwk' ৰ ভিন্নতা আছে। এটা উল্লেখযোগ্য প্ৰকাৰ হ'ল চুৱাৰক, যিটো এলক'হলৰ পৰিমাণ অধিক শক্তিশালী আৰু ইয়াৰ সোৱাদ হুইস্কি বা আনকি চেম্পিয়নৰ তুলনাত চোকা হয়।

'Bwtwk' কেৱল পানীয় নহয় বৰঞ্চ এক জীৱন্ত পৰম্পৰা, যিয়ে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মানুহক সংযোগ কৰে আৰু ত্ৰিপুৰী জনসাধাৰণৰ সাংস্কৃতিক পৰিচয় ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.