05 November, Thu 2026
support@thecriticalscript.com
Blog image

ইতিহাস বিজড়িত হৈ থকা শ্ৰীভূমি জিলাৰ মালেগড় টিলা!

05 Nov,2026 01:21 PM, by: Ankita Gogoi
1 minute read Total views: 11
0 Like 0.0

ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত বহু এনে অধ্যায় আছে, যিবোৰ সময়ৰ সোঁতত হেৰাই গৈছে। অসমৰ বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ লাটু অঞ্চলত অৱস্থিত মালেগড় টিলা তেনে এক ঐতিহাসিক স্থান। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সৈতে গভীৰভাৱে জড়িত এই স্থানত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া বিদ্ৰোহী চিপাহীসকলৰ ত্যাগ আৰু সাহসৰ স্মৃতি আজিও বহন কৰি আছে।যাক "Battle of Latu" বুলিও জনা যায়।


১৮৫৭ চনৰ বিদ্ৰোহ আৰু মালেগড়ৰ সৈতে ইয়াৰ সম্পৰ্ক

১৮৫৭ চনৰ ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ প্ৰভাৱ দেশৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন, শোষণ আৰু সামৰিক নীতিৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত বিদ্ৰোহৰ জুই জ্বলি উঠিছিল। এই বিদ্ৰোহৰ প্ৰভাৱ উত্তৰ-পূব ভাৰততো পৰিছিল। ১৮৫৭ চনৰ নৱেম্বৰ মাহত চট্টগ্ৰামত (বৰ্তমান বাংলাদেশ) নিয়োজিত ৩৪ নং বেংগল নেটিভ ইনফেণ্ট্ৰিৰ তিনিটা কোম্পানীৰ চিপাহীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে। বিদ্ৰোহীসকলে কাৰাগাৰৰ দুৱাৰ ভাঙি বন্দীসকলক মুক্ত কৰে, অস্ত্ৰ-শস্ত্ৰ আৰু ৰাজকোষ লুণ্ঠন কৰে আৰু সামৰিক বেৰেকত জুই লগাই দিয়ে।

ইয়াৰ পিছত তেওঁলোকে ত্ৰিপুৰাৰ পাহাৰীয়া অঞ্চল পাৰ হৈ কাছাৰ আৰু শ্ৰীহট্টৰ দিশে আগবাঢ়ে। তেওঁলোকৰ লক্ষ্য আছিল মণিপুৰত উপস্থিত হোৱা। এই যাত্ৰাপথতে লাটুৰ মালেগড় অঞ্চলত ব্ৰিটিছ বাহিনীৰ সৈতে তেওঁলোকৰ মুখামুখি সংঘৰ্ষ হয়।


মালেগড়ৰ যুদ্ধ: ব্ৰিটিছ বাহিনীৰ সৈতে মুখামুখি সংঘৰ্ষ

বিদ্ৰোহী চিপাহীসকলৰ গতিবিধিৰ বিষয়ে খবৰ লাভ কৰাৰ পিছত ব্ৰিটিছ প্ৰশাসনে তেওঁলোকক বাধা দিয়াৰ সিদ্ধান্ত লয়। সেই অনুসৰি ছাৰমা উপত্যকাৰ লাইট ইনফেণ্ট্ৰিৰ কমাণ্ডেণ্ট মেজৰ বাইঙৰ নেতৃত্বত প্ৰায় ১৬০ জনীয়া ব্ৰিটিছ বাহিনী বিদ্ৰোহীসকলক বাধা দিবলৈ আগবাঢ়ে। ১৮৫৭ চনৰ ডিচেম্বৰ মাহত লাটুৰ মালেগড় টিলাৰ ওচৰত দুয়োপক্ষৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। ঐতিহাসিক বিৱৰণ অনুসৰি, প্ৰায় ২০০ জনীয়া বিদ্ৰোহী চিপাহীৰ দলটোৱে মালেগড়ৰ টিলাত আশ্ৰয় লৈ ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছিল।

সংঘৰ্ষত মেজৰ বাইং নিহত হয়। অসমৰ চৰকাৰী জিলা প্ৰশাসনৰ ৱেবছাইটত প্ৰকাশিত ইতিহাসবিদ ই. এ. গেইটৰ A History of Assam গ্ৰন্থৰ বিৱৰণ অনুসৰি, এই সংঘৰ্ষত ২৬ জন বিদ্ৰোহী চিপাহী নিহত হৈছিল। আনহাতে, আচ্যুত চৰণ তত্ত্বনিধিৰ শ্ৰীহট্টৰ ইতিবৃত্তৰ আধাৰত প্ৰস্তুত কৰা আন এটা বিৱৰণত মেজৰ বাইঙৰ লগতে আন পাঁচজন ব্ৰিটিছ সৈন্য নিহত হোৱাৰ কথা উল্লেখ আছে। এই সংঘৰ্ষৰ পিছত বিদ্ৰোহীসকলৰ বাকী অংশই অৰণ্যৰ মাজেৰে আগবাঢ়ি যায়। পৰৱৰ্তী সময়ত কাছাৰ অঞ্চলতো তেওঁলোক ব্ৰিটিছ বাহিনীৰ আক্ৰমণৰ সন্মুখীন হয়।


শ্বহীদসকলৰ স্মৃতি বহন কৰি আছে মালেগড় টিলাই

মালেগড়ৰ যুদ্ধত নিহত হোৱা চিপাহীসকলৰ স্মৃতি এই স্থানৰ সৈতে আজিও জড়িত হৈ আছে। যুদ্ধত নিহত বিদ্ৰোহী চিপাহী আৰু ব্ৰিটিছ সৈন্যসকলক সেই অঞ্চলতে সমাধিস্থ কৰা হৈছিল বুলি ঐতিহাসিক তথ্যত উল্লেখ আছে। ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰালয় আৰু ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদে প্ৰকাশ কৰা Dictionary of Martyrs: India's Freedom Struggle (1857–1947) গ্ৰন্থতো মালেগড়ৰ সংঘৰ্ষৰ উল্লেখ পোৱা যায়। এই গ্ৰন্থই উত্তৰ-পূব ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত মালেগড়ৰ গুৰুত্বক স্বীকৃতি দিছে। মালেগড়ৰ বিশেষত্ব এয়াই যে ই কেৱল এখন যুদ্ধক্ষেত্ৰ নহয়, বৰং ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ অসমৰ বৰাক উপত্যকালৈ কেনেদৰে বিস্তাৰিত হৈছিল, তাৰো এক ঐতিহাসিক সাক্ষ্য বহন কৰে।


অৱহেলাৰ পৰা ঐতিহাসিক স্বীকৃতিৰ দাবীলৈ

ইমান গুৰুত্বপূৰ্ণ ইতিহাসৰ সৈতে জড়িত হৈ থকাৰ পিছতো মালেগড় টিলা দীৰ্ঘদিন ধৰি পৰ্যাপ্ত চৰকাৰী আৰু জনসাধাৰণৰ দৃষ্টিগোচৰ হোৱা নাছিল। স্থানটোৰ ঐতিহাসিক গুৰুত্বৰ বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু ইয়াক সংৰক্ষণ কৰাৰ দাবী বিভিন্ন সময়ত উত্থাপন হৈ আহিছে। ২০১১ চনৰ ১৫ আগষ্টত ঐতিহ্য সংৰক্ষণৰ সৈতে জড়িত সংগঠন 'পাটকাই ট্ৰেকাৰ'ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে মালেগড় টিলাত স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ জৰিয়তে স্থানটোৰ ঐতিহাসিক গুৰুত্ব পুনৰ চৰ্চালৈ আহে। একে বছৰতে শ্বহীদ চিপাহীসকলৰ স্মৃতিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হয়।

২০১৯ চনৰ এক প্ৰতিবেদন অনুসৰি, কৰিমগঞ্জ জিলা প্ৰশাসন, সীমান্ত সুৰক্ষা বাহিনী (BSF) আৰু পাটকাই ট্ৰেকাৰে মালেগড়ত নিহত চিপাহীসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছিল। সেই সময়ত বিদ্ৰোহী চিপাহীসকলে ব্যৱহাৰ কৰা বুলি উল্লেখিত এটা পিষ্টল, দুখন তৰোৱাল আৰু তিনিটা কামান জিলা প্ৰশাসনে সংৰক্ষণ কৰি ৰখাৰ কথাও প্ৰকাশ পাইছিল।

ইয়াৰ উপৰি মালেগড়ক ৰাষ্ট্ৰীয় ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান, স্থানটোৰ আন্তঃগাঁথনি উন্নয়ন আৰু ইয়াৰ ইতিহাস বিদ্যালয়-মহাবিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ দাবীও বিভিন্ন সময়ত উত্থাপিত হৈছে।

মালেগড় টিলা কেৱল এখন সাধাৰণ পাহাৰীয়া ঠাই নহয়। ইয়াৰ মাটিত মিহলি হৈ আছে ১৮৫৭ চনৰ বিদ্ৰোহী চিপাহীসকলৰ ত্যাগ, সাহস আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কৰা প্ৰতিৰোধৰ স্মৃতি। 


Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.