13 January, Tue 2026
support@thecriticalscript.com
Blog image

বটদ্ৰৱা থানৰ ইতিহাস !

02 Jan,2026 05:17 PM, by: Ankita Gogoi
1 minute read Total views: 94
0 Like 0.0

অসমীয়াৰ ইতিহাস, সাহিত্য আৰু সংস্কৃতিৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এক পৱিত্ৰ নাম হ’ল বটদ্ৰৱা থান। অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, সমাজ সংস্কাৰক তথা অসমীয়া জাতিৰ পথপ্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱে এই পৱিত্ৰ স্থানতেই জন্মগ্ৰহণ কৰিছিল। নগাঁও চহৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত। ১৯ বছৰ বয়সতে ১৪৬৮ খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখন স্থাপন কৰিছিল। এই বটদ্ৰৱা থান শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা প্ৰথমটো নামঘৰ হিচাপে পৰিচিত। ইয়াৰ পৰাই আৰম্ভ হৈছিল একশৰণ নামধৰ্মৰ প্ৰচাৰ, যিয়ে অসমীয়া সমাজত সাম্য, ভাতৃত্ববোধ আৰু নৈতিকতাৰ সৃষ্টি কৰিছিল। শংকৰদেৱৰ সাহিত্য, নাট্য, সংগীত আৰু ধৰ্মীয় চিন্তাধাৰাই অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে। 

অতীজতে ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ এই অঞ্চল বৰ দ - বৰডোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰ দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত পৰি এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জনশ্ৰুতি আছে। আন এক কিংবদন্তি অনুসৰি কুণ্ডিল কুঁৱৰী ৰুক্মিণীয়ে তেওঁক হৰণ কৰি নিবলৈ অনুৰোধ জনাই বেদনিধি নামৰ এজন ব্ৰাহ্মণক শ্ৰীকৃষ্ণৰ ওচৰলৈ পঠিয়াইছিল। বেদনিধিক লগত লৈ শ্ৰীকৃষ্ণ দ্বাৰকাৰ পৰা কুণ্ডিল নগৰলৈ আহোঁতে তেওঁৰ ৰথ ইমান বেগেৰে চলিছিল যে ৰথৰ বেগত বেদনিধি মূৰ্চা গ'ল। শ্ৰীকৃষ্ণই তেতিয়া সেই ঠাইতে ৰথ ৰাখি বেদনিধিৰ গালে-মুখে পানী ছটিয়াই দিয়াত তেওঁৰ চেতনা ঘূৰি আহে। ইয়াৰ পাছত এজোপা বটবৃক্ষৰ ছাঁত খন্তেক জিৰণি লৈ শ্ৰীকৃষ্ণ ৰথত উঠোঁতে দিয়া তেওঁৰ ভৰৰ ফলত ঠাইডোখৰ 'বৰ দ' হৈ পৰে। তেতিয়াৰ পৰা এই অঞ্চল বৰদোৱা নামেৰে পৰিচিত হয় বুলি জনা যায়।

আন এক কাহিনী অনুসৰি এসময়ত হেনো প্ৰচণ্ড খৰাং হৈছিল। খৰাঙত মানুহৰ বিলাই-বিপত্তিৰ সীমা নোহোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ এজোপা বটবৃক্ষৰ তলত ৰাতি নাম-কীৰ্তনৰ আয়োজন কৰিছিল। উল্লিখিত বটবৃক্ষজোপা আকৌ বিষ্ণুৰ গাৰ এডাল নোমৰ পৰা সৃষ্টি হোৱা বুলি কোৱা হয়। সময়ত নাম-কীৰ্তন শেষ হ'ল আৰু সকলো ঘৰাঘৰি গ'ল। ইয়াৰ পাছত মাজৰাতি শংকৰদেৱে তেওঁৰ দুজন শিষ্য সৰ্বজয় আৰু বলোৰামক লগত লৈ বটবৃক্ষজোপাৰ তললৈ আহি যোগবলেৰে গংগাক আহ্বন কৰিবলৈ ধৰিলে। শংকৰৰ যোগবলত গংগা ধৰালৈ নামি আহে আৰু সেই জলধাৰাত বটবৃক্ষ দ্ৰৱিত হৈ সেই ঠাইতে এক মনোৰম সৰোবৰৰ সৃষ্টি হয়। আকাশৰ পৰা গংগা নমাই অনা বাবে এই সৰোবৰ আকাশীগংগা নামেৰে জনাজাত। 'বট দ্ৰৱ' হোৱা বাবে এই ঠাই বটদ্ৰৱা নামেৰেও সমধিক প্ৰসিদ্ধ। বৰ্তমান বৰদোৱা আৰু বটদ্ৰৱা দুয়োটা নাম সম অৰ্থত প্ৰয়োগ কৰা হয়।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.