
মহাৰাষ্ট্ৰৰ লালবাগচা ৰাজাৰ সম্পূৰ্ণ ইতিহাস!
মহাৰাষ্ট্ৰৰ লালবাগচা ৰজাৰ বিষয়ে আপোনালোকে সকলোৱে শুনিছে। কিন্তু তাৰ আৰঁৰ কথা জানে নে? এই উদযাপন ১৯৩৪ চনত আৰম্ভ হয়। লালবাগচা ৰজাৰ আৰম্ভণিৰ লগত জড়িত আছে এটা আমোদজনক কাহিনী। ১৯০০ চনত এই অঞ্চলত ১০০টা কপাহ কাৰখানা আধিপত্য আছিল ( তেতিয়াৰ নাম আছিল গিৰনগাওঁ) যিয়ে ১৯৩০ চনত শিখৰত উপনীত হৈছিল আৰু ইয়াৰ প্ৰভাৱ পৰিছিল আগতে অঞ্চলটোত বাস কৰা লোকসকলৰ জীৱন আৰু জীৱিকাত। ১৯৩২ চনত যেতিয়া ঔদ্যোগীকৰণ ঘটিছিল, তেতিয়া ইয়াত পূৰ্বৰ লোকসকলৰ বজাৰ বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত তাত বাস কৰা ব্যৱসায়ী, বিক্ৰেতা আৰু মাছমৰীয়া সমাজত প্ৰভাৱ পৰে। সেয়েহে মুকলি ঠাইত বিক্ৰী কৰা মাছমৰীয়া আৰু বিক্ৰেতাসকলে গণেশ বাবাক আৰ্থিক সংকট আৰু নিজৰ বজাৰৰ বাবে স্থায়ী স্থান নিৰ্মাণৰ বাবে পূজা কৰে।
বিশ্বাস কৰা হয় যে ইয়াত মাছমৰীয়া সমাজৰ ৰাইজে প্ৰতিজ্ঞা কৰিছিল যে যদি তেওঁলোকৰ কৰ্মসংস্থাপন অক্ষত থাকে তেতিয়া তেওঁলোকে তেওঁলোকৰ প্ৰিয় ভগৱান গণেশ বাবাৰ পূজা পালন কৰিব। আৰু এটোকোৰ মাটি তেওঁৰ নামত উৎসৰ্গা কৰিব।
তাৰপিছত তেওঁলোকে নতুন বজাৰ এখন আৰম্ভ কৰিবলৈ মাটিৰ এডোখৰ টুকুৰা পাইছিল। বৰ্তমান লালবাগ বজাৰ নামেৰে জনাজাত এইডোখৰ মাটি দিয়াৰ পিছত এই সম্প্ৰদায়টোৱে জীয়াই থাকিবলৈ সক্ষম হয়। স্থানীয় ৰাইজৰ মতে, ভগৱান গণেশৰ আশীৰ্বাদে তেওঁলোকক সেই কঠিন সময়ত জীয়াই থকাত সহায় কৰিছিল।
ইয়াৰ পিছত তেওঁলোকে নিজৰ প্ৰভুৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে ইয়াত গণপতিৰ মূৰ্তিও স্থাপন কৰিছিল আৰু তেনেকৈয়ে সকলো আৰম্ভ হৈছিল।মাছমৰীয়া আৰু ব্যৱসায়ীসকলে কৃতজ্ঞতাৰে ১৯৩৪ চনৰ ১২ ছেপ্টেম্বৰত গণেশ মূৰ্তি স্থাপন কৰে। মাছমৰীয়াৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা হৈছিল এই মূৰ্তিটো।
লগতে এটা পৰিয়ালে ৯০ বছৰ ধৰি মূৰ্তি নিৰ্মাণ কৰি আহিছে। ১৯৩৫ চনত কাম্বলী পৰিয়ালৰ মুৰব্বী মধুসুদন কাম্বলিয়ে গণপতিৰ মূৰ্তি নিৰ্মাণৰ দায়িত্ব লৈছিল। তেতিয়াৰ পৰাই মূৰ্তি বনোৱা আৰু যত্ন লোৱা তেওঁলোকৰ পৰিয়ালৰ পৰম্পৰা হৈ পৰিল। যোৱা কেইবছৰমানৰ পৰা তেওঁৰ পুত্ৰ ৰত্নাকৰ কাম্বলিয়ে মূৰ্তিৰ ডিজাইন আৰু নিৰ্মাণ কৰি আহিছে। এই মূৰ্তি সাধাৰণতে ১৮-২০ ফুট দীঘল হয়।
কেৱল মূৰ্তিৱেই নহয়, ম'ডক আৰু লাড্ডুৰ লগত এক ঐতিহ্যও জড়িত হৈ আছে। শ্ৰী ভৱনী কেটাৰাৰ্ছে বহু বছৰ ধৰি লালবাগচা ৰজাৰ বুণ্ডী লাড্ডু নিৰ্মাণ কৰি আহিছে আৰু বাপ্পাৰ ভক্তক প্ৰসাদ হিচাপে বিতৰণ কৰে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments