12 August, Wed 2026
support@thecriticalscript.com
Blog image

অসমত বানৰ সংহাৰী ৰূপ, মৃতকৰ সংখ্যা ১০১লৈ বৃদ্ধি

11 Aug,2026 05:51 PM, by: Ankita Gogoi
1 minute read Total views: 16
0 Like 0.0

অসমত অব্যাহত থকা বান পৰিস্থিতিয়ে ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ১১ আগষ্টত প্ৰকাশ পোৱা চৰকাৰী তথ্য অনুসৰি, ৰাজ্যত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ১০১জনলৈ বৃদ্ধি পাইছে। বিশেষকৈ উজনি অসমৰ কেইবাখনো অঞ্চল বানৰ ফলত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে।

চৰকাৰী তথ্য অনুসৰি, ২৯ এপ্ৰিলৰ পৰা ১০ আগষ্টলৈকে ৰাজ্যৰ ২৫খন জিলা, ৮৮টা ৰাজহ চক্ৰ আৰু ২,৬৯০খন গাঁও বানৰ কবলত পৰিছে। বানপানীৰ ফলত ১২ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

বৰ্তমান ২,৫৭টা সাহায্য শিবিৰত ৭৯,৮৬৪জন লোক আশ্ৰয় লৈ আছে। ইয়াৰ উপৰি বানৰ ফলত ১০১জন লোকৰ মৃত্যু হোৱাৰ লগতে ৫জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

বানত গৃহ নিৰ্মাণৰ ক্ষেত্ৰতো ব্যাপক ক্ষতি হৈছে। চৰকাৰী হিচাপ অনুসৰি, ৪,৬৫৭টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে ১৫,২৩২টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে ৩১ হাজাৰতকৈ অধিক লোকক বানাক্ৰান্ত অঞ্চলৰ পৰা স্থানান্তৰিত কৰা হৈছে।

বানপীড়িত লোকসকলক সাহায্য প্ৰদানৰ বাবে চৰকাৰীভাৱে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। সাহায্য বিতৰণ কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হৈছে। বৰ্তমান ২,০৮৩টা সাহায্য বিতৰণ কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে, যাৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকসকলক খাদ্য, পানী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ চেষ্টা চলিছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ মাজতে সাহায্য আৰু পুনৰ সংস্থাপনৰ কাম সমান্তৰালভাৱে চলি থকাৰ কথা উল্লেখ কৰিছে। বানপীড়িত জনসাধাৰণক সহায় কৰিবলৈ চৰকাৰী দলসমূহ বিভিন্ন অঞ্চলত নিয়োজিত হৈ আছে।

ইফালে, ৰাজ্যত এতিয়াও অব্যাহত আছে মৌচুমী বৰষুণ। ফলত বান পৰিস্থিতি আৰু অধিক অৱনতি ঘটাৰ আশংকা অব্যাহত আছে। কেইবামাহ ধৰি চলি থকা এই বান পৰিস্থিতিয়ে অসমত সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.