27 July, Sat 2024
support@thecriticalscript.com
Blog image

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'পকী'

15 May,2024 05:46 PM, by: Ankita Gogoi
1 minute read Total views: 227
0 Like 0.0

জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা। তেখেতৰ তেজপুৰৰ পকী বাসগৃহৰ কিছু কথা জানোঁ আহঁক -

'পকী' ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ।১৮৭৪ চনতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ককাক হৰিবিলাস আগৰৱালাই তেজপুৰত নিৰ্মাণ কৰিছিল উত্তৰ অসমৰ প্ৰথমটো পকীঘৰ ৷ইয়াতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ আখৰা হৈছিল।ইয়াতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাই শেষ নিশ্বাস ত্যাগ কৰিছিল।পৰৱৰ্তী সময়ত 'পকী'ক ব্যক্তিগত বাসভৱনৰ সলনি জ্যোতিভাৰতী নামেৰে এক সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হয়। ঐতিহ্যপূৰ্ণ পকীত শিল্পীগৰাকীৰ লগতে বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা সকলোৰে স্মৃতি সম্পদসমূহ আছে।এতিয়া পকী হৈছে শিল্পীগৰাকীৰ স্মৃতি সংগ্ৰহালয়।

ইয়াত জ্যোতিপ্ৰসাদ আগৰৱালা,বিষ্ণুপ্ৰসাদ ৰাভাৰ ব্যৱহৃত সাজ-পোছাক, ফণী শৰ্মাই ব্যৱহাৰ কৰা সাজ-পোছাকসমূহ আজিও সযতনে আছে।চৰকাৰে আগৰৱালা পৰিয়ালক ৪ (চাৰি) লাখ টকা দি জ্যোতি ভাৰতীক চৰকাৰীকৰণ কৰে।পকী'তেই আবদ্ধ হৈ আছে জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱন গাঁথা ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আৰু নটসূর্য ফণী শৰ্মাই কেনেদৰে অসমীয়া সংস্কৃতিৰ বৰঘৰ নিৰ্মাণ কৰিছিল সেই বিষয়ে জানিবলৈ হ’লে অসমৰ প্ৰতিজন নৱ প্ৰজন্মই ইয়ালৈ আহিব লাগে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.