অসমৰ মাৰ্ঘেৰিটা আৰু ইটালীৰ সম্পৰ্ক!
মাৰ্ঘেৰিটা তিনিচুকীয়া জিলাৰ অন্তৰ্গত এখন মনোমোহা ঠাই, যি প্রাকৃতিক সৌন্দৰ্য্যৰে সমৃদ্ধ। ব্ৰহ্মপুত্ৰৰ উপনদী বুঢ়ীদিহিং, পাটকাই পৰ্বতমালা, ঘন বনাঞ্চল আৰু সেউজীয়া চাহ বাগিচাসমূহে মাৰ্ঘেৰিটাৰ সৌন্দৰ্য্যক বহুগুণে বৃদ্ধি কৰে। কয়লা উদ্যোগত আগবঢ়োৱা অৱদানৰ বাবে মাৰ্ঘেৰিটা “উত্তৰ-পূৱৰ কয়লাৰাণী” হিচাপে পৰিচিত। এই কয়লা উদ্যোগ বৃটিছ শাসনকালৰ সময়তে গঢ় লৈ উঠিছিল।
মাৰ্ঘেৰিটাৰ পুৰণি নাম আছিল “মা-কুম” — যি চিংফৌ ভাষাৰ শব্দ, অৰ্থাৎ “সকলো জনগোষ্ঠীৰ মিলনৰ ঠাই”। ইয়াত বাস কৰা মুখ্য জনগোষ্ঠীসমূহ হৈছে আহোম, মৰাণ, মটক, নেপালী, বঙালী, চিংফৌ, চাহ জনগোষ্ঠী, বিহাৰী, হাজং আদি।
এই ঠাইৰ লগত ইটালীৰ এক সম্পৰ্ক আছে। ১৮৫১ চনৰ ২০ নৱেম্বৰত ঐক্যবদ্ধ ইটালীৰ প্ৰথম ৰাণী ছেভয়ৰ মাৰ্ঘেৰিটাৰ জন্ম হয় টিউৰিন নামৰ এখন ঠাইত। তেওঁৰ সম্পূৰ্ণ নাম আছিল মাৰ্ঘেৰিটা মাৰিয়া টেৰেছা জিঅ'ভান্না দি ছেভয়া। পিতৃ প্রিন্স ফার্ডিনাণ্ড অফ্ ছেভয়, ডিউক অফ্ জিন'আ আৰু মাতৃ প্রিন্সেছ এলিজাবেথ অফ্ ছেস্ক'নি। স্বামী আছিল আমব্রেট', প্রিন্স অফ্ পায়ডমন্ট। ১৮৭৮ চনত তেওঁ ইটালীৰ সিংহাসনত আৰোহণ কৰে।
ৰাণী মাৰ্ঘেৰিটাই সমাজসেৱাৰ ক্ষেত্ৰত বহু ভূমিকা পালন কৰিছিল। ইটালীৰ ৰাজনৈতিক অস্থিৰতাৰ সময়তো তেওঁ প্ৰজাৰ কল্যাণৰ বাবে নানা ধৰণৰ কামৰ আঁচনি প্রস্তুত কৰি সফলতাৰে বাস্তৱায়ন কৰিছিল। চিকিৎসালয়, বিদ্যালয়, শিশুশিক্ষালয় আৰু ফ্ল'ৰেন্সত ইটালীৰ প্ৰথম পুথিভঁৰাল নিৰ্মাণ কৰি তেওঁ "প্ৰজা-বৎসল ৰাণী” ৰূপে পৰিচিত হৈছিল।
ইটালীৰ পৰম্পৰাগত খাদ্য পিজ্জা আজিকালি বহুতৰে প্রিয় হলেও, প্রথমতে ইয়াক বিশেষ সমাদৰ দিয়া হোৱা নাছিল। এবাৰ ৰাজকীয় কাৰ্যসূচীৰ বাবে ৰাণী মাৰ্ঘেৰিটা নেপলছলৈ যোৱাৰ সময়ত, প্রসিদ্ধ পিজ্জা নিৰ্মাতা ৰাফেল এম্পজিট' তেওঁৰ মন জয় কৰিবলৈ বিশেষ পিজ্জা বনাইছিল। পিজ্জাটোত ইটালীৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰঙ ৰঙা, বগা আৰু সেউজীয়া – ব্যৱহাৰ কৰি সজাই তুলা হৈছিল। ৰাণীৰ নামতেই সেই পিজ্জাটোৰ নামকৰণ কৰা হয় "মাৰ্ঘেৰিটা পিজ্জা"। তেতিয়াৰ পৰাই এই পিজ্জাই জনপ্রিয়তা লাভ কৰে আৰু বিশ্বব্যাপী প্রসিদ্ধ হয়।ৰাণী মাৰ্ঘেৰিটাৰ মৃত্যু হয় ১৯২৬ চনৰ ৪ জানুৱাৰীত, ইটালীৰ বৰ্দিঘেৰাত।
১৮৭৬ চনত অসমৰ লিডু আৰু মাৰ্ঘেৰিটাত প্ৰথমবাৰৰ বাবে কয়লাখনি আৱিষ্কাৰ হৈছিল। তাৰ পিছত ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীত চৰকাৰীভাৱে মাৰ্ঘেৰিটাৰ কয়লাক্ষেত্ৰ উদ্বোধন কৰা হয়। ঠিক সেই দিনাই ডিব্ৰুগড়ৰপৰা লিডুলৈ কয়লা ৰপ্তানিৰ উদ্দেশ্যেৰে প্ৰথম ৰেলগাড়ী চলাচল আৰম্ভ হৈছিল। বুঢ়ীদিহিং নদীৰ ওপৰত কাঠেৰে এখন ৰেলৱে দলং নিৰ্মাণ কৰা হৈছিল, যাৰ দায়িত্ব লৈছিল এখন ইটালীয়ান অভিযন্তাৰ দল। দলংখনৰ কাম আৰম্ভ হৈছিল ১৮৮১ চনত। দলং নিৰ্মাণ সম্পূৰ্ণ কৰি বুঢ়ীদিহিঙৰ দুয়োপাৰত ৰেল চলাচল সফল কৰাৰ বাবে মুখ্য অভিযন্তা চেভেলিয়েৰ ৰবাৰ্ট পাজিনিনিক বিশেষ সন্মান প্ৰদান কৰা হয়। সেই সন্মান তেওঁ নিজৰ দেশৰ ৰাণী ছেভয়ৰ মাৰ্ঘেৰিটাৰ নামত উৎসৰ্গা কৰি, মা-কুম নামৰ সৰু ঠাইখনৰ নাম সলনি কৰি “মাৰ্ঘেৰিটা” নাম দিয়ে। এই পদক্ষেপেৰে তেওঁ ৰাণী মাৰ্ঘেৰিটাৰ প্ৰতি নিজৰ গভীৰ শ্রদ্ধা, বিশ্বাস প্ৰকাশ কৰিছিল। এই ঐতিহাসিক ঘটনাটিও সংঘটিত হৈছিল ১৮৮৪ চনৰ ১৮ ফেব্ৰুৱাৰীতেই।
যদিও আমাৰ দেশ ইংৰাজ শাসনৰপৰা স্বাধীনতা লাভ কৰিছে, তথাপি এই সৰু ঠাইখনৰ আগৰ নাম “মা-কুম” কেতিয়াও ঘূৰি নাহিল আজিও ই “মাৰ্ঘেৰিটা” নামেই পৰিচিত।
মাৰ্ঘেৰিটাৰ সৈতে সাঙোৰ খোৱা এখন আন সৰু ঠাই হৈছে “লিডু”। লিডু আৰু মাৰ্ঘেৰিটা দুয়োকে ভগ্নী চহৰ বুলি জনা যায়। বৃটিছ শাসনকালত কয়লা উদ্যোগ আৰম্ভ হোৱাৰ লগে লগেই ভাৰতৰ মানচিত্ৰত লিডু বিশেষ স্থান লাভ কৰে। দ্বিতীয় মহাসমৰৰ সময়ত লিডু মিত্রবাহিনীৰ এজন গুৰুত্বপূর্ণ সামৰিক ঘাঁটি আছিল। ঠিক এই লিডুৰপৰাই বিখ্যাত ষ্টীলৱেল পথ নিৰ্মিত হৈছিল।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments