21 January, Tue 2025
support@thecriticalscript.com
Blog image

অসমৰ পবিতৰা অভয়াৰণ্যৰ কিছু কথা

21 Jun,2024 03:16 PM, by: Ankita Gogoi
1 minute read Total views: 1873
1 Likes 0.0

অসমৰ পৰ্যটন স্থল সমূহৰ ভিতৰত এখন উল্লেখযোগ্য স্থান হৈছে পবিতৰা অভয়াৰণ্য।  মৰিগাঁও জিলাৰ মায়ং মৌজাত এই অভয়াৰণ্য অৱস্থিত। এই অভয়াৰণ্যত গঁড়ৰ সংখ্যা পৃথিবীৰ ভিতৰত সৰ্বাধিক।২০২৩-২৪ পৰ্যটন বৰ্ষত পবিতৰা অভয়াৰণ্যই সংগ্ৰহ কৰিছে ৫৪,১৭,৮৫০ টকাৰ ৰাজহ ৷ আগৰ  তুলনাতকৈ অভয়াৰণ্যখনলৈ অহা পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে৷

এই অভয়াৰণ্যত এছিয়াটিক ম’হ, নাহৰফুটুকী, বনৰীয়া ভালুক, বনৰীয়া মেকুৰী আদি জীৱ-জন্তু পোৱা যায়। অভয়াৰণ্যখনত চৰাই চোৱাৰ উৎকৃষ্ট সুযোগো আছে। ইয়াত ২০০০ৰো অধিক পৰিভ্ৰমী চৰাই আছে। ইণ্ডিয়ান পাইড হৰ্ণবিল, অস্প্ৰে, হিল মাইনা, কালিজ ফেজেণ্ট আদি বহুতো স্থানীয় আৰু পৰিভ্ৰমী চৰাই এই অঞ্চলত পোৱা যায়। চৰাইৰ ঘনত্ব বেছি হোৱাৰ বাবে এই অভয়াৰণ্যখনক ‘Bharatpur of the East’ বুলিও কোৱা হয়। ভাৰতীয় পাইথন, ভাৰতীয় টেণ্ট কাছ আৰু ভাৰতীয় কব্ৰা আদি সৰীসৃপ প্ৰজাতিও অভয়াৰণ্যখনৰ আকৰ্ষণ।

পবিতৰা নামটো কেনেকৈ কিদৰে উৎপত্তি হৈছিল সেই সম্পৰ্কে বহু ব্যাখ্যা পোৱা যায়। প্ৰথমটো কিম্বদন্তি মতে, পুৰণি কালত মায়ং ৰাজ্য নামে এখন ৰাজ্য আছিল। এই ৰাজ্যৰ প্ৰথমজন ৰজা আছিল শূইনত সিংহ। ১৫২৯ শকাব্দ(১৬০৭) এইজন ৰজাই ৰাজপাটত বহি ২০ বছৰ ৰাজত্ব কৰিছিল ৰজাৰ ডাঙৰ গৰাকী জীয়াৰীৰ নাম আছিল "ৰাজকুমাৰী পবিত্ৰা সিংহা"। কিন্তু মৰমৰ জীয়াৰী পবিত্ৰাৰ অকাল মৃত্যু হয়। ৰজাই পবিত্ৰাৰ নাম চিৰযুগমীয়া কৰিবৰ বাবে এই বনাঞ্চলৰ নাম পবিত্ৰা ৰাখিছিল। কালক্ৰমত লাহে লাহে, পবিতৰা হয়। আকৌ কিছু লোকৰ অনুসৰি এই বনাঞ্চলত পাতিদৈয়া আৰু তৰা আদি উদ্ভিদৰে ভৰপুৰ আছিল। পাতিদৈ আৰু তৰাৰ প্ৰাচুৰ্য্যতাৰ বাবে ইয়াক পাতিতৰা বুলিছিল। পাতিতৰাৰ পৰাই পিছলৈ "পবিতৰা" হোৱা বুলি কয়। হাদুগ নামৰ বিল খনৰ উত্তৰ পাৰৰ হাদুগপাৰ গাঁৱৰ মানুহে বিলৰ দক্ষিণপাৰে থকা হাবি কাটি চাফা কৰি খেতিৰ বাবে মাটি উলিয়াই লৈছিল। ৰাইজে হালবাবলৈ বহুদুৰ বাট যাব লগা হৈছিল। পুৱতি সকলো লগ লোৱাৰ বাবে এই খেতিপথাৰ খনৰ নাম "পুৱতি তৰা" ৰাখিছিল। কালক্ৰমত পুৱতি তৰাৰ পৰাই পবিতৰা হোৱা বুলি শুনা যায়। ইয়াৰ বাহিৰে কোনো প্ৰামাণিক তথ্য নাই।

ইংৰাজী ১৯৮৭ চনত অসম চৰকাৰে পবিতৰা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্য হিচাবে ঘোষণা কৰে। অভয়াৰণ্য ঘোষণাৰ লগে লগে হাদুগ বিলৰ উত্তৰ পাৰে আঞ্চলিক বন কাৰ্য্যালয় স্থাপন হয়।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.