06 August, Wed 2025
support@thecriticalscript.com
Blog image

জাতীয় স্বার্থত নির্ভীকতাৰে আত্মবলিদান দিয়া বীৰ হাৱিলদাৰ হাংপন দাদা !

31 Jul,2025 05:37 PM, by: Ankita Gogoi
1 minute read Total views: 71
0 Like 0.0

আমাৰ উত্তৰ-পূৰ্বাঞ্চলত আমাৰ মাতৃভূমি ৰক্ষাৰ বাবে নিজকে বলিদান দিয়া বহু বীৰ আছে। আমাৰ এনে বহু বীৰ আছে যি উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰৰ লোকৰ বাবে সুপৰিচিত যদিও কিছু বীৰ বহু ত্যাগৰ পিছতো বহুতৰ বাবে অচিনাকি হৈয়ে আছে। আমাৰ মাতৃভূমিক ৰক্ষা কৰি শ্বহীদ হোৱা সেই প্ৰকৃত সৈনিকসকলৰ ভিতৰত হাৱলদাৰ হাংপন দাদা আছিল অন্যতম। ভাৰতীয় সেনাৰ অসম ৰেজিমেণ্টত থকা দাদাক ভাৰতৰ শান্তিকালীন সৰ্বোচ্চ সামৰিক সজ্জা অশোক চক্ৰ বঁটাৰে সন্মানিত কৰা হৈছে।

১৯৭৯ চনৰ ২ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ বৰডুৰিয়া গাঁৱত হাৱালদাৰ হাংপন দাদাৰ জন্ম হৈছিল। শৈশৱ কালত তেওঁ অতি সাহসী আছিল। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ মতে তেওঁ ক্ৰীড়া আৰু অন্যান্য বাহিৰৰ খেলৰ প্ৰতি অতি আগ্ৰহী আছিল আৰু লগতে বহু‌‌ শক্তিশালী আছিল। ১৯৯৭ চনৰ ২৮ অক্টোবৰত ১৮ বছৰ বয়সত তেওঁক পেৰাচুট ৰেজিমেণ্টৰ তৃতীয় বেটেলিয়নত নিযুক্তি দিয়া হয়। তাত ৮ বছৰ সেৱা আগবঢ়োৱাৰ পিছত ২০০৫ চনত অসম ৰেজিমেণ্ট চেণ্টাৰলৈ বদলি হয় আৰু পিছলৈ ২০০৮ চনৰ ২৪ জানুৱাৰীত অসম ৰাইফলৰ ৪ নং বেটেলিয়নত যোগদান কৰে।তাৰ পিছত জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত অভিযান চলাই ৰাষ্ট্ৰীয় বেটেলিয়নলৈ বদলি কৰিবলৈ তেওঁৰ বিষয়াসকলক অনুৰোধ জনায়। তেওঁৰ অনুৰোধত অনুমোদন জনাই ২০১৬ চনৰ মে’ মাহত তেওঁক ৩৫ ৰাষ্ট্ৰীয় ৰাইফলছত পষ্টিং দিয়া হৈছিল, য’ত তেওঁ নিজৰ ইউনিটৰ সৈতে জাতিৰ সেৱাৰ্থে শেষ উশাহ লৈছিল।

২০১৬ চনৰ মে’ মাহত ৩৫ ৰাষ্ট্ৰীয় ৰাইফলছত নিয়োজিত হোৱাৰ সময়ত জম্মু-কাশ্মীৰৰ নৌগাম খণ্ডত পোষ্ট কৰা তেওঁৰ ইউনিটে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল যে সেই খণ্ডত সন্ত্ৰাসবাদীৰ আত্মগোপনৰ সম্ভাৱনা আছে। ২৫ মে’ৰ নিশা সতীৰ্থৰ সৈতে হাংপন দাদাই সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত অভিযান চলায়। তাত উপস্থিত হৈ তেওঁ চাৰিজন সন্ত্ৰাসবাদীক দেখা পাই। নিজৰ জীৱনৰ কথা নাভাবি তেওঁলোকৰ লগত নিয়োজিত হৈ ঘনিষ্ঠ সংঘৰ্ষত দুজনক হত্যা কৰে যদিও গুৰুতৰভাৱে আহত হয়। তেওঁৰ দেখি বাকী দুই সন্ত্ৰাসবাদীয়ে ভয় খাই শিল আৰু গছৰ আঁৰত লুকাই পলাবলৈ চেষ্টা কৰে। তাৰপিছত আৰু এটা সন্ত্ৰাসবাদীৰ মুখামুখি হ’ল।শ আৰু  সংঘৰ্ষত তৃতীয় সন্ত্ৰাসবাদীক হত্যা কৰে। এক মুহূৰ্তৰ বাবেও তেওঁ নিজৰ আঘাতৰ কথা চিন্তা নকৰি চতুৰ্থজন সন্ত্ৰাসবাদীক খেদি ফুৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ২০১৬ চনৰ ২৬ মে’ত আঘাতপ্ৰাপ্ত হৈ‌দেশৰ হকে মৃত্যুবৰণ কৰে  কৰে। শান্তিকালীন অভিযানৰ সময়ত দেশৰ সৰ্বোচ্চ বীৰত্বৰ বঁটা "অশোক চক্ৰ" ২০১৬ চনৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত হাবিলদাৰ হাংপন দাদাক তেওঁৰ পত্নী চেছান লোৱাং দাদাই গ্ৰহণ কৰে।

অসম ৰেজিমেণ্ট চেণ্টাৰে দেশৰ প্ৰতি কৰা সেৱাৰ স্মৃতিত মুখ্য কাৰ্যালয়ত হাংপন দাদাৰ নামেৰে মূল কাৰ্যালয়ৰ নামাকৰণ কৰে। কেৱল এয়াই নহয়, তেওঁৰ সন্মানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী ট্ৰফীৰ বাবে অনুষ্ঠিত হোৱা বাৰ্ষিক ফুটবল আৰু ভলীবল (পুৰুষ-মহিলা) প্ৰতিযোগিতাৰ নাম সলনি কৰি হাংপন দাদা সোঁৱৰণী ট্ৰফী নামেৰে নামাকৰণ কৰে। তেওঁ হয়তো এই পৃথিৱীৰ পৰা চিৰবিদায় লৈছে, কিন্তু তেওঁৰ নাম সদায় সকলোৰে হৃদয়ত খোদিত হৈ থাকিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.