১৯৭০ চনৰ অসমৰ এটি জঘন্য হত্যাকাণ্ড যাৰ বাবে ফাঁচী কাঠত ওলমিছিল এজন ন্যায়াধীশ
১৯৭০ চনত দেশ জোকাৰী
যোৱা এটা নৃশংস হত্যাকাণ্ড আৰু এজন ন্যায়াধীশৰ মৃত্যুদণ্ড। এজন ন্যায়াধীশৰ কাম
হৈছে নিৰ্দোষী এজনক বিচাৰ কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা কিন্তু, এই হত্যাকাণ্ডত
নিজ ন্যায়াধীশেই নিজৰ অপৰাধৰ বাবে ফাঁচী কাঠত ওলমিব লগীয়া হয়। এই হত্যাকাণ্ড সংঘটিত
হৈছিল অসমৰ ধুবুৰী জিলাত আৰু অভিযুক্ত ন্যায়াধীশজন আছিল ধুবুৰী জিলাৰ জিলা চেচন
ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱা। দেশ তথা বিশ্বৰ ভিতৰতেই একমাত্ৰ বিচাৰকৰ যাক চাৰিটাকৈ
হত্যাৰ অপৰাধত মৃত্যুদণ্ড দিয়া হৈছিল ।
ৰাজখোৱাই ১৯৬৯ চনত
ধুবুৰীত জিলা আৰু অধিবেশন ন্যায়াধীশ হিচাপে যোগদান কৰে। প্ৰথমে তেওঁ অকলেই
ধুবুৰীলৈ আহি চাৰ্কিট হাউচত থাকে। ইয়াৰ পিছত তেওঁ জিলা আৰু ছেচন ন্যায়াধীশ
ধুবুৰীৰ চৰকাৰী বাসগৃহলৈ স্থানান্তৰিত হয়, ৰাজখোৱাৰ পৰিয়ালত তেওঁৰ পত্নী পুতুলি ৰাজখোৱা ওৰফে পুতুল
ৰাজখোৱা আৰু তেওঁৰ কন্যা নিৰ্মালী ওৰফে লিনু ৰাজখোৱা, জোনালী ওৰফে লুনা ৰাজখোৱা আৰু ৰূপালী ওৰফে ৰূপলেখা ওৰফে
ভাণ্টু ৰাজখোৱা থাকে।
১৯৭০ চনৰ ২
ফেব্ৰুৱাৰীত উপেন্দ্ৰনাথ ৰাজখোৱাই বিচাৰকৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰি ন্যায়াধীশৰ
আবাসগৃহতে থাকিব লৈছিল। প্ৰথম অৱস্থাত তেওঁ অকলশৰে আবাসগৃহটোত আছিল যদিও দুৰ্গা
পূজাৰ পিছত পৰিয়ালৰ সকলো সদস্য একেলগ থাকিছিল। কিন্তু পূজা বন্ধৰ পিছতে কলেজ খোলাৰ
পাছত ৰাজখোৱাৰ দ্বিতীয় আৰু তৃতীয় কন্যা জোনালী ৰাজখোৱা আৰু ৰূপালী ৰাজখোৱাই
গুৱাহাটীৰ কলেজৰ হোষ্টেললৈ উভতি গৈছিল।
১৯৭০ চনৰ ১৪
জানুৱাৰীত ৰাজখোৱাই এদিন জিলা ন্যায়াধীশ আদালতৰ পিয়ন বিগন প্ৰসাদ ৰাউটক তেওঁৰ
শোৱনি কোঠাৰ সংলগ্ন বাথৰুমৰ ওচৰত থিয় হৈ থকা গছৰ কাণ্ড এটা খান্দিবলৈ কয়। তেওঁ
তাত ফুলৰ গছ খেতি কৰিব বুলি জনাইছিল। কিছুদিন পাছত ৰাজখোৱাই তেওঁৰ সৈতে কাম কৰা
পিয়ন চাহিদক আন এটা গাঁত খান্দিবলৈ দিলে। এই গাঁতটো জিলা ন্যায়াধীশৰ বাসগৃহৰ
চৌহদৰ ভিতৰত ৰাধাৰ কোৱাৰ্টাৰৰ পূব দিশত খান্দিবলৈ দিছিল। পিয়নসকলক কোৱা হৈছিল যে
সেই গাঁতটোৰ সহায়ত কোচবিহাৰৰ পৰা অনা বিশেষ ফুলৰ গছ কেজোপমান ৰোপণ কৰা হ’ব।
১৯৭০ চনৰ ১০ ফেব্ৰুৱাৰী,সেই দিনটো আছিল সৰস্বতী পূজাৰ। ৰাজখোৱাই কাম কৰা লোক বিজ্ঞান প্ৰসাদ ৰাউৎ আৰু ছাহিদ আলীক পূজা চাবলৈ দিনটোৰ বাবে কামৰ পৰা ছুটি দিছিল।সেই দিনতেই ৰাজখোৱাই প্ৰথম হত্যাকাণ্ড সংঘটিত কৰিছিল।আৰু বাসগৃহৰ সেই গাঁততে পুতি থৈছিল।
যেতিয়া কাম কৰা লোক নিশা উভতি আহিছিল তেতিয়া ৰাতি ৮.৩০ বজাত ৰাজখোৱা , তেওঁৰ পত্নী আৰু তেওঁলোকৰ বৰ জী নিৰ্মালি ৰাজখোৱাক কৰবাৰ পৰা আহি ন্যায়াধীশৰ আবাসগৃহত সোমোৱা দেখা পাইছিল। আৰু সেই দিনাই তেওঁলোকক শেষ বাৰৰ বাবে জীৱন্ত অৱস্থাত দেখা পোৱা গৈছিল বুলি জনা যায়।ৰাজখোৱাই তেওঁলোকক ৰাজখোৱাই পত্নী আৰু জীয়ৰি পুৱাই গুৱাহাটীলৈ যোৱা বুলি জনায়। পাছত আদালতত নিজৰ সাক্ষ্যদান কৰোঁতে বিগান ৰাওতে কৈছিল যে সেইদিনা বজাৰৰ পৰা অহাৰ পাছত তেওঁ বিচাৰক ৰাজখোৱাক বাথৰুমত বিচনাৰ চাদৰ, গাৰুৰ কভাৰ আৰু তেওঁৰ চোলা ধুৱা দেখা পাইছিল আৰু বাথৰুমৰ পৰা ৰঙা ৰঙৰ পানী বাহিৰলৈ ওলাইছিল। সেইদিনা ৰাজখোৱাৰ এজন বন্ধু আৰু তেওঁৰ পত্নী ৰাজখোৱাৰ আবাসগৃহলৈ আহোতে তেওঁলোকক ৰাজখোৱাই বাথৰুম যাবলৈ দিয়া নাছিল আৰু ইয়াৰ কাৰণ বাথৰুমৰ অৱস্থা লেতেৰা হৈ থকাৰ কথা কৈছিল।
১৪ ফেব্ৰুৱাৰীত
ৰাজখোৱাই গুৱাহাটীত থকা মাজু জীয়েক জোনালী আৰু সৰু জীয়েক ৰূপালীক দাৰ্জিলিং
যোৱাৰ পৰিকল্পনা কৰি ধুবুৰীলৈ মাতি পঠিয়ায়। আৰু তেওঁ সকলোকে জনায় যে পত্নী আৰু
বৰজীয়ৰী গুৱাহাটীৰ সলনি ৰুগীয়া আত্মীয় এজনৰ খবৰ কৰিবলৈ কোকৰাঝাৰলৈ গৈছে।
ধুবুৰীলৈ অহাৰ পিছত ৰাজখোৱাই জীয়েক দুজনীৰ লগত একেলগে বেডমিণ্টন খেলে আৰু একেলগতে
চিনেমাহললৈ গৈ চিনেমাও চায়। ২৫ ফেব্ৰুৱাৰী দিনৰ দহ বজালৈকে পিয়ন বিজনে জোনালী
আৰু ৰূপালীক জীৱন্তে দেখা পায়। কিন্তু , আবেলি জোনালী আৰু ৰূপালীক দেখা নাপায়। ৰাজখোৱাই তেওঁক কয়
যে জীয়েক দুজনীৰ পৰীক্ষা ওচৰচপা বাবে বন্ধু এজনৰ গাড়ীতে আকৌ গুৱাহাটীলৈ পঠিয়াই
দিলে। এই কাণ্ডত ৰাজখোৱাৰ লগত জড়িত আছিল ঘৰুৱা কাম কৰা ল'ৰা উমেশ বৈশ্য।২৬ ফেব্ৰুৱাৰীৰ দিনা পুৱা দ্বিতীয় গাঁতটো
উমেশৰ হতুৱাই পুতি পেলাই ।পৰৱৰ্তী সময়ত পোহৰলৈ আহে যে এই কামৰ বাবে ৰাজখোৱাৰ ঘৰৰ
লগুৱা উমেশ বৈশ্যক তেওঁ ১০০০ টকা দিছিল।
১৯৭০ চনৰ ১৩ এপ্ৰিলত , ৰাজখোৱাই এখন চিঠি লিখিছিল নিজৰ পত্নীৰ ভাতৃলৈ , যত তেওঁ লিখিছিল যে ''তেওঁলোক আৰু গুৱাহাটীলৈ উভতি নাযায়, তেওঁৰ পত্নী পুতুলি ৰাজখোৱা আৰু বৰ জী নিৰ্মালি বৰ্তমান
দিল্লীত থাকিবলৈ লৈছে আৰু জোনালী, ৰূপালী এইবাৰৰ পৰীক্ষাত বহিব নোৱাৰে, তেওঁলোক দাৰ্জিলিং ভ্ৰমণ সামৰি জুন মাহত হে কলেজ যাব পাৰিব । ৰাজখোৱাই ১৯৭০
চনৰ ১৫ এপ্ৰিলত ধুবুৰী ত্যাগ কৰে।
পৰিয়ালটোৰ লগত বহু
দিন কোনো যোগাযোগ নোহোৱাত নামনি অসমৰ আৰক্ষীৰ পশ্চিম অসমৰ উপ মহাপৰিদৰ্শন ৰূপে
কৰ্মৰত ৰাজখোৱাৰ আত্মীয় বৰদা শৰ্মাৰ সন্দেহ উপজিল আৰু অৱশেষত ২৫ জুলাই তাৰিখে
ধুবুৰীৰ থানাৰ উপ পৰিদৰ্শক এজন, পুতুলী ৰাজখোৱাৰ ভাতৃ অপূৰ্ব বৰুৱাক লৈ বৰদা শৰ্মা ৰাজখোৱাই আত্মগোপন কৰি থকা
শিলিগুৰিৰ চেভয় হোটেলত উপস্থিত হ'ল। ৰাজখোৱাক জেৰা কৰি পত্নী আৰু ছোৱালীৰ কথা সোধাত একো কোৱা
নাছিল আৰু শেষত ৰাজখোৱাই কাগজ এখনত লিখি দিয়ে, ‘পুতুলী, লিনা, লিনু আৰু ভণ্টু আৰু
এই পৃথিৱীত নাই।’ তাৰপিছত
ৰাজখোৱাই এক মিছা কাহিনী শুনায়। তেওঁ কয় যে বাৰা্ন্দাত পিছল পতুলীৰ মৃত্যু হয়
আৰু মাকৰ মৃত্যু হোৱাত দুখত ডাঙৰ জীয়েক নিৰ্মালীয়ে আত্মহত্যা কৰে। মৃতদেহকেইটা ৰাজখোৱাই বিহাৰী
বনুৱা লগাই ব্ৰহ্মপুত্ৰত পেলাই দিয়ে। পিছত মাজু আৰু সৰু জীয়েকেও মাক আৰু বায়েকৰ
মৃত্যুৰ কথা শুনি ব্ৰহ্মুপুত্ৰত জপিয়াই আত্মহত্যা কৰে।
কিন্তু সেইদিনাই তেওঁ
কাপোৰ সলোৱাৰ সুযোগ লৈ হোটেলৰ কোঠাতে এখন চুৰি কটাৰী লৈ নিজৰ পেটত আঘাত কৰি
আত্মহত্যাৰ প্ৰচেষ্টা চলায় আৰু তেওঁৰ এই চেষ্টা বিফল হয়। তেওঁক লগে লগে হস্পিতালত
ভৰ্তি কৰোৱা হয় আৰু চিলিগুৰি আৰক্ষী থানাত এখন এজাহাৰ ৰুজু কৰা হয়। অলপ সুস্থ
হোৱাৰ পিছত তেওঁৰ ওপৰত পুনৰ জেৰা চলোৱা হয়। অৱশেষত ৯ আগষ্টত তেওঁ সকলো সঁচা কথা
প্ৰকাশ কৰে।
১১ আগষ্ট দিনাখন
ন্যায়াধীশ ৰাজখোৱাই থকা সেই অভিশপ্ত চৰকাৰী বাসগৃহটোৰ সেই গাঁত দুটাৰ পৰা গলিত
মৃতদেহ চাৰিটা উদ্ধাৰ কৰা হয়। লগতে ৰাজখোৱাৰ সহযোগী উমেশ বৈশ্যক গুৱাহাটিৰ পৰা
গ্ৰেপ্তাৰ কৰা হয়। ২৫ আগষ্ট দিনাখন জিলা আদালতত দুয়ো অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ
কৰে কিন্তু উপেন ৰাজখোৱাই জেলৰ কোঠাত দ্বিতীয় বাৰৰ বাবে আত্মহত্যাৰ চেষ্টা চলোৱাৰ
বাবে শুনানিৰ দিন পিছুৱাই দিয়া হয়। ২ ডিচেম্বৰ দিনা আদালতে ৰাজখোৱা আৰু উমেশ
বৈশ্যকো দুখী সাব্যস্ত কৰে।
আৰক্ষীৰ অনুসন্ধানত
উদ্ধাৰ হোৱা এটা টোকাত ৰাজখোৱাই লিখিছিল যে, মোৰ পত্নী পুতুলী আৰু জীয়ৰী লিনু, লুনা আৰু ভণ্টুৰ ইতিমধ্যে মৃত্যু হৈছে।গতিকে সিহঁতৰ অবিহনে
মোৰো জীয়াই থকাৰ কোনো কাৰণ নাই। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ কাৰণ সোধাত ৰাজখোৱাই একো বিশেষ
মুখ খোলা নাছিল।
ধুবুৰীৰ নিম্ন আদালতে
ৰাজখোৱাক ফাঁচীৰ অৰ্ডাৰ দিয়ে। সেই ৰায়ৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আপীল
কৰা হয়। ৬ আগষ্ট, ১৯৭৪
চনৰ ৬ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায়দান দিয়ে। উচ্চ ন্যায়ালয়ৰ এই ৰায়ত
ভাৰতীয় দণ্ড বিধিৰ ৩০২, ৩০২/৩৪, ২০১, ২০১/৩৪
ধাৰাত হত্যাকাণ্ড আৰু প্ৰমাণ লুকুওৱাৰ অভিযোগত উপেন ৰাজখোৱাক ফাঁচীৰ আৰু উমেশ
বৈশ্যক যাৱজ্জীৱন কাৰাবাসৰ শাস্তি প্ৰদান কৰা হয়। উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ
বিৰুদ্ধে উচ্চতম ন্যায়ালয়তো আপীল কৰা হৈছিল যদিও উচ্চতম ন্যায়ালয়ে উচ্চ
ন্যায়ালয়ৰ হুকুমকে বাহাল ৰাখে। ৰাজখোৱাই ভাৰতৰ ৰাষ্ট্ৰপতিলৈও ক্ষমাপ্ৰাৰ্থনা
বিচাৰি আবেদন কৰিছিল যদিও আবেদন বাতিল হয়। ১৯৭৬ চনৰ ১৪ ফেব্ৰুৱাৰী
দিনাখন যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাক ফাঁচী
দিয়া দিয়া হয়।
ইতিহাসৰ এই জঘন্য
হত্যাকাণ্ডৰ সঠিক কাৰণ জানিব পৰা নাযায় যদিও বহু বছৰ আগতে জনা গৈছিল যে আৰু লেখাও
প্ৰকাশ পাইছিল যে, এদিন
উপেন্দ্ৰনাথ ৰাজখোৱাই নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে কৰা পৰীক্ষাত তেওঁ গম পাইছিল যে
তেওঁৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই। কিন্তু তেওঁৰ পত্নীয়ে কেনেকৈ তিনিটা সন্তান
জন্ম দিছিল। তিনিটাকৈ সন্তানৰ কথাই তেওঁক চাগৈ বহু মানসিক অশান্তি কৰিছিল। অৱশেষত
ইয়াৰ পৰিণতি হ'ল এক নৃশংস জঘন্য
হত্যাকাণ্ড।
১৯৭৭ চনত মুক্তি পাইছিল এখন অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন। আৰু এই হত্যাকাণ্ডৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছিল । এতিয়া শেহতীয়াকৈ বলীউডত নিৰ্মাণ হ'ব ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাৰ জীৱন ভিত্তিক ছবি ৷ য'ত অভিনয় কৰিব বলিউডৰ প্ৰখ্যাত অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments