হেমেন্দ্ৰ প্ৰসাদ বৰুৱা- আমেৰিকাৰ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন এম বি এ ডিগ্ৰীধাৰী!
অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম শ্ৰেণীৰ উদ্যোগপতি, হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ ডিগ্ৰী লাভ কৰা উত্তৰ-পূব ভাৰতৰ প্ৰথম গৰাকী ব্যক্তি তথা বিশিষ্ট অসমীয়া উদ্যোগপতি আছিল পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা।তেওঁৰ কোম্পানীয়েই আছিল প্ৰথম অসমীয়া মালিকাধীন কোম্পানী, যি পাব্লিক ইকুইটি শ্বেয়াৰৰ জৰিয়তে মূলধন সংগ্ৰহ কৰিছিল। মুম্বাই, কলিকতা, আহমেদাবাদ আৰু গুৱাহাটী এক্সচেঞ্জৰ তালিকাভুক্ত হৈছিল।
তেওঁ যোৰহাটৰ ঠেঙালৰ অভিজাত খঙীয়া বৰুৱা পৰিয়ালৰ সন্তান।২০১৩ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰ বাবে হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ নাম ঘোষণা কৰে। ১৯৫০ চনত ২৩ বছৰ বয়সতে তেওঁ পৰিয়ালৰ চাহ বাগিচা সমূহ পৰিচালনা কৰাৰ দায়িত্ব লৈছিল।
১৯৪৬ চনত কলিকতাৰ স্কটিচ চাৰ্চ কলেজৰ পৰা গ’ল্ড মেডেলসহ বিশ্ববিদ্যালয়ৰ ভিতৰত তৃতীয় স্থান লাভ কৰি ইংৰাজী স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ভাৰত স্বাধীন হোৱাৰ কেইমাহমান আগেয়ে তেওঁ আমেৰিকাৰ ব’ষ্টনত থকা হাভাৰ্ড বিশ্ববিদ্যালয়ত এম বি এ পঢ়িবলৈ যায়। ২৩ বছৰ বয়সত তেওঁ উত্তৰ-পূবৰ প্ৰথমজন হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা এম বি এ কৰি স্বদেশলৈ ঘূৰি আহে।
অসমত চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল।বৰুৱা দেৱে অসম তথা পূব ভাৰতৰ সাহিত্য- শিল্প- সংস্কৃতিৰ জগতখনলৈও অভূতপূৰ্ব বৰঙনি আগবঢ়াই থৈ গৈছে। তেওঁ বাৰ বছৰ কাল ভাৰতীয় টি ব’ৰ্ডৰ সদস্য, কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী দপ্তৰৰ পৰামৰ্শ পৰিষদৰ সদস্য, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, টোকোলাই চাহ গৱেষণা সংস্থাৰ সভাপতি, তেৰ বছৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ ডিৰেক্টৰ, আই এ চি বৰ্ডৰ সদস্য, ভাৰতীয় জীৱন বীমা নিগমৰ পৰামৰ্শ সমিতিৰ সদস্য, অসম চাহ নিগমৰ সভাপতি, অসম বিত্তীয় নিগম, অসম ঔদ্যোগিক উন্নয়ন নিগম, অসম পেট্ৰ’কেমিকেলছ, ভাৰতীয় অন্তৰ্দেশীয় জল পৰিবহণ নিগমৰ সদস্য আছিল। ইয়াৰোপৰি তেওঁ দুটা বছৰৰ বাবে ভাৰতীয় চাহ সংস্থাৰ সভাপতি আছিল।অসম টী ব্ৰুকাৰ্ছ লিমিটেড, বি এণ্ড এ মাল্টিৱেল পাকেজিং, হেৰিটেজ নৰ্থ ইষ্ট প্ৰাইভেট লিমিটেড আৰু কাজিৰঙা গ'ল্ফ ক্লাব লিমিটেডৰ স্বত্বাধিকাৰী আছিল।
হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই অসম তথা পূব ভাৰতৰ সাহিত্য-শিল্প-সংস্কৃতিৰ জগতখনলৈও অভূতপূৰ্ব বৰঙনি আগবঢ়াইছে। তেখেত সাহিত্য-কলা-সংস্কৃতিৰ প্ৰতি আগ্ৰহী তথা এক বিৰল সংগীতপ্ৰেমী আৰু চিত্ৰ সংগ্ৰাহক।এওঁ পাশ্চাত্য সংগীত, ভাৰতীয় সংগীতৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ সংগীত, বৰগীত সকলোৰে সংগ্ৰহ কৰি ৰাখিছে। হাজৰিকাই গোৱা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতেৰে প্ৰথম লং প্লেয়িং ৰেকৰ্ডখন তেখেতৰ উদ্যোগতে ওলাইছিল।
২০১৩ চনৰ ২৬ জুলাইত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই ৩১ জুলাইত হৃদৰোগত আক্ৰান্ত হৈ শ্বাস-প্ৰশ্বাস বন্ধ হৈ যোৱাৰ ফলত ৭-২০ বজাত বেংককত তেখেতৰ মৃত্যু হয়।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments