27 July, Sat 2024
support@thecriticalscript.com
Blog image

হাফলং প্ৰকৃতিৰ এক অনন্য সৃষ্টি

27 Oct,2023 04:19 PM, by: Ankita Gogoi
1 minute read Total views: 531
0 Like 0.0

অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম৷ ।ডিমা হাছাও জিলাৰ হাফলঙৰ প্ৰাকৃতিক বৈশিষ্ট্যৰ বাবে সকলোৱে ইয়াক 'মিনি চুইজাৰলেণ্ড' বুলি কয় । সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬৮০ মিটাৰ উচ্চতাত অৱস্থিত এই হাফলং চহৰ । ডিমা হাছাও জিলাৰ মুখ্য কাৰ্যালয় হিচাপে পৰিগণিত হাফলং চহৰ ৰাজ্যখনৰ মুখ্য চহৰ গুৱাহাটীৰ পৰা প্ৰায় ৩৪৫ কিলোমিটাৰ দূৰত অৱস্থিত । Haflau" বা "Hangkhlong" শব্দৰ পৰা হাফলং চহৰৰ নাম উদ্ভৱ হোৱা বুলি অনুমান কৰা হয়৷ ডিমাছা ভাষাত ইয়াৰ অৰ্থ হৈছে পৰুৱাৰ পৰ্বত (Ant Hill)৷জেমি নগাসকলৰ মত অনুসৰি এই নামটো হাফলঙৰ ঐতিহাসিকভাৱে মালিকীস্বত্ব থকা Hamlong নামৰ এজন ব্যক্তিৰ নামেৰে সৃষ্টি হয়৷সমুদ্ৰপৃষ্ঠৰ পৰা ২,৩০০ ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ এক ভূ-স্বৰ্গ। পৰ্যটনৰ এক উল্লেখযোগ্য স্থান হিচাবে হাফলং জনপ্ৰিয়।সাধাৰণতে হাফলঙত প্ৰচলিত ভাষাবোৰ হ'ল হিন্দী, ডিমাছা, মাৰ, জেমি নগা, কুকি, খাচী, বিয়াটে, বাংলা, অসমীয়া, নেপালী আৰু কংগোল ৷ হাফলং হ্ৰদটো পাহাৰীয়া অঞ্চলটোৰ কেন্দ্ৰত অৱস্থিত আৰু ই অসমৰ অন্যতম বৃহৎ প্ৰাকৃতিক জলাশয়।

মাইবং ষষ্ঠদশ শতিকাৰ ডিমাচা ৰাজবংশৰ বুৰঞ্জী কঢ়িওৱা এখন বুৰঞ্জীপ্ৰসিদ্ধ ঠাই। মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন বহু ভগ্নাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷

হাফলঙত পৰ্যটকৰ বাবে আকৰ্ষণীয় স্থলীসমূহৰ ভিতৰত অন্যতম হৈছে জাতিংগা | মাইবঙৰ পৰা 47 কিল’মিটাৰ দূৰত্ব জাতিংগালৈ আৰু জাতিংগাৰ পৰা মাত্ৰ 10 কিল’মিটাৰ আঁতৰত হাফলং | জাতিংগা গাঁওখনলৈ নানা ৰঙী বিদেশী পৰিভ্ৰমী চৰাইবোৰ আহে। ইয়াত চেপ্তেম্বৰ -অক্টোবৰ মাহত দক্ষিণ দিশৰ পৰা এজাক প্ৰবল বতাহ বয় আৰু আকাশখন আন্ধাৰে আৱৰি ধৰে , আৰু তেতিয়াই বিদেশী পৰিভ্ৰমী চৰাইবোৰ আহে আৰ ৰহস্যজনক ভাৱে মৃত্যুবৰণ কৰে ।এই সময়ছোৱাতে যথেষ্ট সংখ্যক পৰ্যটক ইয়ালৈ আহে ।

হাফলং হ্ৰদ পৰ্যটকসকলৰ মাজত খুবেই জনপ্ৰিয় হ্ৰদ। এই হ্ৰদত বিভিন্ন জলক্ৰীড়াকে ধৰি এক শান্ত পৰিৱেশত হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ইয়ালৈ আহে পৰ্যটকসকল।

ফিয়াংপুই গীৰ্জা হাফলঙৰ পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা। বৰদিনৰ পূৰ্বে বিশেষ প্ৰাৰ্থনা আয়োজনৰ লগতে আটকধুনীয়াকৈ সজাই তোলা হয় এই গীৰ্জাটো।

বৰাইল হিলত পৰ্বতাৰোহণ অসমৰ দ্বিতীয় উচ্চতম পাৰ্বত্যভূমি। বৰাইল ৰেঞ্জত অৱস্থিত অসমৰ দ্বিতীয় উচ্চতম পাহাৰ বৰাইলৰ পৰা প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজি উপভোগ কৰিব পাৰি।

আন এক আকৰ্ষণস্থলী হৈছে হাফলঙৰ আৱৰ্ত ভৱন।তাত ফুলি থকা নানা ৰঙীন ফুলৰ  সৰু উদ্যানখন অতি মোহনীয়।ইয়াত পাহাৰৰ মাজেৰে বৈ গৈছে দৈয়াং নৈ ,তাৰ ওপৰত দূৰৈৰ পৰা জিলিকি থকা দলংখনে দুগুনে সৌন্দৰ্য বৃদ্ধি কৰিছে।


সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.