
অসমৰ শিল্প আৰু সংস্কৃতি – এক ঐতিহাসিক পৰিফলন
অসম পৰম্পৰাগত শিল্পৰূপেৰে চহকী ৰাজ্যখনৰ বৈচিত্ৰময় জাতিগত আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। কিছুমান বিশিষ্ট উদাহৰণ হ’ল বেত আৰু বাঁহৰ শিল্পকৰ্ম, ধাতুৰ কাম, কাঠৰ খোদিত, মৃৎশিল্প, গহনা, চিত্ৰকলা, আৰু বস্ত্ৰশিল্প, বিশেষকৈ হস্ততাঁত বোৱা। অসমীয়া সংস্কৃতিতো মুখা আৰু মৃৎশিল্পই এক উল্লেখযোগ্য স্থান দখল কৰিছে।
অসমৰ মৃৎশিল্প
অসমৰ মৃৎশিল্পৰ ইতিহাস দীৰ্ঘদিনৰ। ধাতৱ শিল্প উদ্ভৱ হোৱাৰ আগতে মাটিৰে তৈয়াৰ কৰা সামগ্ৰীবোৰ নিত্য ব্যৱহাৰ হৈছিল। হীরা আৰু কুমাৰ সম্প্ৰদায়ৰ লোকসকলে এই শিল্পৰ বিকাশত বিশেষ ভূমিকা লৈছিল। আহোম আৰু কছাৰী ৰাজত্বত ইটা তৈয়াৰ শিল্প উন্নত হৈছিল—কিছুমান ইটা অলংকৃত, কিছুমান সৰল। কেঁচা মাটিত জীৱ-জন্তু, চৰাই, দেৱ-দেৱী, মানুহ আদিৰ মূৰ্তি খোদাই কৰি তাক পুৰি শোণিত কৰিলে টেৰাকটা ভাস্কৰ্য ৰূপ লৈছিল। জয়সাগৰৰ ঘনশ্যাম দ’ল আৰু কামাখ্যাৰ এটি মন্দিৰত আজিও এই ধৰণৰ ভাস্কৰ্য দেখা পোৱা যায়।মৃৎশিল্পত ব্যৱহাৰ কৰা সঁজুলিৰ ভিতৰত আফৰী, দান শিল, পিতুন, পেঘালি, এথালি, কোৰ, গায়ন, চাক, চোচনী, মাটি অনা নাও বা ঠেলা আৰু হাত শিল প্ৰধান।
বাঁহ আৰু বেতৰ শিল্প
অসম বাঁহ আৰু বেতৰ শিল্পকৰ্মৰে চহকী, আৰু এই কেঁচামালৰ উপলব্ধতাই ৰাজ্যৰ অৰ্থনীতিৰ অবিচ্ছেদ্য ভূমিকা পালন কৰে। ঘৰুৱা সামগ্ৰী আৰু বোৱাৰ সঁজুলিৰ পৰা আৰম্ভ কৰি আনকি পৰম্পৰাগত ঘৰ আৰু বাদ্যযন্ত্ৰৰ কিছু অংশলৈকে বাঁহ আৰু বেতৰ সামগ্ৰীয়ে দৈনন্দিন জীৱনত স্থান লাভ কৰে। দক্ষ শিল্পীয়ে বাঁহ আৰু বেত দুয়োটাকে ধুনীয়া আচবাব আদিৰ ৰূপ লয়।অসমৰ পৰম্পৰাগত জাপি অসমৰ সাংস্কৃতিক ঐতিহ্যৰ গৌৰৱময় প্ৰতীক।
আশাৰীকান্দি টেৰাকোটা
আশাৰীকান্দি গাঁও, যি নামনি অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত, সমগ্ৰ বিশ্বতে টেৰাকোটা শিল্পৰ বাবে পৰিচিত। এই শিল্পগাঁৱৰ ইতিহাস বহু পুৰণি আৰু মূলত পাল বংশৰ লোকসকলৰ দ্বাৰা পৰিচালিত হৈছিল। পালসকল কুমাৰ জাতিৰ লগত জড়িত থাকি, শতাধিক বছৰ ধৰি এই টেৰাকোটা শিল্প ধৰি ৰাখিছে।আশাৰীকান্দিৰ টেৰাকোটা শিল্পত পালসকলৰ নিজস্ব শৈলী ধৰা পৰে। তেওঁলোকৰ হাতেৰে গঠিত মূৰ্তি, হস্তশিল্প আৰু কলাকৃতি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয়।
মুখা শিল্প
অসমৰ শিল্প সমূহৰ ভিতৰত মুখা-শিল্পৰ এক উল্লেখযোগ্য অৱদান আছে। মহাপুৰুষ শ্ৰীমন্তশঙ্কৰ দেৱৰ অংকীয়া ভাঁওনা সমূহত থকা বিভিন্ন চৰিত্ৰৰ মুখমণ্ডলৰ হুবহু গঢ় দিৱলৈ শিল্পীয়ে সুদক্ষ হাতেৰে মূখা সমূহ গঢ়ি তোলে।পোন্ধৰ শতিকাতে মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল। শ্ৰীমন্ত শংকৰদেৱে মাজুলীৰ চামগুৰি সত্ৰত প্ৰথমতে ভাওনা পৰিবেশনৰ বাবে মুখা শিল্পৰ প্ৰবৰ্তন কৰিছিল।গুৰুজনাই ৰচনা কৰা প্ৰথমখন নাট ‘চিহ্ন যাত্ৰা‘ত প্ৰথমবাৰৰ বাবে গৰুড় পক্ষী, চতুড়ানন ব্ৰহ্মা, শিৱ আদি চৰিত্ৰৰ বাবে মুখা হুবহু ৰূপত সাজি তাত তুলিকাৰে অংকিত কৰি সৰ্ম্পূন ৰূপ ফুটাই তোলা হয়।অংকীয়া নাট পৰিবেশনৰ সময়ত ভাঁৱৰীয়া সকলে চৰিত্ৰানুসাৰে এই মুখা সমূহ পৰিধান কৰি মূল চৰিত্ৰ প্ৰদৰ্শন কৰে। মাজুলীৰ শিল্পী সকলৰ মূখা-শিল্পৰ সৃষ্টি সমূহ উল্লেখনীয়।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments