11 March, Wed 2026
support@thecriticalscript.com
Blog image

পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন এম বি এ ডিগ্ৰীধাৰী

11 Mar,2026 01:31 PM, by: Ankita Gogoi
1 minute read Total views: 34
0 Like 0.0

পদ্মশ্ৰী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, ১৯৪৯ চনত আমেৰিকাৰ ব’ষ্টনত স্থিত হাভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা উত্তৰ-পূব ভাৰতৰ প্ৰথমজন লোক হিচাপে এম বি এ ডিগ্ৰীধাৰী আছিল। তেখেত উত্তৰ পূৱ‌ ভাৰতৰ এজন আগশাৰীৰ উদ্যোগপতি আছিল। ১৯৫০ চনত ২৩ বছৰ বয়সতে তেওঁ পৰিয়ালৰ চাহ বাগিচা সমূহ পৰিচালনা কৰাৰ দায়িত্ব লৈছিল।অসমত চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁৰ কোম্পানীয়েই আছিল প্ৰথম অসমীয়া মালিকাধীন কোম্পানী যি পাব্লিক ইকুইটি শ্বেয়াৰৰ জৰিয়তে মূলধন সংগ্ৰহ কৰিছিল আৰু মুম্বাই, কলিকতা, আহমেদাবাদ আৰু গুৱাহাটী এক্সচেঞ্জৰ তালিকাভুক্ত হৈছিল।

তেওঁ বাৰ বছৰ কাল ভাৰতীয় টি ব’ৰ্ডৰ সদস্য, কেন্দ্ৰীয় উদ্যোগমন্ত্ৰী দপ্তৰৰ পৰামৰ্শ পৰিষদৰ সদস্য, কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ গৱেষণা আৰু উন্নয়ন সমিতিৰ অধ্যক্ষ, টোকোলাই চাহ গৱেষণা সংস্থাৰ সভাপতি,  অসম চাহ নিগমৰ সভাপতি, অসম বিত্তীয় নিগম, অসম ঔদ্যোগিক উন্নয়ন নিগম, অসম পেট্ৰ’কেমিকেলছ, ভাৰতীয় অন্তৰ্দেশীয় জল পৰিবহণ নিগমৰ সদস্য আছিল। ইয়াৰোপৰি তেওঁ দুটা বছৰৰ বাবে ভাৰতীয় চাহ সংস্থাৰ সভাপতিও আছিল। অসম টী ব্ৰুকাৰ্ছ লিমিটেড, বি এণ্ড এ মাল্টিৱেল পাকেজিং, হেৰিটেজ নৰ্থ ইষ্ট প্ৰাইভেট লিমিটেড আৰু কাজিৰঙা গ'ল্ফ ক্লাব লিমিটেডৰো স্বত্বাধিকাৰী আছিল।

ইয়াৰ বাহিৰেও তেখেত সাহিত্য-কলা-সংস্কৃতিৰ প্ৰতিও আগ্ৰহী আছিল। তেওঁ পাশ্চাত্য সংগীত, ভাৰতীয় সংগীতৰ পৰা আৰম্ভ কৰি ৰবীন্দ্ৰ সংগীত, বৰগীত সকলো সংগ্ৰহ কৰি ৰাখিছে। ভূপেন হাজৰিকাই গোৱা পাৰ্বতি প্ৰসাদ বৰুৱাৰ গীতেৰে প্ৰথম লং প্লেয়িং ৰেকৰ্ডখন তেখেতৰ উদ্যোগতে ওলাইছিল।

২০১৩ বৰ্ষৰ ২৬ জানুৱাৰীত ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰ বাবে হেমেন্দ্ৰ প্ৰসাদ বৰুৱাক সন্মানিত কৰে।একে বৰ্ষৰে ৩১ জুলাইত বেংককত তেখেতে মৃত্যুবৰণ কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.