গিলবাৰ্টছন চাংমা ‘Man with Golden Boot’
অসম ফুটবলৰ এটা যুগৰ অৱসান ঘটিল।অৱশেষত ভৰিৰ যাদুৰে জগত জিনা অসমৰ কিংবদন্তি ফুটবলাৰ গিলবার্টছন চাংমাইৰ দেহাৱসান ঘটে।
গিলবাৰ্টছন চাংমাই সত্তৰৰ দশকত ভাৰতীয় ফুটবলৰ এগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। তেওঁ ১৯৫৫ চনৰ ১২ এপ্ৰিলত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰিছিল । তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ হৈ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল।‘Man with Golden Boot’ হিচাপে পৰিচিত গিলবাৰ্টছন চাংমাই।দশম শ্ৰেণীতে শিক্ষা সামৰি তেওঁ ১৯৭১ চনত আৰক্ষী কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ অসম পুলিচ দলৰ অধিনায়ক দায়িত্ব পালন কৰে। তেওঁ ফুটবলৰ যোগেদি অসম আৰক্ষীক এক উচ্চ পৰ্যায়লৈ লৈ গৈছিল ।
গিলবাৰ্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠ সাতবাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল , আৰু ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্ব লৈছিল।
১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে। ১৯৮৫ চনত তেওঁ যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়। ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments