27 September, Sun 2026
support@thecriticalscript.com
India Flag INDIA ASIAN GAMES MEDAL MONITOR  ·  India: 🥇 0 | 🥈 0 | 🥉 0 | Total: 0
Blog image

যতীন্দ্ৰনাথ দুৱৰা সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক

17 Feb,2024 06:09 PM, by: Ankita Gogoi
1 minute read Total views: 4459
0 Like 0.0

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চ তাৰিখে শিৱসাগৰত৷কবি হিচাপে যতীন্দ্ৰনাথ দুৱৰাৰ কৃতিত্ব অপৰিসীম। ৰংপুৰৰ সম্ভ্ৰান্ত দুৱৰা বংশৰ শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰাৰ সন্তান যতীন্দ্ৰ নাথ আছিল কামদেৱৰ দৰে সুন্দৰ আৰু বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা যতীন্দ্ৰনাথ দুৱৰাই জৰ্জ ইন্‌ষ্টিটিউচন স্কটিছ চার্চ কলেজিয়েট স্কুল, কলিকতা বিশ্ববিদ্যালয়ৰ আৰু ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয় আদিত শিক্ষাদান কৰিছিল। ‘বনফুল’কবিতাপুথিৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। উল্লেখযোগ্য যে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক আছিল যতীন্দ্ৰনাথ দুৱৰা।বনফুল হৈছে কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথি। কলিকতাত প্ৰবাসী হৈ থকা কালত যতীন্দ্ৰ নাথ দুৱৰাই বনফুল কবিতাপুথিখনৰ ৰচনা কৰে। ১৯৫২ চনত প্ৰকাশিত কবিতাপুথিখনত মুঠ ৫০টা কবিতা আছে।

কবি যতীন্দ্ৰনাথ দুৱৰাৰ প্ৰথম কবিতা পুথি ওমৰখায়ামৰ 'ৰুবায়ত'ৰ অসমীয়া ভাঙনি "ওমৰতীর্থ”। এই পুথিখন প্রকাশ হয় ১৯২৬ চনত। ৰুছসাহিত্যিক টুর্গেনিভৰ 'Poem is Prose'-ৰ আদৰ্শত "কথাকবিতা” প্রকাশ হয় ১৯৩৩ চনত। তেখেতৰ প্ৰথম কাব্যসংকলন “আপোনসুৰ” ওলায় ১৯৩৮ চনত। দ্বিতীয়খন কাব্যসংকলন “বনফুল" প্রকাশিতহয় ১৯৫২ চনত। চুফী সাধক হাফেজৰ জীৱন-দর্শনে কবি দুৱৰাক আকৃষ্ট কৰিছিল| এই দৰ্শনৰ সাৰভাগলৈ ৰচা দীঘলীয়া কবিতা “মিলনৰসুৰ” ১৯৫৬ চনত প্রকাশিত হৈছিল। তেখেতৰ বিভিন্নপত্র-পত্রিকাত আৰু হাতেলিখা অৱস্থাত থকা কবিতাবোৰ থুপাই ১৯৭৬ চনত "মৰমৰসুৰ” নাম দি প্রকাশ কৰা হয়।

 

যতীন্দ্ৰনাথ দুৱৰা কবি হিচাপেহে প্রখ্যাত যদিও তেখেতে কিছু গদ্য ৰচনা কৰিছিল| সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত "বাঁহী"ৰ কাৰণে তেখেতে কবিতাৰ উপৰি প্ৰবন্ধ আদিও ৰচনা কৰিছিল| তাগিদাত লিখা গদ্যৰ উপৰি কেইবাখনো কিতাপৰ পাতনি, অভিভাষণবোৰতো দুৱৰাৰ গদ্য ৰচানে দেখিবলৈ পোৱা যায়। তেখেতে লিখা কেইটামান প্ৰবন্ধৰ নাম "সাহিত্য", "হাস্যৰস”, “উপন্যাস” “উপন্যাসৰধাৰা”, “মহাপুৰুষশঙ্কৰদেৱ” আদি | দুৱৰা দেৱে বিনন্দ চন্দ্ৰ বৰুৱাৰ "প্রতিধ্বনি” আৰু যতি নাৰায়ণ শৰ্মাৰ “হেৰুৱাস্বৰ্গ" কবিতা পুথিৰ পাতনিও লিখিছিল।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.