
গুৱাহাটীৰ উন্মুক্ত নলা আৰু নিৰীহ লোকৰ মৃত্যু! দুৰ্ঘটনাৰ পিছতহে কিয় সাৰ পায় প্ৰশাসন?
গুৱাহাটী স্মাৰ্ট চিটি বুলি আমি সকলোয়ে জানো। ইয়াত আকাশচুম্বী ঘৰ নিৰ্মাণ কৰা হৈছে, ডাঙৰ ডাঙৰ প্ৰকল্প চলি আছে, চৰকাৰে উন্নয়নৰ কাহিনী কয়। কিন্তু এই জিলিকনিৰ আঁৰত লুকাই আছে এক কঠোৰ বাস্তৱ: উন্মুক্ত নলা আৰু অসম্পূৰ্ণ নিৰ্মাণ গুৱাহাটীবাসীৰ বাবে মাৰাত্মক বুলি প্ৰমাণিত হৈছে। এনে বহু দুৰ্ঘটনা সংঘটিত হৈছে য'ত নিৰীহ শিশু বা পথচাৰী এই মুকলি নলাবোৰত পৰি প্ৰাণ হেৰুৱাই পেলাইছে। আৰু তাৰ পিছত প্ৰশাসন সাৰ পায়।উল্লেখ্য গুৱাহাটী অন্যতম দীৰ্ঘতম উৰণ সেতু নিৰ্মাণ হৈ থকাৰ আজাদ ৰোডত সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। পথৰ মাজতো কেৱল প্ৰকাণ্ড-প্ৰকাণ্ড গাত।
শেহতীয়া ঘটনাঃ
বিকাশ আৰু কেৱল বিকাশ হৈ থকা গুৱাহাটীত উন্মুক্ত নলাই প্ৰাণ কাঢ়ি নিলে এটি ৩ বছৰীয়া কণমানিৰ।গুৱাহাটীৰ কালাপাহাৰ অঞ্চলত ৩ বছৰীয়া নিৰীহ সুনীত সাহু খেলা-ধূলা কৰি থকা অৱস্থাত হঠাতে নির্মাণিত মুকলি নলাত পৰি যায়৷ওচৰৰ মানুহে লৰালৰিকৈ আহিছিল, তেওঁক উলিয়াই আনি লগে লগে জি এম চি এইচ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। কিন্তু প্ৰশ্নটোও উত্থাপন হ’ল - এই দুৰ্ঘটনা ৰোধ কৰিব নোৱাৰিলেহেঁতেননে?
কিয় দায়ী বিষয়াসকল?
কেইবামাহো ধৰি এই নলা নিৰ্মাণৰ কাম আধৰুৱা হৈ আছিল। ঢাকনি লগোৱা হোৱা নাছিল।নিৰাপত্তাৰ চক্ৰ নিৰ্মাণ কৰা হোৱা নাছিল।আনকি সতৰ্কবাণী ফলকো নাছিল।স্থানীয় লোকে কয় যে তেওঁলোকে বহুবাৰ অভিযোগ কৰিছিল যদিও পৌৰ নিগম আৰু ঠিকাদাৰে কোনো গুৰুত্ব নিদিলে।অৰ্থাৎ এই দুৰ্ঘটনা কেৱল "দুৰ্ভাগ্য" নাছিল, বৰঞ্চ গাফিলতিৰ ফল আছিল।
দুৰ্ঘটনাৰ পিছত ব্যৱস্থা
সদায় হোৱাৰ দৰে দুৰ্ঘটনাটোৰ পিছতহে প্ৰশাসন সাৰ পায়। নিৰ্মীয়মান উৰণীয়া সেতুৰ ছাইটত গাফলতিৰ বাবে এটি শিশু মৃত্যুৰ গোচৰত অসম আৰক্ষীয়ে এটা ব্যক্তিগত নির্মাণ সংস্থাৰ সঞ্চালক আৰু দুজন কর্মচাৰীক আটক কৰে ৷ এগৰাকী আৰক্ষী বিষয়াই সদৰী কৰিছে যে,” পিতৃৰ পৰা পোৱা অভিযোগ অনুসৰি ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেড (বিআইপিএল)ৰ গাফিলতিৰ বাবে তেওঁৰ পুত্ৰৰ মৃত্যু হৈছিল। আমাৰ তদন্তৰ অংশ হিচাপে আমি লোক নিৰ্মাণ বিভাগ (পিডব্লিউডি)ৰ সৈতে আলোচনা কৰিলোঁ আৰু তিনিজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।” উল্লেখ্য যে, বিআইপিএলক এই উৰণীয়া সেতু নিৰ্মাণৰ ঠিকা দিয়া হৈছিল। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ সকলো উন্মুক্ত MANHOLE আৰু নলাৰ উপগ্ৰহৰে জৰীপ চলাই প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে। ড° শৰ্মাই নলা উন্মুক্ত কৰি ৰখাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰে।এই সকলোবোৰ বিপদজনক ঠাই তৎক্ষণাত নিৰাপদ ঢাকনি আৰু শক্তিশালী আৱৰণেৰে বন্ধ কৰি ৰাখিব লাগে।পৌৰ নিগম আৰু ঠিকাদাৰৰ গাফিলতিৰ বিৰুদ্ধে দায়িত্ব নিৰ্ধাৰণ কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।ভৱিষ্যতে এনে নিৰ্মাণ কামত সুৰক্ষাৰ মানদণ্ড কঠোৰভাৱে পালন কৰিব লাগে।
এয়া প্ৰথম দুৰ্ঘটনা নহয়।প্ৰতি বছৰে বাৰিষা কালত বহু মানুহ আৰু শিশু খোলা নলাত পৰি যায়। মাজে মাজে স্থানীয় সংবাদ মাধ্যমে এই দুৰ্ঘটনাবোৰ দেখুৱাই যদিও অলপ সময়ৰ পিছত সকলো মৌন হৈ পৰে।অভিযোগৰ পিছতো সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ পৰিৱৰ্তে প্ৰশাসনে প্ৰতিবাৰেই দুৰ্ঘটনাৰ বাবে অপেক্ষা কৰে।সুনীতৰ মৃত্যুৰ পিছত কালাপাহাৰ অঞ্চলৰ ৰাইজে কয়। "এই দুৰ্ঘটনাটো পূৰ্ব পৰিকল্পিত আছিল। আমি বাৰে বাৰে সকীয়াই দি থাকিলোঁ, কিন্তু কোনেও শুনা নাছিল।"কাৰো মৃত্যু নোহোৱালৈকে গুৱাহাটী পৌৰ নিগম আৰু ঠিকাদাৰৰ সাৰ নাপায়।"
নিয়মীয়া সুৰক্ষা অডিট - চহৰৰ সকলো নলা আৰু মেনহ’ল প্ৰতি ৩ মাহৰ মূৰে মূৰে পৰীক্ষা কৰিব লাগে।
নিৰ্মাণ স্থানত অস্থায়ী নিৰাপত্তা - অসম্পূৰ্ণ নলা তৎক্ষণাত ঢাকি ৰখাৰ নিয়ম থাকিব লাগে আৰু সতৰ্কবাণী বৰ্ড লগাব লাগে।
জবাবদিহিতা নিৰ্ধাৰণ – ঠিকাদাৰৰ লগতে দায়িত্বশীল বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব লাগে।
নাগৰিক প্ৰতিবেদন ব্যৱস্থা – এনে এটা হেল্পলাইন/এপ থাকিব লাগে য’ত মানুহে তৎক্ষণাত অভিযোগ পঞ্জীয়ন কৰিব পাৰে।
তিনি বছৰীয়া নিৰীহ সুনীত সাহু আৰু এই পৃথিৱীত নাই। তেওঁৰ মৃত্যু কেৱল এটা পৰিয়ালৰ নহয়, সমগ্ৰ চহৰখনৰ প্ৰশাসনিক ব্যৰ্থতাৰ প্ৰমাণ। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ আৰু চেটেলাইট ইমেজিঙৰ দৰে পদক্ষেপ আগতেই লোৱা খুবেই প্ৰয়োজন।দুৰ্ঘটনাৰ আগত এই ব্যৱস্থাই কাম কৰিবলৈ আৰম্ভ নকৰালৈকে গুৱাহাটীৰ দৰে চহৰত এনে মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈ থাকিব।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments