17 July, Wed 2024
support@thecriticalscript.com
Blog image

ভোগালী বিহুৰ পৰম্পৰা

13 Jan,2024 04:45 PM, by: Ankita Gogoi
1 minute read Total views: 415
0 Like 0.0

উত্তৰ-পূব ভাৰতৰ এখন সুন্দৰ ৰাজ্য অসম চহকী সাংস্কৃতিক ঐতিহ্য আৰু জীপাল উৎসৱৰ বাবে জনাজাত। ৰাজ্যজুৰি ভোগালী বিহুৰ প্ৰস্তুতি তুংগত ৷  জানুৱাৰী মাহত উদযাপন কৰা এই অনুষ্ঠানত শস্য চপোৱাৰ বতৰৰ অন্ত পৰে আৰু নতুন কৃষি চক্ৰৰ আৰম্ভণি হয়।এই সময়ত মানুহে প্ৰচুৰ শস্যৰ বাবে দেৱতাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আগন্তুক এটা সমৃদ্ধিশালী বছৰৰ বাবে প্ৰাৰ্থনা কৰে। 

ভোগালী বিহুৰ কেইমাহমান আগতে প্ৰস্তুতি আৰম্ভ হয়। কৃষকসকলে নিজৰ শস্য চপাই লয় আৰু শস্যৰ ভঁৰালবোৰ প্ৰচুৰ খাদ্যৰে ভৰি পৰে। মাঘ বিহুৰ আন এক অন্যতম আকৰ্ষণ হ'ল মেজি পোৰা। এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তিও বোলা হয়। এই উৎসৱত ‘মেজি’ বা ‘ভেলাঘৰ’ নামৰ অস্থায়ী জুপুৰি নিৰ্মাণ কৰা হয়। এই জুপুৰিবোৰ বাঁহ, পাত, খেৰ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয় আৰু ই সমাজৰ বাবে গোট খোৱাৰ স্থান হিচাপে কাম কৰে।

এই বিহুৱে অসমীয়া সমাজৰ ঐক্য আৰু মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখিছে। বিহুৰ সকলো কামেই সমূহীয়াভাৱে পালন কৰা হয় যিয়ে মানুহৰ মাজত ঐক্যভাৱ বৃদ্ধি কৰে। বিহুৰ জৰিয়তে মানুহৰ মাজত বয়ন শিল্প, খেল-ধেমালি আদিৰো উন্নতি সাধন হয়। 


ইতিহাস

মাঘ বিহু আদিম যুগৰ পৰাই সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে। মাঘ বিহু আদিম যুগৰ বড়ো মূলীয় লোক সকলৰ প্ৰধান উৎসৱ আছিল। ইয়াৰ পিছত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল।

চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। আহোম ৰজা ৰুদ্ৰসিংহৰ দিনৰ পৰা বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল। ৰজা‌সকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম'হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়। এই সমূহ কাৰ্যৰ সুষমতাৰ বাবে ৰজাঘৰীয়া খেল আৰু বিষয়বাব আছিল। যেনে- হাতীবৰুৱা, শেনচোৱা ফুকন, কুকুৰাচোৱা বৰুৱা ইত্যাদি। 


উৰুকা

পুহ মাহৰ শেষৰ দিনটোত উৰুকা হিচাপে পালন কৰা হয়। সিদিনা গাঁৱৰ ডেকা সকলে নৰা কাটি পুহতে প্ৰস্তুত কৰা ভেলাঘৰত লগ লাগি ভোজ ভাত খাই নাচি বাগি উজাগৰে থাকে।

নিশাটো ৰং-ধেমালিৰে মেজিঘৰত কটোৱাৰ পাছত পুৱা পৰম্পৰাগত ৰীতি-নীতিৰে অগ্নিদেৱতাক পূজা কৰি মেজিঘৰ জ্বলোৱা হয়, গাঁৱৰ ডেকা-বুঢ়াই একেলগে বিহুৰ জলপান খায়। ইজনে সিজনক বিলাই হিয়াভৰা মৰম আৰু আশীর্বাদ। তাৰ পাছত ঠাই বিশেষে ম’হযুঁজ, কণীযুঁজ, কড়িখেল, বুলবুলি চৰাইৰ যুঁজ আদি পৰম্পৰাগত খেল-ধেমালিৰে বিহুৰ ৰং-আনন্দত মতলীয়া হৈ পৰে অসমীয়া জাতি।মেজিৰ ব্যৱহাৰ উজনি অসমত তুলনামূলকভাৱে বেছি বুলি জনা যায়।

বিহুৰ খাদ্য

মাঘ বিহুক ভোগালী অৰ্থাৎ ভোগৰ উৎসৱ বুলি কোৱা হয়। বিহু উপলক্ষে অসমীয়া ৰাইজে বিভিন্ন ধৰণৰ জা-জলপান, পিঠা-পনা আৰু লাড়ুৰ প্ৰস্তুত কৰে। এই উৎসৱৰ এক বিশেষ পিঠা হ'ল তিল পিঠা। ইয়াৰ উপৰিও খোলাচাপৰীয়া পিঠা, টেকেলী পিঠা, পানী পিঠা, চুঙা পিঠা, ঘিলা পিঠা, সুতুলী পিঠা, তেল পিঠা, হেঁচা পিঠা, ডেকা পিঠা, মালপোৱা, কল পিঠা, ভুৰভুৰী পিঠা ইত্যাদি তৈয়াৰ কৰা হয়। তদুপৰি ভজা চাউল, হুৰুম, কোমল চাউল, চিৰা, সান্দহ, মুড়ী, আখৈ, চুঙা চাউল ইত্যাদি জলপান তৈয়াৰ কৰা দেখা যায়। ঘৰতে পতা বিভিন্ন দৈ যেনে টেঙা দৈ, চুঙা দৈ, এঠা দৈ, মাখনৰে আলহী অতিথিক আপ্যায়ন কৰা হয়। কিছুমান অঞ্চলৰ জলপান অতি বিখ্যাত যেনে: হাজো-ৰামদিয়াৰ দৈ, সৰভোগৰ গাখীৰ, গোলাঘাটৰ মিছামৰাৰ গুৰ, তিতাবৰৰ চাউল, জাজীৰ ম'হৰ এঠা দৈ। আমিষ আহাৰৰ ক্ষেত্ৰত নামজ্বলা গোৱালপাৰাৰ গদাধৰ নদীৰ ইলিচ, নগাৱৰ লাচিম ভাঙোন, উজান বজাৰৰ মাছ, কাকডোঙাৰ বৰালি।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.