29 March, Fri 2024
support@thecriticalscript.com
Blog image

ইতিহাসপ্ৰসিদ্ধ চৰাইদেউ মৈদাম

01 Apr,2023 05:21 PM, by: Ankita Gogoi
1 minute read Total views: 5673
12 Likes 1.0

চৰাইদেউ নামৰ উৎপত্তি তাই ভাষাৰ চে-তাম-ডয় পৰা হৈছে।(চে-চহৰ, তাম-প্ৰাদদেশ, ডয়-পাহাৰ) ইয়াৰ অৰ্থ পাহাৰত জিলিকি থকা চহৰ।‌ এই চে-তাম-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে বিখ্যাত হৈ পৰে।আহোম সকলে এসময়ত ৰংপুৰৰ পৰা ৰাজধানী তুলি নি চৰাইদেউত পাতিছিল । চৰাইদেউ আহোম স্বৰ্গদেউ সকলৰ মৈদামৰ বাবে বিখ্যাত ।মৈদাম হৈছে আহোমসকলৰ পৰম্পৰাগত মৃতদেহ সংস্কাৰ প্ৰথা। আহোম ৰাজপৰিয়ালৰ লোক আৰু বিষয়ববীয়াসকলক মৈদাম প্ৰথাৰে সমাধিস্থ কৰা হৈছিল। লাহে লাহে মৃতদেহ সংস্কাৰৰ এই প্ৰথা নোহোৱা হব ধৰিলে।চৰাইদেউ প্রাক আহোম যুগতো ঐতিহাসিকভাৱে যথেষ্ট গুৰুত্বপূর্ণ ঠাই আছিল৷ বর্তমান চৰাইদেউ স্বর্গদেউ, ডা-ডাঙৰীয়া আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ মৈদাম দিয়া স্থান হিচাপে জনাজাত৷ চৰাইদেউৰ পূবে নিমনাগড়ৰ পৰা দক্ষিণ-পশ্চিমলৈ বহু ৰাজ পৰিয়ালৰ মৈদাম আছে৷ সিংহাসনত বহা স্বর্গদেউজনৰ যতেই মৃত্যু নহওক কিয় তেওঁলোকৰ শৱদেহ আনি চৰাইদেউতে মৈদাম দিয়া হৈছিল৷ পিছলৈ হিন্দুৰ শ-দাহ প্রথা আহোমসকললৈ অহাৰ পাছত চিতাভস্ম আনি চৰাইদেউত মৈদাম দিয়া হৈছিল৷ আহোম ৰাজ্যৰ ৰাজধানী বহুবাৰ স্থানান্তৰিত হলেও চৰাইদেউ প্ৰতীকী কেন্দ্ৰ হৈয়েই আছে।ইয়াত আহোম ৰজা-ৰাণীৰ পবিত্ৰ সমাধিস্থল আছে আৰু আহোমৰ পূৰ্বপুৰুষৰ দেৱতাৰো স্থান।৪২ জন আহোম ৰজা-ৰাণী চৰাইদেউ পাহাৰত থকা দৈনিক ইজিপ্তৰ পিৰামিডৰ সৈতে তুলনাযোগ্য আৰু ই মধ্যযুগীয় দিনৰ অসমৰ ভাস্কৰ্য্য শিল্পী আৰু ৰাজমিস্ত্ৰীৰ উৎকৃষ্ট স্থাপত্য আৰু দক্ষতা উন্মোচন কৰে।চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৩০ টা ভাৰতীয় পুৰাতত্ত্ব অনুসন্ধান আৰু অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰদ্বাৰা সংৰক্ষিত কৰা হৈছে।মৈদাম প্ৰথাত মৃতদেহক স্নান কৰাই ৰুংডাং, অৰ্থাৎ কাঠেৰে সজা এটা বিশেষধৰণৰ পেৰাৰ ভিতৰত সুমুৱাই ৰখা হয়।ৰুংডাং পোতা ঠাইত এটা ঘৰ তৈয়াৰ কৰা হয়।ইয়াক ৰুংডাং কাৰেং বোলে।ইয়াৰ ভিতৰত মৃতকে জীৱিতকালত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ যেনে চালপীৰা, হেংদাং, শৰাই, কটাৰী, চূণৰ টেমী আদি, ৰখা হয়।শেষত ইয়াক আগুৰি মাটিৰ এক অনুচ্চ দৌল সজা হয়।এই দৌলটোৰ ওপৰভাগক চাও চালি বোলা হয়।এই মৈদামসমূহ চাব কাৰণে দেশী-বিদেশী পৰ্যটকে ভিৰ কৰা দেখা যায়।স্থাপত্যৰ ফালৰ পৰা ই এটা বা ততোধিক কোঠাৰ সৈতে এটা বিশাল মাটিৰ তলৰ কোঠালিৰে গঠিত, যাৰ ওপৰত গম্বুজময় অধিগাঁথনি থাকে আৰু মাটিৰ টিলাৰ আবৃত আৰু বাহিৰৰ পৰা ইয়াক অৰ্ধগোলাকাৰ টিলা যেন লাগে।টিলাটোৰ ওপৰত এখন সৰু মুকলি মণ্ডপা চৌকিৰ ব্যৱস্থা কৰা হৈছে।আহোমসকলে বিদায়ী পৰিয়ালৰ লোকসকলক চৰাইদেউত সমাধিস্থ কৰাটো বিচাৰিছিল। যত প্ৰথম ৰজা চুকাফাক সমাধিস্থ কৰা হৈছিল। পোহনীয়া জীৱ-জন্তু আৰু বিপুল পৰিমাণৰ মূল্যৱান সামগ্ৰী বিদায়ী ৰজাসকলৰ সৈতে সমাধিস্থ কৰা হৈছিল।

এই বৰ্ষতে বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে ভাৰতৰ পৰা চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদাম ক্ষেত্ৰখনৰ নাম মনোনীত কৰা হৈছিলবিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ একমাত্ৰ মনোনয়ন ক্ষেত্ৰত হিচাপে চৰাইদেউ মৈদামৰ নাম ইউনেস্কোলৈ প্ৰেৰণ কৰা হৈছিল আৰু এই কথা সদৰী কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে  ইউনেস্ক'ত গ্ৰহণ কৰা হ'ল চৰাইদেউ মৈদামৰ মনোনোয়ন। বৰ্তমান দেশত স্থিত ৩২টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ (সাংস্কৃতিক)ৰ ভিতৰত উত্তৰ-পূবৰ পৰা কোনো স্থান অন্তৰ্ভুক্ত হোৱা নাই৷ অৱশ্যে, প্ৰাকৃতিক শ্ৰেণীৰ অধীনত থকা ভাৰতৰ সাতটা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ বন্যপ্ৰাণী অভয়াৰণ্যৰ নামো সন্নিৱিষ্ট হৈছে৷

 

সহায় লৈ

 

 

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

1 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.