হাবুং: ইতিহাসৰ পাতত লোকাই থকা আহোমসকলৰ দ্বিতীয় ৰাজধানী!
ইতিহাসৰ পাতত লোকাই থকা আহোমসকলৰ দ্বিতীয় ৰাজধানী হাবুং। ১২৪০ খ্ৰীষ্টাব্দত ইয়াত চাউলুং চুকাফাই ইয়াত অস্থায়ীভাৱে থকাৰ পিছত। ১২৩৫ খ্ৰীষ্টাব্দত চৰাইদেউলৈ উঠি গৈছিল।হাবুংৰ অৰ্থ হৈছে "মাটিৰে ভৰা ঠাই" অৰ্থাৎ "নদীৰ পানীয়ে খহাই অনা পলস জমা হৈ সৃষ্টি হোৱা ভূমি। "হা" মানে হৈছে "মাটি" আৰু "বুঙ" মানে হৈছে ভৰি পৰা। টাই আহোম ধৰ্মীয় ৰীতি-নীতি আৰু পৰম্পৰাৰে পূজা অৰ্চনা কৰা অসমৰ এক অদ্বিতীয় উপাসনাস্থলী।
হাবুং, পৌৰাণিক কামৰূপৰ আৰু চুতীয়া ৰাজ্যৰ এটা বৃহৎ অঞ্চল আৰু পাছলৈ আহোম ৰাজ্যৰ এক প্ৰদেশ আছিল৷ টাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী, ম' চাংবুন বুৰঞ্জী আৰু একাংশ ইতিহাসবিদৰ মতে চৰাইদেওত প্ৰথম স্থায়ী ৰাজধানী স্থাপন কৰা আগতে ই আহোম ৰাজ্যৰ অস্থায়ী বসতি স্থল আছিল। কিন্তু আন কিছু গ্ৰন্থত হাবুঙৰ কথা উল্লেখ নাই৷ হাবুং প্ৰদেশ বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত অৱস্থিত আছিল। ৱেড(১৮০০)-ৰ মতে, সোৱণশিৰি নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলন হোৱা অঞ্চলটোক হাবুং বুলি জনা গৈছিল।তেখেতৰ মতে হাবুং প্ৰদেশৰ পশ্চিমত গজলুং প্ৰদেশ আছিল আৰু এই গজলুঙৰ মাজেদি দিক্ৰং, পিচলা, ইত্যাদি নৈ বৈ গৈছিল। ১৯০০ দশকৰ শেষৰ ফালে কেইজনমান টাই-আহোম জাতীয়তাবাদী লোকে ধেমাজিৰ এটা অঞ্চলক হাবুং বুলি দাবী কৰি তাত চুকাফাৰ স্মৃতিত এখন শাল নিৰ্মাণ কৰে। তামৰ ফলিৰ তথ্য অনুসৰি, হাবুং (Ha-Vrnga Visaya) আছিল এখন প্ৰদেশ য'ত ব্ৰাহ্মণসকলক দশম শতিকাত কামৰূপৰ পাল ৰাজবংশৰ ৰত্নপালে স্থাপন কৰিছিল। কামৰূপৰ পতনৰ পাছত হাবুং চুতীয়া ৰাজ্যৰ অন্তৰ্গত হয় আৰু এই অঞ্চলত বৃহৎপাত্ৰ নামৰ এজনক শাসন কৰিবলৈ ৰখা হয়। টাই-আহোম ভাষাত লিখা সাচিপটিয়া দীন-বুৰঞ্জী অনুসৰি চাওলুং চ্যুকাফা আৰু তেঁওৰ লগত অহা লোকে হাবুঙত তিনি চন্দ্ৰ বৰ্ষ ক্ৰমে লাকনি দাপকেও, লাকনি ৰাইছেও আৰু লাকনি মুঙপ্লাও গড় বান্ধি খেতি কৰিবলৈ লয় কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যায়। চুতীয়া ৰাজ্য জয় কৰাৰ পাছত লাকনি খুতছান (১৫২৫ খ্ৰীষ্টাব্দত) চাওফা চুহুংমুংএ ক্লাংচেঙ নামৰ বিষয়া এজনক হাবুংত ৰাজত্ব কৰিবলৈ ৰাখে।
১২০০ শতিকাত কামৰূপ বিভক্ত হোৱাৰ ফলত হাবুং চুতীয়া ৰাজ্যৰ অধীনলৈ আহে। ৰত্নধ্বজপালে দদায়েক স্বেতগিৰিৰ ৰজা ভদ্ৰশেনৰ পৰা ধেমাজি অঞ্চল দখল কৰি হাবুঙৰ দক্ষিণৰ ৰতনপুৰত ৰাজধানী স্থাপন কৰে। সেই সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা টাই-আহোমসকলে অভয়পুৰত (শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙত খেতি কৰিবলৈ লয়। কিন্তু ৪ বছৰ থাকি পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ উভতি যায় য'ত বৰাহী চুতীয়াসকলক লগ পায়। উল্লেখযোগ্য যে চুকাফাই বানপানী হোৱাৰ বাবে এৰি যোৱা তিপাম (কানগং নামৰ এজন), নামৰূপ (খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ (তাখোনলাক নামৰ এজন) লেখীয়া ঠাইৰ দৰে অভয়াপুৰ আৰু হাবুং অঞ্চলত কোনো লোকক ৰাখি যোৱা নাছিল। ফলত সেই সময়ত হাবুং প্ৰদেশৰ ভূমি আহোম ৰাজ্যৰ অন্তৰ্গত হোৱা নাছিল। ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। চুতীয়া ৰজা সত্যনাৰায়ণে ১৩৯২ চনত হাবুং অঞ্চলত ব্ৰাহ্মণক ভূমি দান কৰিছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম) ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা ধৰ্মনাৰায়ণৰ পুত্ৰ দুৰ্লভনাৰায়ণৰ শদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বধয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল।
অসম চৰকাৰৰ সহযোগত হাবুঙৰ টাই ভেটিত থকা মৈদাম, পুখুৰী আৰু গড়সমূহ সংৰক্ষণ কৰি ৰু'এন চাও ছেঙ (পৰম্পৰাগত দেউশাল) স্থাপন কৰে। ১৯৯০ চনৰ ১৭ জুন তাৰিখে স্থানীয় ফুৰালুং সংঘ আৰু সেইসময়ৰ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ সহযোগত আহোম ধৰ্মৰ নিয়ম অনুসৰি আহোমসকলৰ পূজা কৰা গৃহ হলুং হ'ফি মন্দিৰৰ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰে। পাছত ৯জন শুভাকাংক্ষীৰ দ্বাৰা ৮টা খুটা প্ৰদান কৰা হয় যাৰ ফলত স্থায়ী ভাবে হ'ফিটো নিৰ্মাণ কৰি উলিওৱা হৈছিল। সেই ঠাইৰ ঐতিহ্য ৰক্ষা কৰি পৰম্পৰাগত ফুৰালুংবানফি ধৰ্মৰ নীতিনিয়মতে টাই ভেটিৰ ভিতৰত থকা হফি টোত ম'-লুং টাই-পণ্ডিতসকলে আৰু বিশেষকৈ স্থানীয় ম'-চাম পণ্ডিতসকল আৰু স্থানীয় পঞ ফুৰালুং সংঘৰ সদস্যসকলে টাই-আহোম ভাষাতে সেৱা অৰ্চনা কৰে। মন্দিৰত সেৱা আগবঢ়োৱাৰ সময়ত বিশেষ দুটামান প্ৰাচীন টাই নিয়ম পালন কৰিব লাগে। তাই-চি পৰম্পৰা কৰাটো বাধ্যতামূলক আৰু তাত কক বান ফাই (চাকি জ্বলোৱা), আই চিংলাও গোৱা আদি নিয়ম কৰা হয়, তালৈ কাই অৰ্থাত কুকুৰা নিয়ম মতে নিয়া হয়। তালৈ যাওঁতে নিয়ম অনুসৰি বিভিন্ন ৰঙৰ কুকুৰা, লাও বা সাজপানী নিয়াৰ উপৰিও বানফাই অৰ্থাৎ চাকি নিব লাগে। হাবুংলৈ তৎক্ষণাত যাব যদি কোনো ব্যক্তিয়ে নোৱাৰে তেতিয়া "মু-বাই তাম-বাই" নামৰ পৰম্পৰাৰে টোপোলা এটা বান্ধি কুকুৰা আগ বঢ়াই ৰখাৰ নিয়ম আছে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments