18 November, Wed 2026
support@thecriticalscript.com
Blog image

আৰক্ষীৰ জালত দুলীয়াজানৰ নৃশংস হত্যাকাণ্ডৰ দুই অভিযুক্তক, গ্ৰেপ্তাৰ, অভিযুক্তই দিলে শিহৰণকাৰী স্বীকাৰোক্তি

17 Nov,2026 05:30 PM, by: Ankita Gogoi
1 minute read Total views: 16
0 Like 0.0

আজিকালি অসমত অপৰাধজনিত ঘটনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। হত্যা, ডকাইতি, প্ৰৱঞ্চনা আদি বিভিন্ন অপৰাধমূলক ঘটনাই ৰাজ্যবাসীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে ডিব্ৰুগড় জিলাৰ দুলীয়াজানত সংঘটিত এক নৃশংস হত্যাকাণ্ডই সমগ্ৰ ৰাজ্যকে জোকাৰি গৈছে। নিজৰ বাসগৃহতে একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক পৰিকল্পিতভাৱে হত্যা কৰাৰ এই ঘটনাই পুনৰবাৰ ৰাজ্যৰ আইন-শৃংখলা আৰু নিৰাপত্তাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে।

১৬ নৱেম্বৰত দুলীয়াজানৰ কমলাবাৰীস্থিত নিজ বাসগৃহত নৃশংসভাৱে হত্যা কৰা হয় অৱসৰপ্ৰাপ্ত অইল ইণ্ডিয়া বিষয়া চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নীহাৰিকা ভূঞাক। জানিব পৰা মতে, ৰাজু দাস আৰু তেওঁৰ সহযোগী আমিৰ দাসে অতি পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিছিল। তিনিওগৰাকী সদস্যক হত্যা কৰাৰ পাছত ঘৰৰ দুৱাৰত তলা লগাই অতি সংগোপনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্ত দুজনে। পৰৱৰ্তী সময়ত চুবুৰীয়াই ঘৰৰ ভিতৰত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। চুবুৰীয়াৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে জানিব পাৰে যে ৰাজু দাস সেই ঘৰলৈ আহিছিল। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে ৰাজু দাসৰ সন্ধান আৰম্ভ কৰে। কিন্তু তেতিয়ালৈকে ৰাজুৱে নিজৰ সহযোগী আমিৰ দাসৰ সৈতে ৰে'লযোগে পলায়নৰ চেষ্টা চলাইছিল। অৱশেষত মৰাণ আৰক্ষী আৰু শিমলুগুৰি জি আৰ পি আৰক্ষীৰ যুটীয়া অভিযানত ১৭ নৱেম্বৰত শিমলুগুৰি জংচনৰ পৰা দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, মৃত চন্দ্ৰকান্ত ভূঞা অইল ইণ্ডিয়াৰ উৎপাদন বিভাগৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আছিল। আনহাতে, হত্যাৰ অভিযুক্ত ৰাজু দাসে কেইবাবছৰ ধৰি চন্দ্ৰকান্ত ভূঞাৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰিছিল। পৰিয়ালটোৰ সৈতে থকা পূৰ্বৰ চিনাকি আৰু ঘৰৰ বিষয়ে থকা জ্ঞানৰ সুযোগ লৈ ৰাজু দাসে সহযোগী আমিৰৰ সৈতে মিলি এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে।

হত্যাকাণ্ডৰ পিছত উদ্ধাৰ হোৱা মৃতদেহকেইটা ঘৰৰ পৃথক পৃথক স্থানত আছিল। চন্দ্ৰকান্ত ভূঞাৰ মৃতদেহ ড্ৰয়িং ৰূমত, পত্নী এলিজা ভূঞাৰ মৃতদেহ পাকঘৰৰ মজিয়াত আৰু কন্যা নীহাৰিকাৰ মৃতদেহ আন এটা কোঠাত উদ্ধাৰ কৰা হয়। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, ৰড আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তিনিওগৰাকীকে হত্যা কৰা হৈছিল। ইফালে, প্ৰকাশিত তথ্য অনুসৰি, ৰাজু দাসে ভূঞা পৰিয়ালক ঘৰভাড়া হিচাপে ৬৮ হাজাৰ টকা দিবলৈ বাকী আছিল। এই আৰ্থিক লেনদেনক কেন্দ্ৰ কৰি হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য এতিয়াও আৰক্ষীৰ তদন্তৰ বিষয়।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰাজু দাস আৰু আমিৰ দাসক আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে। হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত কাৰণ, ঘটনাৰ সম্পূৰ্ণ পৰিকল্পনা আৰু আন কোনো লোক জড়িত আছে নেকি, সেই সকলো দিশ তদন্তৰ আওতালৈ অনা হৈছে। ইফালে, এই ঘটনাত নিহত নীহাৰিকা ভূঞাই নগাঁৱৰ ‘হম এক গ্ৰুপ অফ ইনষ্টিটিউট’ৰ পৰা ২০২৫ চনত ডি.এল.এড. পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। তেওঁৰ মৃত্যুত শিক্ষানুষ্ঠানখনত শোকসভাৰ আয়োজন কৰা হয়। প্ৰতিষ্ঠানখনৰ অধ্যক্ষ, শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

এটা পৰিয়ালৰ তিনিগৰাকী সদস্যক এনেদৰে নিজ বাসগৃহতে হত্যা কৰাৰ ঘটনাই ৰাজ্যবাসীৰ মনত বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। ঘৰৰ ভিতৰতো মানুহৰ জীৱনৰ নিৰাপত্তা নিশ্চিত নহয়, তেন্তে আৰু ক'ত নিৰাপদ অনুভৱ কৰিব? এই ঘটনাৰ নিৰপেক্ষ আৰু ক্ষিপ্ৰ তদন্তৰ লগতে দোষীসকলৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো এতিয়া সময়ৰ দাবী।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.