25 March, Wed 2026
support@thecriticalscript.com
Blog image

ড° লীলা গগৈ - অসমীয়া সাহিত্য আৰু ইতিহাসৰ এক স্তম্ভ

24 Mar,2026 06:02 PM, by: Ankita Gogoi
1 minute read Total views: 71
0 Like 0.0

অসমৰ বুৰঞ্জীক আধুনিক আৰু বিজ্ঞানসন্মত ৰূপত উপস্থাপন কৰাৰ উদ্দেশ্যে পৰিকল্পনা কৰা বিশিষ্ট বুৰঞ্জীবিদ আৰু সাহিত্যিক ড০ লীলা গগৈ। তেখেতে শিৱসাগৰৰ দৰে বুৰঞ্জীপ্ৰসিদ্ধ ঠাইত জন্মগ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা আৰু জনজাতীয় সংস্কৃতি বিভাগত গৱেষক হিচাপে কৰ্মৰত অৱস্থাতেই ‘নতুন অসমীয়া’ কাকতৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰিছিল। তাৰ উপৰিও, তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ‘স্পকেন-ৱৰ্ড’ প্ৰডিউচাৰ হিচাপেও সেৱা আগবঢ়াইছিল। ১৯৮২ চনত ‘অসমীয়া বুৰঞ্জী-সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন’ শীৰ্ষক গ্ৰন্থৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডক্টৰেট উপাধি লাভ কৰে।

তেওঁ অসমৰ এজন খ্যাতনামা সাহিত্যিক, বুৰঞ্জীবিদ, গ্ৰন্থকাৰ আৰু শিক্ষাবিদ হিচাপে পৰিচিত আছিল। তেওঁ অসম সাহিত্য সভাৰ সম্পাদক, উপ-সভাপতি আৰু কাৰ্যনিৰ্বাহক সদস্য হিচাপে আছিল। ইয়াৰ উপৰিও তেওঁ অসম প্ৰকাশন পৰিষদ, সৰ্বভাৰতীয় পাঠ্যপুথি প্ৰণয়ন আৰু কাৰ্যকৰী সমিতি, সৰ্বভাৰতীয় পৰিভাষা প্ৰণয়ন সমিতি আদিৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। লগতে তেওঁ অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ সঞ্চালক পদো অলংকৃত কৰিছিল। 

১৯৯৪ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ষষ্ঠতম অধিৱেশনত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰা গগৈদেৱে অসমীয়া সাহিত্যক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল ৷ গ্ৰন্থ ৰচনাৰ ক্ষেত্ৰত গভীৰ মনন, অধ্যৱসায় আৰু নিষ্ঠাৰ পৰিচয় দাঙি ধৰি তেখেতে যি নি:স্বাৰ্থ অৱদান আগবঢ়াইছে, তাৰ বাবে প্ৰতিজন অসমীয়া মানুহে সদায় তেখেতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব ৷

১৯৬৩ চনত আকাশবাণী গুৱাহাটীত ‘স্পোকেন ৱৰ্ড প্ৰডিউচাৰ’ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা লীলা গগৈয়ে সময়ৰ প্ৰয়োজনত বহু গীত আৰু গীতিকবিতা ৰচনা কৰিছিল। তেওঁ ১৯৭৮-৮০ সময়চোৱাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক আৰু ১৯৮০-৮১ত উপ-সভাপতি হিচাপে দায়িত্ব পালন কৰে। ইয়াৰ উপৰিও, ১৯৫৬ চনত তেওঁ সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আছিল আৰু বঙাইগাঁও অধিৱেশনত অনুষ্ঠিত বুৰঞ্জী সন্মিলনৰ সভাপতিত্ব কৰিছিল।

১৯৬৮ চনৰ আগষ্ট মাহত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৮৩ৰ পৰা ১৯৯০ চনলৈকে সহ-অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ লগতে সমন্বয় সমিতিৰ সচিবৰ দায়িত্বও গ্ৰহণ কৰে। ১৯৯০ চনত প্ৰফেছাৰ হিচাপে উন্নীত হোৱাৰ পিছত কিছুদিন শিক্ষাদান কৰি অৱসৰ গ্ৰহণ কৰে।পাছত, ১৯৯১-৯৩ সময়ছোৱাত তেওঁ অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ পূৰ্ণকালীন সঞ্চালক হিচাপে কৰ্মনিৰ্বাহ কৰে। তদুপৰি, ১৯৯৪ চনত মৰিগাঁওত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৬০তম অধিৱেশনত তেওঁ সভাপতিত্ব কৰি বিশেষ মৰ্যাদা অৰ্জন কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.