16 October, Wed 2024
support@thecriticalscript.com
Blog image

ত্ৰিপুৰাৰ খাৰচী পূজা

17 Sep,2024 02:23 PM, by: Ankita Gogoi
1 minute read Total views: 74
0 Like 0.0

খাৰচী পূজা ত্ৰিপুৰাৰ জনজাতিসকলৰ মাজত প্ৰচলিত এটা জনপ্ৰিয় উৎসৱ।এই পূজা প্ৰতি বছৰ আহাৰ মাহৰ শুক্লাষ্টমী তিথিৰ পৰা আগৰতলাত থকা “চতুৰ্দশ মন্দিৰ’’ত অনুষ্ঠিত হয়। খাৰচী শব্দটো দুটা ত্ৰিপুৰী শব্দৰ পৰা উদ্ভৱ হৈছে - ‘খাৰ’ বা ‘খাৰতা’ অৰ্থাৎ পাপ, আৰু ‘চী’ৰ অৰ্থ হৈছে নিৰ্মূল কৰা।এই পূজাৰ আঁৰত এক পৌৰাণিক কাহিনী আছে৷ সেইটো হ’ল, কাছাৰ ৰাজ্যৰ ৰজা আছিল ত্ৰিলোচন৷ ত্ৰিলোচনে মৃত্যুৰ আগমূহূৰ্তত ডাঙৰ ৰাজকুমাৰ দ্ৰিকপতিক উত্তৰাধিকাৰী ঘোষণা কৰে৷ কিন্তু ত্ৰিলোচনৰ মৃত্যুৰ পিছত তেওঁৰ দ্বিতীয় পুত্ৰ দক্ষিণে বলপূৰ্বক ৰাজপাটত আৰোহণ কৰে৷ ইয়াৰ পৰিণতিত দ্ৰিকপতিয়ে ভায়েক দক্ষিণৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে৷ যুদ্ধত দ্ৰিকপতিৰ জয় হয়৷ কিন্তু যুদ্ধৰ শেষত দক্ষিণে চৈধ্যজন সেনাৰ মূৰ কাটি লৈ যায়৷ তেতিয়াৰ পৰাই দ্ৰিকপতিৰ বংশধৰসকলে মূৰ কটা যোৱা সৈনিকসকলক সোঁৱৰণ কৰি “খাৰচী পূজা’’ পাতিবলৈ লয়৷

খাৰচী পূজা ৭ দিনীয়া পূজাৰ সময়ছোৱাত পুৰণি আগৰতলাৰ এই চতুৰ্দশ দেৱতা মন্দিৰত ভিন্ন প্ৰান্তৰ পৰা আহি অগণন ভক্তই ভিৰ কৰে। ইয়াত ত্ৰিপুৰী লোকসকলৰ ইষ্ট দেৱতা, ১৪ জন দেৱতাৰ পূজা জড়িত হৈ থাকে। পূজাত যি মূৰ্তি সজা হয়, তাত সম্পূৰ্ণকৈ মূৰ্তি নবনাই কেৱল মূৰৰ অংশহে সজা হয়। মূৰ্তিত ১৪ জনা দেৱতাৰ মুখাৱয়ব সন্নিবিষ্ট হয়। সেইবোৰ হ’ল- হৰ, উমা, হৰি, মা,বালি, কুমাৰ গণেশ, ব্ৰহ্মা, পৃথিৱী, গংগা, অৱদি, অগ্নি, কামেশ আৰু হিমাদ্ৰি। 

অম্বুবাচীৰ ১৫ দিনৰ পিছত খাৰচী পূজা কৰা হয়। এই দেৱতাসকল প্ৰথমে জনজাতীয় আছিল যদিও পৰৱৰ্তী সময়ত হিন্দু দেৱ-দেৱীৰ সৈতে অভিযোজিত কৰা হয়। এই পূজাৰ সময়ত ত্ৰিপুৰাত জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে সকলো মানুহৰ সমাগম হয়। প্ৰায় ৭০০ বছৰীয়া পুৰণি এই পূজাৰ পৰম্পৰাই জনজাতি আৰু অ-জনজাতি সকলো ত্ৰিপুৰাবাসীকে একতাৰ দোলেৰে বান্ধি ৰাখিছে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.