02 June, Tue 2026
support@thecriticalscript.com
Blog image

ত্ৰিপুৰাৰ ভাংমুন গাওঁ - উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম 'Rooftop Rainwater Hervasting' গাওঁ

02 Jun,2026 06:06 PM, by: Ankita Gogoi
1 minute read Total views: 11
0 Like 0.0

ভাংমুন উত্তৰ ত্ৰিপুৰাৰ জাম্পুই পাহাৰত অৱস্থিত এখন মনোমোহা পাহাৰীয়া গাঁও। ত্ৰিপুৰাৰ আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে পৰিচিত এই গাঁওখন সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩,০০০ ফুট উচ্চতাত অৱস্থিত। ১৯১৯ চনত মিজো মুখীয়া ৰাজা বাহাদুৰ ডোখুমা চাইলোয়ে এই গাঁও স্থাপন কৰিছিল। মিজো সম্প্ৰদায়ে এই গাঁওখনত উৎকৃষ্ট পৰিচ্ছন্নতা, শৃংখলাবদ্ধ জীৱনধাৰা আৰু পৰিৱেশৰ মানদণ্ড বজাই ৰাখিছে।

ত্ৰিপুৰাৰ এই ভাংমুন গাঁও আজি জল সংৰক্ষণৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ হৈ পৰিছে। এটা সময়ত গাঁওখনত তীব্ৰ পানীৰ অভাৱ দেখা গৈছিল, বিশেষকৈ গ্ৰীষ্মকালত। পাহাৰীয়া অঞ্চল হোৱাৰ বাবে পানীৰ উৎস শুকাই যোৱা আৰু দূৰৈৰ পৰা পানী আনিব লগা পৰিস্থিতিয়ে গাঁওবাসীৰ দৈনন্দিন জীৱন কঠিন কৰি তুলিছিল। 

কিন্তু সমস্যাৰ আগত হাৰ নামানি, গাঁওবাসীয়ে একেলগে সমাধান বিচাৰিলে। তেওঁলোকে Rooftop Rainwater Harvesting পদ্ধতি গ্ৰহণ কৰে,অর্থাৎ ঘৰৰ ছাদত পৰা বৰষুণৰ পানী সংগ্ৰহ, পৰিশোধন আৰু সংৰক্ষণ কৰাৰ ব্যৱস্থা। বৰ্তমান গাঁওখনৰ প্ৰায় প্ৰতিটো ঘৰতে এই ব্যৱস্থা স্থাপন কৰা হৈছে। 

এই পদক্ষেপে কেৱল পানীৰ সংকট দূৰ কৰা নাই, ই জল সংৰক্ষণ, পৰিৱেশ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীল জীৱনধাৰাকো শক্তিশালী কৰিছে। গাঁওখন এতিয়া পানীৰ অভাৱৰ প্ৰতীক নহয়, বৰং স্মাৰ্ট সংৰক্ষণ আৰু সামূহিক প্ৰচেষ্টাৰ এক সফল কাহিনী। 

ভাংমুনৰ এই যাত্ৰাই দেখুৱাইছে যে ঐক্য, সচেতনতা আৰু সৰু উদ্যোগেও বৃহৎ পৰিৱর্তন আনিব পাৰে। আজিৰ দিনত এই গাঁওখন কেৱল ত্ৰিপুৰা বা উত্তৰ-পূৰ্বৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবে এক আদৰ্শ।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.