ইণ্টাৰনেটত খলকনি তুলা কি এই Cockroach Janata Party! মাত্ৰ ৪ দিনতে ইনষ্টাগ্ৰাম ফল'ৱাৰ ১৫ মিলিয়ন
বৰ্তমান সময়ত ইণ্টাৰনেটত খলকনি তুলিছে এটা নতুন দল। যাৰ নাম কোকৰোচ্ছ জনতা পাৰ্টী(CJP)।ভাৰতৰ ডিজিটেল ৰাজনীতিত শেহতীয়াকৈ চৰ্চাতএই নতুন নাম। কিছুমানে ইয়াক ব্যংগাত্মক (satirical) বুলি কয়, আনহাতে বহুতে ইয়াক যুৱসমাজৰ অসন্তোষ আৰু মত প্ৰকাশৰ নতুন ৰূপ বুলি গণ্য কৰিছে।
CJP-ক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক আৰু আলোচনা চলি আছে। কিছুমানে ইয়াক যুৱসমাজৰ কণ্ঠস্বৰ বুলি দেখে, আনহাতে কিছুমানে ইয়াক অধিকাংশই এটা অনলাইন ভাইৰেল ট্ৰেণ্ড বা ডিজিটেল activism বুলি মন্তব্য কৰে। এই পৰ্যন্ত কোকৰোচ্ছ জনতা পাৰ্টীৰ ইনষ্টাগ্ৰামত ফল'ৱাৰ হৈছে ১৫ মিলিয়ন। যি প্ৰকৃত ৰাজনৈতিক দলতকে বেছি।আনহাতে আজি ইয়াৰ X ৰ এটা একাউণ্ট ব্লক কৰি দিয়া হৈছিল কিন্তু কিছু ঘণ্টা পাছতে X ত পুনৰ নতুন একাউন্ট সৃষ্টি কৰিলে কোকৰোচ্ছ জনতা পার্টীয়ে।
১৫ মে'ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তে কৈছিল যে দেশত কোনোধৰণৰ কাম নোপোৱা কেতবোৰ নিবনুৱা পইতাচোৰাৰ দৰে। তেওঁলোকে ক'তো কাম বিচাৰি নাপাই মিডিয়া,সামাজিক মাধ্যম কৰ্মী বা আৰটিআই কৰ্মী হৈ সকলোৱে প্ৰশ্ন কৰিবলৈ লাগি যায় ।তেতিয়াৰ পৰাই যুৱ প্ৰজন্মৰ মাজত চৰ্চাত আহে।ইয়াক দেশৰ যুৱক-যুৱতী, বিশেষকৈ জেন-জি প্ৰজন্মই ব্যৱস্থা আৰু ৰাজনীতিবিদৰ প্ৰতি নিজৰ ক্ষোভ আৰু হতাশাক,চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰতিবাদ মিমৰ জৰিয়তে প্ৰকাশ কৰা এক ডিজিটেল আন্দোলন হিচাপে দেখা গৈছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব'ষ্টন বিশ্ববিদ্য়ালয়ৰ পৰা শিক্ষা লোৱা অভিজিৎ দীপকে ডিজিটেল মাধ্যমত আৰম্ভ কৰিছে এই কোকৰোচ্ছ জনতা পাৰ্টী ।এই পাৰ্টীত এতিয়া লক্ষাধিক লোকে সমৰ্থন জনাইছে । তেওঁ পূৰ্বতে আম আদমী পাৰ্টীৰ ডিজিটেল আন্দোলনৰ স্বেচ্ছাসেৱক আছিল ।ৰাজনৈতিক কৌতুকৰে বৰ্তমান সময়ত ইণ্টাৰনেটত খলকনি তুলিছে এই নতুন দলটোৱে । তেওঁলোকে নিজৰ সামাজিক মাধ্যমত দলটোৰ সদস্য ভৰ্তিৰ বাবে এখন গুগুল ফৰ্ম ৰাখিছে । এই গুগুল ফৰ্মৰ জৰিয়তে সদস্য ভৰ্তিৰ আহ্বানৰ প্ৰতি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ সমন্বিতে অন্য ৰাজনৈতিক দল এই ডিজিটেল আন্দোলনৰ সৈতে সংযুক্ত হৈছে বুলি চৰ্চা লাভ কৰিছে।
তেওঁলোকে নিজৰ সামাজিক মাধ্যমত দলটোৰ সদস্য ভৰ্তিৰ বাবে এখন গুগুল ফৰ্ম ৰাখিছে।
১. ন্যায়াধীশৰ বাবে অৱসৰৰ পাছত সুবিধা কৰ্তন কৰা ।
২. ৰাজনৈতিক দল সলনি কৰাসকলৰ বাবে ২০ বছৰৰ নিষেধাজ্ঞা ।
৩. মহিলাৰ বাবে ৫০ শতাংশৰ সংৰক্ষণ ।
৪. আদানী-আম্বানীৰ স্বত্বাধিকাৰ থকা মিডিয়া অনুজ্ঞা কৰ্তন ।
৫. নিৰপেক্ষ আৰু স্বতন্ত্ৰ সংস্থাক মিডিয়া অনুজ্ঞা প্ৰদান ।
৬. বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰি একিউআই ২৫ৰ তললৈ অনা ।
৭. বিনামূলীয়া ৰাজহুৱা শিক্ষা ৷
বৰ্তমান সকলো ডিজিটেল প্লেটফৰ্মত দ্ৰুতগতিত বৃদ্ধি পাইছে কোকৰোচ্ছ জনতা পাৰ্টীৰ সদস্য সংখ্যা ।CJP-ক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক আৰু আলোচনা চলি আছে। কিছুমানে ইয়াক যুৱসমাজৰ কণ্ঠস্বৰ বুলি দেখে, আনহাতে কিছুমানে ইয়াক অধিকাংশই এটা অনলাইন ভাইৰেল ট্ৰেণ্ড বা ডিজিটেল activism বুলি মন্তব্য কৰে।
এই পাৰ্টী কেৱল এটা মিম নে ভবিষ্যতে অধিক গুৰুত্বপূৰ্ণ ৰাজনৈতিক মঞ্চলৈ পৰিণত হ’ব সেয়া এতিয়াও স্পষ্ট নহয়। কিন্তু ই নিশ্চিতভাৱে ভাৰতত যুৱসমাজ, ৰাজনীতি আৰু ছ’চিয়েল মিডিয়াৰ সম্পৰ্কক লৈ নতুন আলোচনা আৰম্ভ কৰিছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments