23 February, Sun 2025
support@thecriticalscript.com
Blog image

G20 দৰবাৰত বিকৃত ৰূপত অসমৰ স্বাভিমান বিহু নৃত্য

13 Sep,2023 05:38 PM, by: Ankita Gogoi
1 minute read Total views: 1706
1 Likes 0.0

বিহু আমাৰ অসমৰ স্বাভিমান।আমি কোনো নিবিচাৰোঁ যে আমাৰ বিহু নৃত্যক বিশ্ববাসীৰ আগত বেয়াকৈ উপস্থাপন কৰাটো। কিন্তু ৰাজ্য চৰকাৰে ১০০ কোটি টকা ব্যয় কৰি বিহুক লৈ বিশ্বৰেকৰ্ড গঢ়াৰ পিচতো G20 সন্মিলনত অসমৰ পৰা‌ এটি ভাল বিহু দল‌‌  দিল্লীলৈ প্ৰেৰণ‌ কৰিব‌ নোৱাৰাটো অতিকৈ‌ দুৰ্ভাগ্যজনক কথা।বিশ্ব নেতাৰ সন্মুখত অসমীয়াৰ স্বাভিমান বিহু নৃত্য প্ৰদৰ্শনৰ নামত কৰা হল চৰম বহুৱালি।জি২০ সন্মিলন উপলক্ষে ৰাজধানী দিল্লীত উপস্থিত হৈছে বিদেশৰ শীৰ্ষ নেতা আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সুনকো।প্ৰধানমন্ত্ৰী ৰূপে ঋষি সুনকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। এই ঐতিহাসিক মুহূৰ্তত ঋষি সুনকক আদৰণি জনোৱা হয় অসমৰ গৌৰৱ বিহু নৃত্যৰে।কিন্তু কেইগৰাকীমান যুৱতীক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সন্মুখত বিহু নৃত্যৰ নামত অদ্ভুত নৃত্য কৰা দেখা ল। দেশৰ ৰাজধানীত অসমীয়াৰ বাপতিসাহোন বিহুৰ এই বিকৃতকৰণক লৈ স্বাভাৱিকতেই ক্ষুব্ধ হৈ পৰিছে প্ৰতিগৰাকী স্বাভিমানী অসমীয়া। বিহুৰ সম্যক জ্ঞান নথকা একাংশ বেপাৰীৰ হাতত অসমৰ বাপতিসাহোন বিহুক বিশ্বৰ সন্মুখত অপমান কৰিবলৈ তেওঁলোকক কোনে অধিকাৰ দিলে আৰু এনে এক গুৰুত্বপূৰ্ণ দিনত এইয়া কিদৰে হব পালে।এই নৃত্যত নাছিল কোনো বিহুৰ লয়লাস কোনো গাম্ভীৰ্য্য আৰু বিহুৰ প্ৰকৃত মুগা চাদৰ মেখেলা সেইয়াও ভালদৰে পৰিধান কৰা দেখা পোৱা নগ'ল।

এতিয়া তেখেতক দিল্লীৰ বিমান বন্দৰত আদৰাৰ সময়ত বিহু বিকৃত ৰূপত উপস্থাপন কৰাত প্রশ্ন উঠিছে যে কিছুদিন পূৰ্ৱে ১০০০ নাচনীৰে বিহুক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হল নেকি ? কিন্তু ডাঙৰ কথাটো হ'ল যে আমাৰ বিহু নৃত্যক বিকৃত ৰূপত উপস্থাপন কৰাৰ পিছতো কিয় এচাম ব্যক্তি‌ এতিয়া নিমাত।বহু বিহু সুৰক্ষা সমিতিয়েও ইয়াৰ এক উচিত তদন্তৰো দাবী উঠিছে আৰু এই সমগ্ৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া ভোক্ষ প্ৰকাশ কৰিছেসেই অনুষ্ঠানত বিহু নৃত্যৰ ভংগী শুদ্ধভাৱে প্ৰকাশ নোহোৱাত সকলো অসমবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে। ব্যৱস্থাপনা বিভাগে এই সন্দৰ্ভত সতৰ্কতা অৱলম্বন কৰা হলে বিহুৰ এনে বিকৃত ৰূপ অসমবাসীয়ে দেখা নাপালেহেঁতেন বুলি বহুতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে, বিভিন্ন বিষয়ত সক্ৰিয় হৈ থকা তথা সততে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত অনুষ্ঠিত হৈ থকা G২০ সন্মিলনত বিহুক বিকৃত ৰূপ প্ৰদৰ্শন কৰাক লৈ নিৰৱ হৈ আছে । তাৰ বিপৰীতে তেওঁ কৈছিল যে,  G২০ ৰ সন্মিলন চলি থকা সময়ত এই বিষয়ত মন্তব্য দিয়া উচিত নহয় । কিবা ভাল হৈছে, বেয়া হৈছে সেয়া G২০ সন্মিলনৰ পিচত বিকৃত বিহু নৃত্যক লৈ সংবাদ মাধ্যমত পিছত আলোচনা কৰিবলৈ আহ্বান জনাইছে ।

তেওঁ লগতে কয়, “মই মিডিয়াকো আহ্বান কৰিম যাতে এই দুদিন এই বিষয়টো এৰি চলাৰ বাবে কাৰণ G২০ সন্মিলনত দেশ-বিদেশৰ মানুহ আহিছে । এই দুটা দিন আমাৰ বাবে গৌৰৱৰ দিন

অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা সাংসদসকল, কেন্দ্রীয় মন্ত্ৰী হিচাপে কাৰ্যভাৰ লৈ থকা সকলে এই বিষয়ত বাৰে বাৰে কিয় নীৰৱতা অৱলম্বন কৰে বুলিও একাংশ সমাজ সচেতন লোকে প্ৰশ্ন উত্থাপন কৰিছে। কেৱল দেখুৱাবলৈহে বিশ্ব ৰেকৰ্ড গঢ়ি তোলা হৈছিল নেকি? তেন্তে প্ৰতিবাৰেই কিয় এক গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ বিহু নৃত্যক বিশ্ববাসীৰ আগত বিপথে পৰিচালিত কৰা হয়। বাৰে বাৰে এনে ভুল কিয় হ'বলৈ পায়।যোৱা বছৰৰ আগষ্ট মাহত দিল্লীত এক অদ্ভুত বিহুৰ নৃত্য পৰিৱেশন হৈছিল ।মালদ্বীপৰ ৰাষ্ট্ৰপ্ৰধানৰ সন্মুখত পৰিৱেশন হোৱা এই নৃত্যক লৈ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷মহানগৰী গুৱাহাটীত হোৱা ফিল্মফেয়াৰ অনুষ্ঠনতো ভালদৰে এই নৃত্যক উপস্থাপন কৰা নগ'ল। এইবাৰো পুনৰ সমগ্ৰ বিশ্ববাসীৰ সন্মুখত বিকৃত ৰূপত উপস্থাপন কৰা হ'ল বিহু নৃত্য। এই দুষ্কাৰ্যৰ এক উচিত তদন্তৰ দাবী উত্থাপন কৰিছে সচেতন লোকে কিয় এনে অনুষ্ঠানত অসমৰ ভাল এটি বিহু‌ দল আমি দেখি নাপাওঁ।এনে সঘনাই হৈ‌ থাকিলে আমাৰ বাপতিসাহোন বিহু নৃত্যক বিশ্ববাসীৰ আগত ভুলভাৱেই প্ৰদৰ্শিত হৈ ৰ'ব।আৰু অসমৰ স্বাভিমান বিহু নৃত্যক লৈ‌‌ এনে বহুৱালি কোনো কাৰণতেই সহজভাৱে মানি ল'ব নোৱাৰি।


কিছু তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.