18 October, Fri 2024
support@thecriticalscript.com
Blog image

পূবেৰুণ বিদেশত প্রদর্শিত প্রথম অসমীয়া বোলছবি

02 May,2024 06:37 PM, by: Ankita Gogoi
1 minute read Total views: 288
0 Like 0.0

১৯৫৯ চনত মুক্তি লাভ কৰা আৰু বাংলা ছবিৰ পৰিচালক প্রভাত মুখার্জীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ছবি। বিদেশত প্রদর্শিত এইখনেই প্রথম অসমীয়া বোলছবি। ১৯৫৯৩ অনুষ্ঠিত হোৱা ৭ম ৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা স্বৰূপে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে আৰু ১৯৬০ চনৰ জুলাই মাহত অনুষ্ঠিত ষষ্ঠ বার্লিন চলচ্চিত্র মহোৎসৱত প্রদর্শিত প্রথম অসমীয়া ছবি।

১৯৫৮ চনত অসম চৰকাৰৰ পৰ্য্যটন বিভাগৰ টুৰিষ্ট লজত গোট খাইছিল কলিকতাৰপৰা অহা চলচ্চিত্ৰ পৰিচালক প্ৰভাত মুখাৰ্জী আৰু কেইগৰাকীমান ব্যক্তি। সেই মেলত উপস্থিত থকা ডা. খগেন ৰায়, সেই আলোচনা শুনি নিজে এখন ছবি নিৰ্মান কৰাৰ কথা ভাবিলে, 'ত সেই দোষবোৰ কোনেও আৰু খুচৰিব নোৱাৰে। তেখেতে তচদ্দুক ইউচুফৰ সৈতে লগলাগি যোৰহাটৰ ডচ এণ্ড কোম্পানীৰ মালিক পাজী দাসৰ সৈতে মিলি 'কথাকলি চিনে প্ৰডিউচাৰ্চ, নগাওঁ (অসম)' নামে এটা কোম্পানী খুলি ৰেজিষ্টাৰ কৰে আৰু সেই কোম্পানীৰ দ্বাৰা 'পূবেৰুণ' নিৰ্মানৰ প্ৰস্তুতি চলায়। ছবিখনৰ পৰিচালনাৰ বাবে কলিকতাৰ পৰিচালক প্ৰভাত মুখাজীক কোৱা হয়। ছবিখনৰ চিত্ৰনাট্য লিখাৰ দায়িত্ব পৰিচালকে নিজেই ললে।

ছবিখনৰ মূল কাহিনী আছিল ডা. খগেন ৰায়ৰ। তচদ্দুক ইউচুফে কাহিনীটোৰ মূল কাহিনীৰ পৰিবৰ্ধন কৰে আৰু তাক চলচিত্ৰৰ গল্পৰুপ দিয়ে ৰমেশ শৰ্মাই। চিত্ৰনাট্য প্ৰভাত মুখাৰ্জীয়ে ৰছনা কৰিছিল।তিলক দাস পৰিচালিত 'পাৰঘাট'ত (১৯৪৯) অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতি তেতিয়াৰ অসমৰ ব্যস্ত চলচিত্ৰ অভিনেত্ৰী। পূবেৰুণৰ নায়িকাৰ চৰিত্ৰৰ বাবেও তেখেতক মনোনীত কৰা হয়। উৎপল দত্তৰ 'লিটল থিয়েটাৰ গ্ৰুপ'ৰ অভিনেত্ৰী মাৰ্গাৰেট এণ্ডাৰছনক 'মাদাৰ ছুপেৰিয়ৰ'ৰ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হয়।

চিনেমাৰ কাহিনী হৈছে, অৰূপ আৰু মেঘালীৰ একমাত্ৰ সন্তান জোনে বিচাৰিছিল এজনী ভণ্টী, কিন্তু মেঘালীয়ে আৰু মাক হ'ব নোৱাৰে। অকণমানি জোনৰো দূৰ্ঘটনাত মৃত্যু হয়। ইয়াৰ পিছত অৰূপো খুব সোনকালেই মেঘালীৰ ওচৰৰ পৰা আঁতৰি যায়। তেতিয়াই‌ মেঘালীয়ে লগ পায় 'কনভেণ্ট'ৰ মাদাৰ ছুপিৰিয়ৰ-ক আৰু 'কনভেণ্ট'ৰ অনাথ-অসহায় ল'ৰা-ছোৱালীবোৰৰ মাজত বিচাৰি পায় হেৰাই যোৱা জোনক, তাকে তাই বিলাই দিব খোজে নিজৰ সমস্ত ভালপোৱা। কিন্তু 'মাদাৰ ছুপিৰিয়ৰে' এই বিশেষ মৰম সহজ ভাৱে ল'ব নোখোজে। এটি বিশেষ শিশুক নিগাজীকৈ ভালপোৱাটো এক অপৰাধ। মাকৰ মৰম হেনো বৰ স্বাৰ্থপৰ। জোনৰ প্ৰতিচ্ছবি থকা দীপকো জোৰকৈ এদিন অনাথ আশ্ৰমৰপৰা উলিয়াই নিয়া হয়। মেঘালীয়ে আকো এবাৰ জোনক হেৰুৱায়।তাই মাদাৰ ছুপিৰিয়ৰৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰি কনভেণ্টৰ পৰা ওলাই আহে। এনেতে এটা শিশুৰ কান্দোন শুনি তাই পুনৰ অনাথ-গৃহলৈ উভতি যায়। তাইৰ অনুভৱ হয় পৃথিৱীৰ সকলো শিশুৱে একে আৰু তাই পৃথিৱীৰ বৃহৎ মানৱ পৰিয়ালটোৰ এজন সদস্য।


তথ্য সংগৃহীত

 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.