কাৰ্বি আংলংত উত্তপ্ত পৰিস্থিতিৰ কাৰণ! নিজ ভূমিতে 'কাৰ্বি চাইনিজ গ' বেক' ধ্বনি !
বিগত কেইবাদিনো ধৰি কাৰ্বি আংলংত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল।পশ্চিম কাৰ্বি আংলং জিলাৰ PGR-VGR ভূমিত অনা অসমীয়া, হিন্দীভাষী বেদখলকাৰী আছে তেওঁলোকৰ উচ্ছেদৰ দাবী কৰিছিল স্থানীয় কাৰ্বি লোকসকলে।
উচ্ছেদ চলোৱাৰ দাবীত কাৰ্বি ৰাইজে আমৰণ অনশনৰে কৰিছিল প্ৰতিবাদ। এই অনশনে সোমবাৰৰ দিনটোত ১৫টা দিন কৰিছিল অতিক্ৰম। কিন্তু সোমবাৰে ২২ ডিচেম্বৰত পুৱা হঠাৎ আৰক্ষীয়ে প্ৰতিবাদস্থলী ফেংলাপীৰ পৰা লিতচন ৰংফাৰ সহ প্ৰতিবাদী কৰায়ত্ত কৰে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক কৰায়ত্ত কৰাৰ খবৰ বিয়পি পৰাত ৰাইজে খেৰণি থানা ঘেৰাও পথ অৱৰোধ কৰি প্ৰতিবাদীসকলক মুকলি কৰি দিয়াৰ দাবী জনাইছিল।
উল্লেখযোগ্য যে, ডংকামকাম অঞ্চলত বিগত কেইবাদিন ধৰি স্থানীয় লোকে অবৈধ দখলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ (KAAC)ক তৎক্ষণাৎ ব্যৱস্থা ল’বলৈ দাবী জনাই ১৬ ডিচেম্বৰৰ পৰা প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচীও আৰম্ভ কৰিছিল (Eviction drive in Assam)।
উত্তেজনাপূৰ্ণ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে অৱশেষত গুলীচালনা কৰিবলগীয়া হয়, যাৰ ফলত কমেও তিনিজন প্ৰতিবাদকাৰী আহত হয়। আহতসকলক তৎক্ষণাৎ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলিও জানিব পৰা গৈছে।ক্ষোভিত প্ৰতিবাদকাৰীসকলে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পিতৃগৃহত অগ্নিসংযোগ কৰে। এই ঘটনাই অঞ্চলটোত আতংক আৰু উত্তেজনাৰ পৰিৱেশ অধিক কৰি তোলে।
ইফালে একাংশ হিন্দী কার্বি আংলঙতে ‘কার্বিগ’ বেক’ শ্ল’গান দিছে, কার্বিসকলক ‘চাইনীজ’ বুলি বর্ণবাদী মন্তব্যৰে গালি-গালাজ কৰিছে আৰু আক্ৰমণ কৰিবলৈ উদ্যত হৈছে। নিজ ভূমিতে এনে বৰ্ণবাদীৰ ভুগি হ'বলগীয়া হৈছে।
কাৰ্বি আংলংৰ উত্তপ্ত পৰিস্থিতিৰ মূল কাৰণসমূহ হ'ল
ঐতিহাসিক ভূমি বিবাদ, জনজাতীয় আৰু অ-জনজাতীয় লোকসকলৰ মাজত থকা সংঘাত, স্বায়ত্তশাসনৰ দাবীত বিভিন্ন গোটৰ মাজত মতানৈক্য, আৰু শেহতীয়াকৈ বিভিন্ন স্বাৰ্থ জড়িত থকা সংঘাতে ইয়াৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে, যিটোৱে হিংসাত্মক সংঘাতলৈ পৰিণত হয়, বিশেষকৈ খেৰণিৰ দৰে অঞ্চলত।
ভূমি বিবাদ: প্ৰাথমিকভাৱে, কাৰ্বি আংলং জিলাখনৰ ভূমিৰ মালিকানা আৰু প্ৰশাসনিক নিয়ন্ত্ৰণক লৈ বিভিন্ন জনগোষ্ঠীৰ মাজত ঐতিহাসিক বিবাদ চলি আহিছে।
জনজাতীয়-অ-জনজাতীয় সংঘাত: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত থকা সত্ত্বেও, জনজাতীয় আৰু অ-জনজাতীয় সম্প্ৰদায়ৰ মাজত ভূমি, সম্পদ আৰু ৰাজনৈতিক প্ৰভাৱৰ বাবে সংঘাতৰ সৃষ্টি হয়।
স্বায়ত্তশাসনৰ দাবী: কাৰ্বি জনগোষ্ঠীয়ে নিজৰ স্বায়ত্তশাসনৰ বাবে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছে, কিন্তু এই স্বায়ত্তশাসনৰ পৰিসৰ আৰু প্ৰয়োগক লৈ বিভিন্ন গোটৰ মাজত মতপাৰ্থক্যই পৰিস্থিতি জটিল কৰি তোলে।
ৰাজনৈতিক হস্তক্ষেপ আৰু স্বাৰ্থ: বাহ্যিক ৰাজনৈতিক শক্তিৰ হস্তক্ষেপ আৰু স্থানীয় ৰাজনৈতিক দলসমূহৰ স্বাৰ্থই সংঘাতক প্ৰেৰণা যোগায়, যাৰ ফলত আইন-শৃংখলাৰ অৱনতি ঘটে।
শেহতীয়াকৈ, খেৰণি অঞ্চলত ঘটা হিংসাত্মক ঘটনাসমূহ এই দীৰ্ঘদিনীয়া সংঘাতৰ পৰিণতি, য'ত ভূমি বিবাদ আৰু জাতিগত সংঘাতৰ মিশ্ৰণ ঘটিছে.।
এই কাৰণসমূহৰ ফলত কাৰ্বি আংলংৰ বিভিন্ন অংশত, বিশেষকৈ পশ্চিম কাৰ্বি আংলংত, সময়ে সময়ে উত্তেজনা আৰু সংঘাতৰ পৰিস্থিতি সৃষ্টি হয়।
অখিলঞ্জীয়াৰ দপদপনি নচলিব। এনে অপশক্তিয়ে শাস্তি পাবই লাগিব বুলি সদৌ অসম ছাত্র সন্থাই অসমৰ মুখ্যমন্ত্রীলৈ এখন দাবী পত্র প্রেৰণ কৰিছে। দাবী পত্ৰখনত ছাত্র সন্থাৰ সভাপতি উৎপল শর্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে পশ্চিম কাৰ্বি আংলং জিলাত বিগত কিছুদিন ধৰি চলি থকা হিংসাত্মক পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি কয় কাৰ্বি আংলঙৰ সমস্যা সমগ্ৰ অসমৰ সমস্যা, অসমৰ জাতীয় জীৱনৰ সমস্যা। বিগত দশকসমূহত কার্বি আংলং জিলাত অখিলঞ্জীয়া লোকৰ অবাধ আৰু অবৈধ বসতিয়ে জিলাখনৰ কাৰ্বি জনজাতি প্রমুখ্যে সকলো খিলঞ্জীয়া লোকলৈ ভাবুকি কঢ়িয়াই আনিছে। খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰলৈ ভাবুকি অহাৰ সমান্তৰালভাৱে নিজৰ জন্মভূমিতেই খিলঞ্জীয়া লোকসকল সংখ্যালঘু হোৱাৰ শংকাই গ্রাস কৰিছে। সেয়েহে স্থানীয় খিলঞ্জীয়া জনসাধাৰণে গণতান্ত্রিক আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে।
পশ্চিম কাৰ্বি আংলঙৰ অগ্নিগৰ্ভা পৰিস্থিতি ক্ৰমান্বয়ে এতিয়া শান্ত হৈছে। যোৱা দুদিনত কোনো ধৰণৰ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰা নাই। সেই অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বিসকলৰ দাবী সন্দৰ্ভত আজি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত আছিল কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং আৰু কাৰ্বি আংলঙৰ দল-সংগঠনৰ প্ৰতিনিধি। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, কাৰ্বি আংলঙৰ খেৰণি অঞ্চলৰ ভিজিআৰ আৰু পিজিআৰৰ ভূমিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিচাৰাধীন হৈ থকা বিষয়টোৰ ক্ষেত্রত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে অহা ৫ জানুৱাৰীৰ ভিতৰত শপতনামা দাখিল কৰিব। সমান্তৰালভাৱে কাৰ্বি নাগৰিক সমাজেও গোচৰটোৰ ক্ষেত্ৰত এটা পক্ষ হিচাপে নিজৰ বক্তব্য উপস্থাপন কৰিব।
বিষয়টোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি ইয়াৰ খৰতকীয়া শুনানি আৰু ৰায়দানৰ বাবে ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ জনাব, যাতে আদালতৰ ৰায়দান অনুসৰি চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব পাৰে।
খেৰণিৰ ভিজিআৰ-পিজিআৰ এলেকাত থকা চৰকাৰী কাৰ্যালয়সমূহো অতি সোনকালে অন্য স্থানলৈ স্থানান্তৰিত কৰা হ’ব।
খেৰণিত থকা ৮ হাজাৰ বিঘা ভিজিআৰ-পিজিআৰ ভূমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অনতিপলমে বেৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে এই ভূমিত বনানীকৰণৰ ব্যৱস্থা কৰিব যাতে ভৱিষ্যতে কোনেও এই ভূমি দখল কৰিব নোৱাৰে।
খেৰণিত সংঘটিত শেহতীয়া ঘটনাত আৰক্ষীৰ গুলীচালনাত প্রাণ হেৰুওৱা ব্যক্তিগৰাকীৰ নিকটাত্মীয়ক কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে এটা চাকৰি প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব।
ভিজিআৰ-পিজিআৰ ভূমিত থকা সকলো ব্যৱসায়িক প্রতিষ্ঠানৰ অনুজ্ঞাপত্ৰসমূহ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে তৎকালে বাতিল কৰিব।
কাৰ্বি আংলং জিলাৰ যিসমূহ চৰকাৰী বিভাগীয় ভূমি বিভিন্ন লোকে বেদখল কৰি বসবাস কৰি আহিছে, সেই সকলো ভূমি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে বেদখলমুক্ত কৰিব। অহা ১৭ জানুৱাৰীত দ্বিতীয় লানি আলোচনা অনুষ্ঠিত হ’ব।
কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাখনো আইন সম্প্রতি ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই আইনসমূহকো ৰাজ্য চৰকাৰে অনতিপলমে অনুমোদন দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিব।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.















Related Comments