23 February, Sun 2025
support@thecriticalscript.com
Blog image

বীৰ লাচিত সেনা, অসমৰ লক্ষ্য আৰু উদ্দেশ্যৰ কিছু কথা!

06 Feb,2025 03:33 PM, by: Super Admin
1 minute read Total views: 95
0 Like 0.0

অসমৰ মাটিত প্ৰজন্মৰ পিছত প্ৰজন্মই  নিজৰ তেজ, ঘাম মাটিত পেলাই স্বকীয়তাৰ ইতিহাসক অক্ষুণ্ণ কৰি ৰাখিছে। ইতিহাসৰ আৰম্ভণিৰ পৰাই এই ভূখণ্ডৰ সন্তানে অসমক বিশেষ ৰূপত চিনাক্ত কৰি তোলাৰ বাবে আত্মত্যাগ কৰি আহিছে।অসমৰ বায়ু-পানী-মাটিৰ প্ৰতিটো কণিকাই এই সংগ্রামৰ সাক্ষ্য বহন কৰি আছে। পূৰ্বপুৰুষৰ তেজ-ঘাম আৰু পৰিশ্ৰমৰ ফলতেই অসমৰ মাটিয়ে নিজৰ স্বকীয়তা লাভ কৰিছে।

ইতিহাসৰ এই ধাৰাবাহিকতা হেৰাই যোৱাৰ অৰ্থ হৈছে অসমৰ মানুহৰ অস্তিত্বৰ অবসান। ইয়াৰ সংৰক্ষণ অসমবাসীৰ একান্ত দায়িত্ব। ইয়াক বিচ্ছিন্ন কৰিব পৰা নাই আৰু কৰিবও নোৱাৰি, কাৰণ ই হৈছে অসমবাসীৰ অহংকাৰ, গৌৰৱ আৰু জীৱনৰ সঞ্জীবনী শক্তি।

এই স্বকীয়তাই অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে, শক্তি যোগাই আহিছে। অতীতৰ সংৰক্ষণ আৰু ভবিষ্যতৰ প্ৰতিশ্রুতিৰ মাজেৰে অসমে নিজৰ বিশেষত্বক দৃঢ়ভাৱে আগলৈ লৈ যাব।অসমৰ মাটিৰ সেউজীয়া সোঁৱৰণি যেন ইয়াৰ সভ্যতাৰ গভীৰতাক প্ৰাণ দান কৰে।অসমৰ মানুহে কায়িক শক্তিৰে সকলো বাধা-বিপত্তি আৰু প্রতিকূলতাৰ লগত যুঁজি ইয়াৰ প্ৰৱাহমানতাৰ এক অম্লান দৃষ্টান্ত স্থাপন কৰিছে।

অসমৰ এই জীৱন্ত ইতিহাস অনাদি আৰু অনন্তকাললৈ জীয়াই ৰাখিবলৈ আমাৰ সকলোৰে দায়িত্ব। ই যে কেৱল অতীতৰ গৌৰৱ নহয়, বৰঞ্চ ইয়াৰ প্ৰৱাহমানতাই আমাৰ আজিৰ দিনৰ পৰিচয় আৰু ভৱিষ্যতৰ পথ দেখুৱায়।

অসমৰ মানুহৰ জীৱন আৰু ইতিহাসৰ প্ৰৱাহমানতা জীৱন্ত আৰু দৃঢ় হৈ থাকিব। এই প্ৰৱাহমানতাৰ জীয়াই থাকিবলৈ সকলো বাধা অতিক্ৰম কৰি, অসমৰ মানুহেই ইয়াক সংৰক্ষণ আৰু পৰিচৰ্যা কৰিব লাগিব।

অসমৰ মানুহৰ গৌৰৱময় ইতিহাসক অক্ষুণ্ণ আৰু অনন্য ৰূপত ৰখাৰ সংকল্পই বীৰ লাচিত সেনাই কাম কৰি আহিছে।বীৰ লাচিত সেনা অসম, অসমৰ এক আঞ্চলিক সংগঠন, যি আহোম সেনাপতি লাচিত বৰফুকনৰ অৱদানৰ পৰা প্ৰেৰণা লাভ কৰিছে। মহাযোদ্ধাজনৰ যি চিন্তাধাৰা আৰু যি কৰ্ম আদৰ্শৰে অনুপ্ৰাণিত হৈ ২০১০চনত কেইজনমান জাতীয়তাবাদী চিন্তাধাৰাৰে পৰিপূৰ্ণ, দেশ আৰু মাটিক ভাল পোৱা অসমীয়া যুৱকেৰে গঠন হৈছিল বীৰ লাচিত সেনা, অসম। এই অভিযান ২০১৪ চনৰ ২৪ নৱেম্বৰত আনুষ্ঠানিক ৰূপ লাভ কৰে। এই সংগঠন অসমবাসীৰ স্বকীয়তা, সংস্কৃতি আৰু অধিকাৰৰ সুৰক্ষাৰ বাবে এক ঐক্যবদ্ধ সংগঠনৰ প্ৰতিশ্ৰুতি বহন কৰি আহিছে।এই সংগঠনটোৰ মূল উদ্দেশ্য হৈছে অসমীয়া জাতিৰ সত্তা আৰু অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা। বীৰ লাচিত সেনাই অসমীয়া চিন্তা-চেতনা আৰু সংস্কৃতিক সুৰক্ষিত ৰাখিবলৈ প্ৰচেষ্টা চলাই আহিছে।

সংগঠন গুৰুত্ব:

সংগঠন হৈছে যিকোনো জনসমষ্টিৰ অমূল্য সম্পদ। ই সাহস, ঐক্য আৰু প্ৰতিবাদৰ প্রতীক। বহিঃশত্ৰুৰ প্ৰভাৱ আৰু প্ৰভুত্বক পৰাস্ত কৰি নিজৰ মাটিৰ অধিকাৰ বৰ্তাই ৰখাৰ ইতিহাস অসমীয়াৰ গৌৰৱ। এই সংগঠন অসমবাসীৰ মাজত সজাগতা, সাহস আৰু আত্মবিশ্বাসৰ জোঁৱাৰ সিঁচি দিয়ে।

অসমৰ ইতিহাসত বীৰ লাচিত বৰফুকনৰ দৰে বহু বীৰ- বীৰাঙ্গনাই মাটিৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে অজেয় সাহসৰ দৃষ্টান্ত স্থাপন কৰিছে। তেওঁলোকৰ প্ৰেৰণাই সংগঠন শক্তিৰ অৱশ্যকতা আৰু প্ৰয়োজনীয়তা দৃঢ় কৰিছে। লাচিত বৰফুকনৰ উদ্যম, সাহস আৰু আত্মত্যাগৰ পটভূমিত "বীৰ লাচিত সেনা অসম" নাম দি অসমীয়াৰ ঐতিহ্যক জীয়াই ৰাখিবলৈ এই সংগঠনক গঠিত কৰা হৈছে।

লক্ষ্য আৰু উদ্দেশ্য:

1. অসমৰ স্বকীয়তাৰ সুৰক্ষা নিশ্চিত কৰা।

2. অসমীয়াৰ সংস্কৃতি, ভাষা আৰু পৰম্পৰাৰ সংৰক্ষণ।          

3. অসমবাসীক সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশত শক্তিশালী কৰা।

4. এক ঐক্যবদ্ধ অসম গঢ়া।

অসমৰ সন্তানসকলে এদিন অসমীয়াৰ গৌৰৱ আৰু ঐতিহ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত নিজ ভূমিকা পালন কৰিব। সংগঠন শক্তিৰ দ্বাৰা অসমীয়াৰ স্বভিমানক জীয়াই ৰাখি এক শক্তিশালী আৰু সুসংহত সমাজ গঠনত তেওঁলোকে আগবঢ়াই যাব। "বীৰ লাচিত সেনা অসম" হৈছে এই যাত্ৰাৰ প্ৰতীক।

বীৰ লাচিত সেনাই অসমত সকলো প্ৰকাৰৰ অগণতান্ত্রিকতা, অসমতা আৰু অন্যায়-অবিচাৰৰ বিৰুদ্ধে দৃঢ় প্ৰতিবাদ জনাই, সম অধিকাৰ আৰু সমমৰ্যদা নিৰ্ভৰ ন্যায়নিষ্ঠ গণতান্ত্রিকতাৰ প্ৰতিষ্ঠাৰ বাবে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি যাব।এই সংগঠনে অসমত কোনো ধৰণৰ অবৈধ দখল বা আগ্রাসনক সমৰ্থন নকৰে, তেনে কোনো হস্তক্ষেপ গ্ৰহণযোগ্য বুলি নামানে আৰু কেতিয়াও তেনে অবৈধ দখল বা আগ্রাসনক সহায়-সহযোগিতা নকৰে।

বীৰ লাচিত সেনা অসমে কোনো জাতি, গোষ্ঠী বা ধৰ্মীয় বিদ্বেষক প্রশ্ৰয় নিদিয়ে আৰু সামাজিক সংহতি বিঘ্নিত কৰা কোনো পদক্ষেপক সমৰ্থন নকৰে আৰু তেওঁলোকে অসমীয়াৰ ঐক্য, ভ্রাতৃত্ব আৰু শান্তি সুসংহত কৰাৰ লক্ষ্যৰে আগবাঢ়ি আহিছে।

এই সংগঠনে অসমবাসীৰ প্ৰতি ৰাষ্ট্ৰীয় সংবিধানৰ দ্বাৰা নিৰ্ধাৰিত ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক অধিকাৰ তথা মৌলিক মানৱাধিকাৰৰ পূৰ্ণ উপভোগ নিশ্চিত কৰিবলৈ বদ্ধপৰিপক্ক। অসমৰ জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত, সংৰক্ষিত আৰু কার্যকৰী ৰূপত উপভোগ্য কৰাৰ বাবে তেওঁলোক সদায়ে সজাগ।

 অসমবাসীৰ বাবে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক নিৰাপত্তা নিশ্চিত কৰাৰ দিশটো সৰ্বাধিক গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰসমূহত যিকোনো অসংগতি বা অবিচাৰ প্ৰতিৰোধৰ বাবে এই সংগঠনে সদায়ে কাম কৰি যাম।

অসমৰ ইতিহাসৰ স্বকীয়তা ৰক্ষাৰ সংগ্ৰাম, অসমবাসীৰ ন্যায়প্ৰাপ্তিৰ সংগ্ৰাম। জাতি, গোষ্ঠী বা শ্ৰেণী নির্বিশেষে অসমবাসীৰ সমঅধিকাৰ, সমমর্যাদা সুনিশ্চিত কৰাৰ বাবে  বীৰ লাচিত সেনা অসমে এক সুসংগঠিত, সজাগ আৰু সংবেদনশীল সংগঠন হিচাপে আত্মপ্ৰকাশ কৰিছে।

তেওঁলোকৰ লক্ষ্য এক সুগঠিত, ন্যায়সঙ্গত আৰু অধিকাৰসন্মত সমাজৰ প্ৰতিষ্ঠা, ত অসমবাসীয়ে সংবিধানৰ প্ৰদান কৰা সকলো অধিকাৰ বিনা বাধাৰে উপভোগ কৰিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.