
কোন দিশে গতি কৰিছে সমাজ! পুনৰবাৰ ঘটিল অভি-নীল কাণ্ড! হিংস্ৰ জনতাৰ বলি ২৩ বছৰীয়া যুৱক!
অসমৰ মাটিত আকৌ এজন যুৱকৰ ৰক্তৰ ৰঙেৰে ৰাঙলী হ'ল। মাত্ৰ ২৩ বছৰীয়া অভিষেক দাস, জনতাৰ হিংস্ৰতাৰ বলি হ'ব লগা হ'ল। কিমান আৰু অসমত ম'ব লিঞ্চিঙৰ দৰে ঘটনা ঘটি থাকিব।এই সময়ত মানুহৰ জীৱনৰ কোনো মূল্য নাই। প্ৰশ্ন উত্থাপন হয় – মানৱ সমাজ এতিয়া কিমান নিষ্ঠুৰ হৈ পৰিছে?
আগতে জনতা ন্যায় বিচাৰি পথত নামিছিল, এতিয়া সেই জনতাই বিচাৰালয়, আৰক্ষী। অভিষেক দাসৰ মৃত্যু সমাজৰ সেই ভয়ংকৰ সত্য, য'ত আমি সকলোবোৰ দায়ী। কাৰণ বহু মানুহ কেৱল দৰ্শক হয় ৰয় নীৰৱে কেৱল চাই থাকি ভাল পায়।
অসমৰ ইতিহাসত হিংস্ৰ মানৱৰূপী দানৱৰ হত্যাৰ বলী হোৱা কোনো নতুন কথা নহয়।২০১৮ চনত, নীলোৎপল দাস আৰু অভিজিত নাথক কাৰ্বি আংলঙত যি বৰ্বতাৰে হত্যা কৰা হৈছিল, অসমীয়া হয় বুলি পৰিচয় দি নামাৰিবলৈ অনুৰোধ কৰিছিল-সেয়া হয়তো আজিও সকলোৰে মনত আছে।আকৌ টীয়কৰ এখন চাহ বাগিচাত সংঘটিত হৈছিল সেই জঘন্য ঘটনা। বাগিচাৰ শ্ৰমিকৰ আক্ৰমণত প্ৰাণ গৈছিল চিকিৎসক দেৱেন দত্তৰ।আনহাতে, ২০২১ চনৰ ২৯ নৱেম্বৰত যোৰহাটৰ মাজ-মজিয়াতো এটা সাধাৰণ দুর্ঘটনাক কেন্দ্ৰ কৰি ৰাজপথতে মৰিয়াই-মৰিয়াই হত্যা কৰা হৈছিল ছাত্ৰ নেতা অনিমেষ ভূঞাক। কেৱল এয়াই নহয় আৰু এনে ঘটনা বহু আছে কিন্তু আকৌ এবাৰ সেই অনুৰূপ ঘটনা সংঘটিত হ'ল।
যোৱা ২০ আগষ্ট তাৰিখে তামুলপুৰৰ ২৩ বছৰীয়া অভিষেক দাস নামৰ এজন যুৱকে ভৰালী চ’কত প্ৰথমে এখন ই-ৰিক্সাত খুন্দা মাৰি পিছত বাহনে ওফৰি গৈ এখন গেলামালৰ দোকানক খুন্দা মাৰিছিল। কিন্তু গাড়ীৰ খুন্দাত কোনো লোক আঘাতপ্রাপ্ত হোৱা নাছিল। তথাপিও মানৱৰূপী দানৱৰ হাতত প্ৰাণ হেৰুৱাব লগা হ'ল সেই দুৰ্ভগীয়া অভিষেকে।দুৰ্ঘটনাৰ পিছত বাহনখন সম্পূৰ্ণ ৰৈছিল, আৰু বাহনখনৰ ভিতৰত ৪ জন যুৱক গাড়ীখন অটো-ল'ক হৈ যোৱা বাবে বাহিৰলৈ ওলাই আহিব পৰা নাছিল।অভিষেক আৰু তেওঁৰ তিনি বন্ধুৱে বহু সহায় বিচাৰিলে কিন্তু ,স্থানীয় লোকে কোনো সহায় নকৰিলে। তেওঁলোকে এম্বুলেন্স মাতিবলৈ অনুৰোধ কৰিছিল। কিন্তু স্থানীয় লোকে অস্বীকাৰ কৰিলে।বহু সময়ৰ চেষ্টা কৰি ২৩ বছৰীয়া অভিষেক দাস ছানৰুফৰ জৰিয়তে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হৈছিল। কিন্তু দুৰ্ভাগ্যবশতঃ মৰেল পুলিচৰ এটা দলে অভিষেকক ৩০ মিটাৰ আতঁৰলৈ চুচৰাই মৰিয়াই মৰিয়াই লোহাৰ ৰ'ডেৰে প্ৰহাৰ কৰি হত্যা কৰে। স্থানীয় লোকে বন্ধুকেইজনক ভয় ভাবুকি দিলে যে সহায় কৰিলে, এম্বুলেন্স মাতিলে তেওঁলোক পৰৱৰ্তী চিকাৰ হ'ব।
আনহাতে এই ঘটনাৰ মাৰ নাযাঁওতেই আৰু এটা ঘটনা পোহৰলৈ আহিছে। লখিমপুৰত মৰিয়াই মৰিয়াই হত্যা কৰা হ'ল কটনৰ ছাত্ৰক। নিশা বন্ধুৰ সৈতে পার্টি খাবলৈ গৈছিল চন্দন হাজৰিকা। কিন্তু ৰঙানদীত ধাবাৰ ওচৰত কোনো লোকৰ সৈতে কাজিয়া লিপ্ত হৈছিল। সেই কাজিয়াৰ পাছতেই ঘৰত থৈ যোৱা হৈছিল চন্দনক। কিন্তু ঘৰত শুই থকা অৱস্থাত নাকৰ অদ্ভুত শব্দ শুনিছিল পৰিয়ালে। চন্দনক হাস্পিতালত ভৰ্তি কৰা হয় যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
ঘৰৰ একমাত্ৰ ল'ৰা অভিষেক আৰু চন্দনে কেতিয়াবা ন্যায় পাব নে? নে সাত বছৰৰো অধিক হোৱা অভি-নীলৰ দৰে ন্যায়ৰ বাবে অপেক্ষা কৰিব লাগিব। আমি সমদল উলিয়ালো প্ৰতিবাদ কৰিলোঁ, কিন্তু আমাৰ মাজতে সেই জঘন্য মানুহবোৰ আজিও আছে, মানুহবোৰ সলনি হোৱা নাছিল। সেই মানুহবোৰৰ আইনৰ ভয় নাই, কাৰণ জানে যে ন্যায়ৰ বিচাৰ হ'ব নে নহয়।
এনেদৰে আৰু কিমান অভিষেকৰ হত্যা কৰা হ'ব?নীৰৱ সমাজ – আমি জানো, দেখো, কিন্তু আমি উপায়হীন।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments