27 July, Sat 2024
support@thecriticalscript.com
Blog image

ভোগালী বিহুৰ অসমীয়া পিঠা- পনা

14 Jan,2023 04:17 PM, by: Ankita Gogoi
1 minute read Total views: 1223
1 Likes 0.0

এতিয়া ভোগালীৰ বতৰ। আমাৰ জীৱনত উৎসৱৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। উৎসৱে আমাৰ বাৰে বৰণীয়া সংস্কৃতিক এক অন্যান্য মাদকতা প্ৰদান কৰে।এই সময়ত নানা ধৰণৰ সুস্বাদু খাদ্য সম্ভাৰেৰে পৰিপূৰ্ণ হৈ উঠে প্ৰতিখন অসমীয়া ঘৰ।অসমীয়া ৰঙালী আৰু ভোগালী বিহুত বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰি আলহীক আপ্যায়ন কৰাৰ লগতে অন্যান্য বিভিন্ন উৎসৱত পিঠা পৰিৱেশন কৰা হয়। সকলোৰে ঘৰ পিঠা পনাৰে পৰিপূৰ্ণ হৈ থাকে।ঠাই ভেদে এইবোৰৰ প্ৰস্তুত প্ৰণালীত কিছু বেলেগ হব পাৰে। কিন্তু পিঠা প্ৰস্তুত কৰিবলৈ প্ৰধানত বৰা চাউল,আৰৈ চাউলৰ গুড়ি,গুড় অপৰিহাৰ্য। এই কেইপদ সামগ্ৰী বাদ দি পিঠা প্ৰস্তুত কৰিব নোৱাৰি। কিছুমান পিঠা-পনাৰ চমু আভাস তলত উল্লেখ কৰা হৈছে

চুঙা পিঠা

চুঙা পিঠা অসমীয়া সমাজৰ মাঘ বিহুৰ জলপানৰ অবিচ্ছেদ্য অংগ।চুঙা পিঠা কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমল বাঁহৰ চুঙাত পুৰি ভজা এবিধ পিঠা। চুঙা পিঠা কৰিবলৈ জাতি বাঁহ এফালে গাঁঠি ৰাখি কটা হয়। পিঠাগুড়ি গুড় মিহলোৱা পানীৰে সানি বাঁহৰ চোঙাটোত ভৰাই মুখখনত কলপাত বা পৰিষ্কাৰ ধান খেৰেৰে মুখখন বন্ধ কৰি জুইত পোৰা হয়। সোপাটো ওলাই আহিলেই পিঠা সিজিছে বুলি বুজা যায়। চুঙাত পিঠা তৈয়াৰ কৰা বাবে ই দেখাত চুঙাৰ দৰেই হয়, সেয়ে ইয়াক চুঙা পিঠা বোলা হয়।



 সুতুলি পিঠা

প্ৰথমতে চাউলখিনি খুন্দি লোৱা হয়। তাৰপিছত কেৰাহী এটা গৰম হ’বলৈ দি আগতে ৰুকি থোৱা নাৰিকলত চেনি দি ইলাচিৰ সৈতে ভাজি লৈ,খুন্দি থোৱা পিঠা গুড়িখিনি গাখীৰেৰে মথি লৈ তাৰ মাজভাগৰ দ অংশত নাৰিকলৰ পুৰখিনি দি মুখখন বন্ধ কৰি ৰিফাইনত ভাজি প্ৰস্তুত কৰা হয়।



টেকেলি পিঠা

পৰম্পৰাগতভাৱে এই পিঠা মাটিৰ টেকেলিত বনোৱা হৈছিল। আজিকালি কেটলীৰ ভাপত বনোৱা বাবে ইয়াক কেটলী পিঠা বুলিও কোৱা হয়।ই অসমৰ স্থানীয় পিঠা। চাউলৰ পিঠাগুড়ি, ৰোকা নাৰিকল আৰু চেনি ভজা মিশ্ৰণ অথবা ভজা তিল আৰু গুড়ৰ মিশ্ৰণ হ'লেই এইবিধ পিঠা বনাব পাৰি। প্ৰথমে মধ্যমীয়া মাটিৰ টেকেলি এটাত পানী পূৰাই জুইৰ ওপৰত থ’ব লাগে।অলপ পিঠাগুড়ি এটা ডাঙৰ পাত্ৰত লৈ অলপ নিমখ মিহলাই চেঁচা পানী ছটিয়াই ভালদৰে সানি অলপ অলপকৈ চালনীৰে চালি পানী উতলোৱা টেকেলি এটাৰ মুখেৰে সৰকি নোযোৱা বাটি এটাত এখন পাতল কাপোৰ পাৰি পানীমোহাৰি লোৱা পিঠাগুড়ি এতৰপ দি দ্বিতীয় তৰপত নাৰিকল, চেনি অথবা তিল গুড়ৰ মিশ্ৰণ দি তৃতীয় তপত আকৌ পিঠাগুড়ি দি অলপ টিপিলৈ কাপোৰখনত মুঠি মাৰি টেকেলিটোৰ মুখত বহাই দিব লাগে।কিছুসময় পাছত পিঠা সিজিলে নমাই দিব লাগে।



 মালপোৱা

সহজতে তৈয়াৰ কৰিব পৰা এক সুস্বাদু জলপান।পিঠাগুৰিৰ সলনি আটা বা ময়দা ব্যৱহাৰ কৰি নিমখ নাইবা চেনিৰেও ইয়াক সহজতে ভাজিব পাৰি। পিঠাগুড়ি নাইবা ময়দা বা আটাত নিমখ বা চেনি প্ৰয়োজনমতে মিহলাই তাত এচিকুট ছ’ডা দি পানীৰে গুলি ভজা হয়। চেনি দিয়া গুড়িখিনিত পানীৰ সলনি গাখীৰো ব্যৱহাৰ কৰিব পাৰি।



 কলপিঠা

পিঠাগুৰিত পকা কল সানি লৈ তাত চেনি বা গুড় মিহলাই গাখীৰেৰে গুলি তেলত ভজা পিঠাকেই কলপিঠা বোলা হয়।



                                                                                                                                                                                               সহায় লৈ

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.