অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস
অসম ৰাজ্যিক সংগ্ৰহালয় উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয়। এই সংগ্ৰহালয় গুৱাহাটীৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত। ১৯৪০ চনৰ ২১ এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা এই সংগ্ৰহালয় মুকলি কৰা হৈছিল। অসম ৰাজ্যিক সংগ্ৰহালয়টোৰ দ্বায়িত্ত্ব ১৯৫৩ চনত অসম চৰকাৰে লয় আৰু ইয়াক শৈক্ষিক বিভাগৰ সংগ্ৰহালয় আৰু পুৰাতত্ত্বৰ অধীনত ৰাখে। পি ডি চৌধুৰী আছিল সংগ্ৰহালয়টোৰ প্ৰথম সঞ্চালক। ১৯৮৩ চনৰ এই দুটা বিভাগ (সংগ্ৰহালয় আৰু পুৰাতত্ত্ব সঞ্চালকালয়) পৃথক কৰা হয়।
অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় কুৰি শতিকাৰ আৰম্ভণিত।সংগ্ৰহালয়টোৰ প্ৰথমে নাম আছিল অসম প্ৰাদেশিক সংগ্ৰহালয়। ইয়াৰ প্ৰতিষ্ঠাপক সংস্থান কামৰূপ অনুসন্ধান সমিতি ১৯১২ চনত এদল স্বেস্বাসেৱকৰ দ্বাৰা গঠিত হোৱা এক সংস্থান।তেওঁলোকৰ মূল উদ্দেশ্য আছিল সম্পদসমূহৰ সংৰক্ষণ আৰু প্ৰদৰ্শন । কামৰূপ অনুসন্ধান সমিতিয়ে অঞ্চলটোত সিচঁৰিত হৈ থকা বহুতো ঐতিহাসিক সম্পদ আহৰণ কৰি নিজাকৈ সংগ্ৰহ কৰিছিল । কামৰূপ অনুসন্ধান সমিতিৰ স্বেচ্ছাসেৱকসকলে আহৰণ কৰা সম্পদসমূহকলৈ নিজাকৈয়ে সংগ্ৰহালয় সাজি উলিয়াইছিল য'ত আছিল শিলাচিত্ৰ আৰু ভিন ভিন সামগ্ৰী। ৰাজ্যিক সংগ্ৰহালয়টো ১৯৪০ চনৰ ২১ এপ্রিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ৰবাৰ্ট ৰীডে মুকলি কৰিছিল। এই সংগ্ৰহালয়টো ১৯৫৩ চনত ৰাজ্য চৰকাৰে নিজৰ অধীনলৈ আনে। প্রথম অৱস্থাত সংগ্রহালয়টো শিক্ষা বিভাগৰ অধীনত ৰখা হৈছিল। ৰাজ্যিক সংগ্ৰহালয়টো ১৯৪০ চনৰ ২১ এপ্রিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ৰবাৰ্ট ৰীডে মুকলি কৰিছিল।পিছত ১৯৫৩ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে সংগ্ৰহালয়টোৰ দায়িত্ব লয়।১৯৮৩ চনত সংগ্ৰহালয়টো সাংস্কৃতিক সঞ্চালকালয় আৰু পুৰাতত্ত্ব সঞ্চালকালয় পৃথক কৰি দুয়োটাকে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনলৈ অনা হয় । ।পি ডি চৌধুৰীৰ দিনত বিভিন্ন বিভাগৰ গেলেৰী যোগ কৰি সংগ্ৰহালয়টোক বহুমুখী সংগ্ৰহালয় কৰা হয়। শেহতীয়াকৈ এই সংগ্ৰহালয়ক ৰাজ্য চৰকাৰৰ নতুন বিভাগ 'খিলঞ্জীয়া আৰু জনজাতি বিশ্বাস আৰু সংস্কৃতি'ৰ অধীনস্থ কৰা হৈছে।
তথ্য সংগৃহীত
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments