16 October, Wed 2024
support@thecriticalscript.com
Blog image

অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ! অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান!

04 Oct,2024 01:17 PM, by: Ankita Gogoi
1 minute read Total views: 124
0 Like 0.0

অসমবাসীৰ বাবে গৌৰৱৰ মূহুৰ্ত।অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত বৃহস্পতিবাৰে অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। শ শ বছৰৰ ঐতিহ্যৰে পৰিপূৰ্ণ অসমীয়া ভাষালৈ এই স্বীকৃতিৰ খবৰে প্ৰতিজন অসমীয়া উৎফুল্লিত হৈ পৰিছে। অসমীয়া ভাষাৰ প্ৰসাৰ, সুৰক্ষাৰ ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণত এয়া এক বৃহৎ পদক্ষেপ হিচাপে গণ্য হৈছে। অসমীয়াৰ লগতে মাৰাঠী, পালি, প্ৰাকৃত আৰু বাংলা ভাষাকো ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰা হৈছে।

অসম সাহিত্য সভাকে ধৰি অসমীয়া সাহিত্য চৰ্চা কৰি অহা বিভিন্ন গুণী-শুধীজনে সময়ে সময়ে চলাই অহা অশেষ চেষ্টাৰ ফলত বৃহস্পতিবাৰে অসমীয়া জাতিয়ে এই ভাল খবৰটো লাভ কৰিবলৈ সক্ষম হ’ল ৷ কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিত অনুমোদন জনায় ৷ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিবলৈ হ’লে সেই ভাষা হ’ব লাগিব কমেও পোন্ধৰশৰ পৰা দুহাজাৰ বছৰৰ প্ৰাচীন আৰু সেই ভাষা এতিয়াও ব্যৱহাৰ হৈ থকা হ’ব লাগিব ৷ ইতিমধ্যে ভাৰতত 6 টা ভিন্ন ভাষাই ধ্ৰুপদী ভাষাৰ মান্যতা লাভ কৰিছিল যদিও আজিৰে পৰা ইয়াৰ সংখ্যা বৃদ্ধি পালে ৷

এইক্ষেত্ৰত অসমীয়া ভাষাই প্ৰয়োজনীয় নীতি-নিয়ম পূৰণ কৰিছে। চৰকাৰে ধ্ৰুপদী ভাষাসমূহৰ প্ৰচাৰ-প্ৰসাৰ আৰু সুৰক্ষা-সংৰক্ষণৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়। তদুপৰি গৱেষণাৰ বাবে পুঁজি যোগান, উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপন, কেন্দ্ৰীয় বিশ্ববিদ্যালয়সমূহত সংশ্লিষ্ট ভাষাৰ বাবে বিশেষ চকীৰ সূচনা, ধ্ৰুপদী ভাৰতীয় ভাষাৰ সাহিত্যিকৰ বাবে বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় বঁটা আগবঢ়োৱা ইত্যাদি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈ আহিছে।

প্ৰখ্যাত সাহিত্যিক তথা অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অসম সাহিত্য সভাপতি হৈ থকা কালতেই 2021 চনত অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যদা দিব লাগে বুলি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়লৈ 391 পৃষ্ঠাৰ এখন প্ৰতিবেদন প্ৰেৰণ কৰিছিল ৷ সেয়াই আছিল আৰম্ভণি ৷ তেতিয়াৰে পৰা বিৰামহীনভাৱে চলি আছিল এই প্ৰক্ৰিয়া ৷ আনকি বিগত সময়ছোৱাত অসম সাহিত্য সভাই অসমীয়া ভাষাক কিয় ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিব লাগে তাৰ সপক্ষে বিভিন্ন তথ্য, অসমীয়া ভাষাৰ জন্ম আৰু উৎপত্তি, তাম্ৰলিপি, শিলালিপি, অসমীয়া ভাষাৰ বিকাশ, স্থাপত্য আদি বিভিন্ন ঐতিহাসিক সমল কেন্দ্ৰীয় চৰকাৰক যোগান ধৰি আহিছিল ৷

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.