08 September, Sun 2024
support@thecriticalscript.com
Blog image

অসমীয়াৰ স্বাভিমান বীৰাংগনা 'সতী সাধনী'ৰ ইতিহাসৰ বিষয়ে জানেনে?

16 May,2024 05:43 PM, by: Ankita Gogoi
1 minute read Total views: 319
0 Like 0.0

প্ৰতি বছৰে ৭ ব’হাগত অসমৰ নাৰী সমাজৰ গৌৰৱ সতী সাধিনীক স্মৰণ কৰি সমগ্ৰ অসমতে সতী সাধিনী দিৱস পালন কৰা হয়। অসমীয়া বীৰাংগনাসকলৰ ভিতৰত অন্যতম সতী সাধনী। সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া বীৰাংগনা সতী সাধনী চুতীয়া ৰাজ্যৰ শেষ ৰাণী আছিল।তেওঁৰ জন্ম হৈছিল চুতীয়া সাম্ৰাজ্যৰ ৰাজধানী শদিয়াত ,ৰজা ধীৰনাৰায়ণ(ধৰ্মধ্বজপাল) আৰু তেওঁৰ পত্নী ৰাণী শ্ৰীকান্তি আছিল তেওঁৰ পিতৃ-মাতৃ।  বিভিন্ন কিংবদন্তি অনুসৰি বহু বলিদানৰ পিছত সাধনীৰ জন্ম হৈছিল। অশেষ সাধনাৰ শেষত ৰজাই এটি কন্যা সন্তানৰ মুখ দেখিছিল৷ সাধনা কৰি পোৱাৰ বাবেই সেই সন্তানৰ নাম ৰখা হ’ল সাধনী ৷

এদিন ৰজাই মৈদামৰ ওপৰত এটা কেৰ্কেটুৱা বগাই ফুৰা দেখা পাইছিল। ৰজাই থিৰাং কৰিলে, যিয়ে কেৰ্কেটুৱাটো এবাৰতে কাঁড়ত মাৰিবলৈ পাৰিব তেওঁলৈয়ে সাধনীক বিয়া দিব। ৰজাই পাত্ৰ-মন্ত্ৰীসকলৰ লগত আলোচনা কৰি কম দিনৰ ভিতৰতে সয়ম্বৰৰ দিন ঘোষণা কৰিলে। ৰজাৰ এই চৰ্ত অনুসৰি সাধাৰণ ঘৰৰ চুতীয়া ল’ৰা নিতায়ে এই চৰ্ত পূৰণ কৰিলে। কেৰ্কেটুৱাটো বধ কৰি সাধনীক পত্নীৰূপে গ্ৰহণ কৰিলে নিতায়ে। জীয়ৰিৰ বিয়াৰ পিছতে চুতীয়াসকলৰ কুবেৰ প্ৰদত্ত সম্পত্তি (ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰী), নাবালক পুত্ৰ সাধকনাৰায়ণ আৰু ৰাজ্যৰ দায়িত্ব জী-জোঁৱাইক গতাই দি ৰাণীৰ সৈতে ৰজাই সন্ন্যাস গ্ৰহণ কৰে। স্বাভাৱিকতে ৰাজ্য চলোৱাৰ কোনো কথা নীতিপালে বুজি পোৱা নাছিল। নীতিপালৰ এই দুৰ্বলতাৰ সুযোগ লৈ আহোম ৰজা দিহিঙীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ১৫২৪ খ্ৰীষ্টাব্দৰ ৭ ব’হাগ তাৰিখে আহোমৰ লগত যুদ্ধত হাৰি চুতীয়া ৰজা ৰাণী আৰু সৈন্য-সামন্তই পিছ হুঁহুকি চন্দনগিৰি পৰ্বতৰ ওপৰত আশ্ৰয় লবলগীয়া হয় । আহোম ৰজাই তাতো আক্ৰমণ চলাই যদিও ব্যৰ্থ হয় । ৰাণী সাধনীয়ে আৰু নাৰী সৈন্যই লগত ধনু, কাঁড়, যাঠিলৈ শেষ মুহূৰ্তলৈকে যুদ্ধত আহোমক ভেঁটা দিবলৈ চেষ্টা কৰে। আহোম সৈন্যই চাৰিওফালৰ পৰা ঘেৰি ধৰি আক্ৰমণৰ চেষ্টা চলায় কিন্তু সাধনীৰ নেতত্বত চুতীয়া নাৰী বাহিনীয়ে পৰ্বতৰ পৰা শিল বগৰাই বহুত শত্ৰু বধ কৰিলে। উল্লেখযোগ্য যে, সাধনীৰ সেই নাৰী বাহিনীয়েই আছিল বিশ্বৰ প্ৰথমটো নাৰী বাহিনী ৷  নাৰী বাহিনীৰ দুৰ্দান্ত আক্ৰমণৰ বাবে আহোমে চুতীয়া সকলক বলে নোৱাৰাত আহোম সেনাপতিয়ে চলনাৰ আশ্ৰয় লয়। এই কৌশলী যুদ্ধত নীতিপালক আহোমসকলে হত্যা কৰিলে। সাধনীক চুতীয়াসকলৰ অমূল্য সম্পদ কুবেৰপ্ৰদত্ত সম্পত্তি ঢাল, তৰোৱাল আৰু সোণৰ মেকুৰীসহ আত্মসমৰ্পণ কৰিবলৈ আহোম সেনাপতিয়ে আহ্বান জনায়  আৰু সাধনীক ৰাজৰাণীও পতা হ’ব বুলি কোৱা হ’ল । কিন্তু কিন্তু তেনে সময়তে সাধনীয়ে চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মহত্যা কৰে। 

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.