অসমৰ ৫ খন ঐতিহাসিক কীৰ্তিচিহ্ন
প্ৰাকৃতিক সৌন্দৰ্য্য, চহকী বন্যপ্ৰাণী, নিস্তব্ধ জলপ্ৰপাত আৰু প্ৰাণৱন্ত সংস্কৃতিৰ বাবে আমাৰ অসম পৰিচিত।অসমৰ বিখ্যাত কীৰ্তিচিহ্নসমূহ অন্বেষণ কৰক য'ত আছে অবিশ্বাস্য দুৰ্গ, প্ৰাচীন মন্দিৰ আৰু সুন্দৰ দুৰ্গ। অসমৰ ঐতিহাসিক স্থানসমূহে মূল ভাৰতৰ সমসাময়িক পৰিঘটনাৰ সৈতে সামঞ্জস্যতা প্ৰদৰ্শন কৰে চহকী ইতিহাস আৰু উজ্জ্বল স্থাপত্যৰ সাক্ষী হ’বলৈ অসমৰ বিখ্যাত ঐতিহাসিক ৫ খন স্থানৰ বিষয়ে তলত আলোচনা কৰা হৈছে।
সূৰ্য্যপাহাৰ
গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্য পাহাৰ প্ৰাকৃতিক সৌন্দৰ্য্য বিস্ময়কৰ আৰু ঐতিহাসিক সম্পদেৰে পৰিপূৰ্ণ|ই শ্ৰী সূৰ্য্য পাহাৰৰ পূৱ অংশত অৱস্থিত| বহুতে ক’ব খোজে যে কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজধানী শ্ৰীসূৰ্য পাহাৰৰ সমীপত আছিল। শিৱলিংগ, শিলামূৰ্তি, বৌদ্ধস্তূপ, বিগ্ৰহ, পুখুৰী ইত্যাদিসমূহে সমৃদ্ধ এই শ্ৰীসূৰ্য পাহাৰত সৰু-বৰ সাতটা পাহাৰ থকা বাবে এই পাহাৰক বহুতে ‘সাতালি পাহাৰ’ বুলিও কয়৷হিউৱেন চাঙৰ লিপিবদ্ধ বৰ্ণনা অনুসৰি সূৰ্য পাহাৰৰ সমীপত ভাস্কৰ বৰ্মাৰ ৰাজধানীৰ আভাস পোৱা যায়।ই| ইয়াত উদ্ধাৰ হোৱা প্ৰত্নতাত্বিক ধ্বংসাৱশেষ আৰু ভাস্কৰ্য্যবোৰে পুৰণি অসম বুৰঞ্জীৰ কলা, সংস্কৃতি আৰু ধৰ্মীয় দিশটোৰ ওপৰত আলোকপাত কৰে|শ্ৰী সূৰ্য্যপাহাৰৰ পাদদেশ আৰু ইয়াৰ আশে-পাশে ব্ৰাহ্মণ্য ধৰ্মৰ বহুতো শিলত খোদিত ভাস্কৰ্য্য দেখিবলৈ পোৱা যায়| ইয়াৰ উল্লেখযোগ্য ভাস্কৰ্য্য বোৰ হ’ল শিৱ-বিষ্ণুৰ মূৰ্ত্তি, দ্বাদশভূজা বিষ্ণুৰ মূৰ্ত্তি, গণেশ, হৰি-হৰ, শিলত খোদিত শিৱলিংগ, বিষ্ণুপদ, শিলত কটা গুহা ইত্যাদি|এক কিংবদন্তি মতে, একালত ইয়াত ব্যাস ঋষিৰ আশ্ৰম আছিল আৰু এই ব্যাসেই এই শ্ৰীসূৰ্য পাহাৰক ভাৰতবৰ্ষৰ দ্বিতীয়খন কাশী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ইয়াত ৯৯৯৯৯ টা শিৱলিংগ প্ৰতিষ্ঠা কৰিছিল ৷সৌন্দৰ্য্য আৰু নিৰ্মাণশৈলীৰ ফালৰ পৰা লক্ষ্য কৰিলে ইয়াক খ্ৰীষ্টাব্দ নৱম শতিকাৰ বুলি অনুমাণ কৰিব পাৰি সাহিত্যগত তথ্যই সমৰ্থন কৰে যে পুৰণি অসমত অন্য দেৱ-দেৱীৰ পূজা হৈছিল যদিও কিছু উল্লেখযোগ্য স্থানতহে সূৰ্য্য বা সূৰ্য্য ভগৱানৰ পূজা হৈছিল অসমৰ দুখন ঠাইতহে সূৰ্য্য পূজাৰ প্ৰচলন আছিল বুলি কালিকা পুৰাণত পোৱা হৈছে ইয়াৰ ভিতৰত গোৱালপাৰা জিলাৰ শ্ৰী সূৰ্য্যপাহাৰ সূৰ্য্য দেৱ-দেৱীৰ মূৰ্ত্তিৰে সমৃদ্ধ এখন স্থান|
পোৱামক্কা
অসমৰ কামৰূপ জিলাৰ হাজোৰ
গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন
ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী
প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত
পোৱা এক ফাৰ্চী লিপি মতে মুগল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা
শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল ইয়াৰ পৰিৱেশ নিস্তব্ধ, যিয়ে কেৱল ভক্তকে নহয়, ইতিহাসপ্ৰেমী আৰু নিয়মীয়া পৰ্যটককো আকৰ্ষণ কৰে। যদি আপুনি পবিত্ৰতা আৰু
ইতিহাসৰ মিশ্ৰণ বিচাৰে তেন্তে হাজো পোৱা মক্কা অসমৰ অন্যতম শ্ৰেষ্ঠ ঐতিহাসিক
স্থান।
শিৱদৌল
শিৱসাগৰ পুখুৰীৰ (বৰপুখুৰী) পাৰত অৱস্থিত। স্বৰ্গদেউ শিৱসিংহই প্ৰথমা ৰাণী বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যুৰ পাছত তেওঁৰে বিবাহিতা ভনীয়েক দ্ৰৌপদীক বিবাহ কৰাই অম্বিকা কুঁৱৰী নাম দি বৰৰজা পাতিছিল। এইগৰাকী কুঁৱৰীৰ নিৰ্দেশক্ৰমেই ১৭৩১ খৃঃত সোণৰ ক'লচীৰে সৈতে শিৱদৌল, দেৱীদৌল আৰু বিষ্ণু দৌল নিৰ্মাণ কৰাৰ লগতে শিৱসাগৰ পুখুৰী খন্দোৱা হৈছিল। এই শিৱদৌল অসমৰ সকলোবোৰ দৌলতকৈ ওখ দৌল।এই দৌলৰ উচ্চতা প্ৰায় ১৮০ ফুট আৰু প্ৰস্থ প্ৰায় ১৯৫ ফুট ।দৌলটিৰ ওপৰত থকা কলচীৰ উচ্চতা প্ৰায় ৮ ফুট। ১৯৫০ চনৰ ভূমিকম্পত কলচীটো খহি পৰিছিল যদিও ইয়াক আগৰ স্থানত স্থাপন কৰা হয়। এই দৌলটোত সদায়ে শিৱৰ পূজা অৰ্চনা হয়। শিৱৰাত্ৰিত এই দৌলৰ কাষতে এখন ডাঙৰ মেলা হয়।
চৰাইদেউ
চৰাইদেউ নামৰ উৎপত্তি
তাই ভাষাৰ চে-তাম-ডয় পৰা হৈছে।(চে-চহৰ, তাম-প্ৰাদদেশ, ডয়-পাহাৰ)
ইয়াৰ অৰ্থ পাহাৰত জিলিকি থকা চহৰ। এই চে-তাম-ডয় পৰৱৰ্তীকালত চৰাইদেউ নামেৰে
বিখ্যাত হৈ পৰে।আহোম সকলে এসময়ত ৰংপুৰৰ পৰা ৰাজধানী তুলি নি চৰাইদেউত পাতিছিল ।
চৰাইদেউ আহোম স্বৰ্গদেউ সকলৰ মৈদামৰ বাবে বিখ্যাত ।মৈদাম হৈছে আহোমসকলৰ পৰম্পৰাগত
মৃতদেহ সংস্কাৰ প্ৰথা।বর্তমান চৰাইদেউ স্বর্গদেউ, ডা-ডাঙৰীয়া আৰু ৰাজ পৰিয়ালৰ লোকসকলৰ মৈদাম দিয়া স্থান হিচাপে জনাজাত৷
চৰাইদেউৰ পূবে নিমনাগড়ৰ পৰা দক্ষিণ-পশ্চিমলৈ বহু ৰাজ পৰিয়ালৰ মৈদাম আছে৷ সিংহাসনত
বহা স্বর্গদেউজনৰ য’তেই মৃত্যু নহওক কিয় তেওঁলোকৰ
শৱদেহ আনি চৰাইদেউতে মৈদাম দিয়া হৈছিল৷ পিছলৈ হিন্দুৰ শ-দাহ প্রথা আহোমসকললৈ অহাৰ
পাছত চিতাভস্ম আনি চৰাইদেউত মৈদাম দিয়া হৈছিল৷ আহোম ৰাজ্যৰ ৰাজধানী বহুবাৰ
স্থানান্তৰিত হ’লেও চৰাইদেউ প্ৰতীকী কেন্দ্ৰ
হৈয়েই আছে।ইয়াত আহোম ৰজা-ৰাণীৰ পবিত্ৰ সমাধিস্থল আছে আৰু আহোমৰ পূৰ্বপুৰুষৰ
দেৱতাৰো স্থান।৪২ জন আহোম ৰজা-ৰাণী চৰাইদেউ পাহাৰত থকা দৈনিক ইজিপ্তৰ পিৰামিডৰ
সৈতে তুলনাযোগ্য আৰু ই মধ্যযুগীয় দিনৰ অসমৰ ভাস্কৰ্য্য শিল্পী আৰু ৰাজমিস্ত্ৰীৰ
উৎকৃষ্ট স্থাপত্য আৰু দক্ষতা উন্মোচন কৰে।চৰাইদেউত আহোম যুগৰ ১৫০ টাৰো অধিক মৈদাম
দেখিবলৈ পোৱা যায়।
মাজুলী
অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত থকা
এটা বৃহৎ নদীদ্বীপ আৰু অসমৰ এখন জিলা মাজুলীক সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান বুলি কোৱা হয়, কাৰণ মাজুলীত থকা সত্ৰসমূহৰ জৰিয়তে এক সাংস্কৃতিক পৰিবেশ
বিৰাজমান হৈ আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মাজুলীৰ ধুৱাহাট বেলগুৰিত প্ৰথম সত্ৰ
প্ৰতিষ্ঠা কৰি অসমীয়া সংস্কৃতি তথা ভক্তিধৰ্মক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছিল।শ্ৰীমন্ত
শংকৰদেৱে ধৰ্ম তথা সংস্কৃতিৰ প্ৰচাৰৰ বাবে বেলগুৰিত প্ৰতিষ্ঠা কৰা সত্ৰত ১৫২২ চনত
শ্ৰীমন্ত শংকৰদেৱৰ সৈতে মাধৱদেৱৰ প্ৰথম সাক্ষাৎ হৈছিল। শংকৰ-মাধৱৰ এই মিলনক
অসমীয়া সাহিত্যত ‘মণি কাঞ্চন
সংযোগ'
আখ্যা দিয়া হৈছে।"সত্ৰ" হৈছে মহাপুৰুষ শ্ৰীমন্ত
শঙ্কৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱে অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে
স্থাপন কৰা এক অনুষ্ঠান ধৰ্ম চৰ্চাৰ উপৰিও সত্ৰসমূহ মহাপুৰুষীয়া তথা অসমীয়া
সংস্কৃতি যেনে বৰগীত, সত্ৰীয়া নৃত্য,
চালি নৃত্য, ঝুমুৰা নৃত্য, দশাৱতাৰ নৃত্য আদিৰ লগতে পুৰণি পুথি-পাজি আৰু আন আন বুৰঞ্জীমূলক সমলৰ
ভঁৰাল। প্ৰথমতে অসমত ৬৬৫খন সত্ৰ আছিল যদিও এতিয়া তাৰে বেছিভাগৰে অস্তিত্ব নাই।
এইকেইখনৰ ভিতৰত ৬৫খন কেৱল মাজুলীতে স্থাপন কৰা হৈছিল যাৰ ভিতৰত এতিয়া ২২ খনহে
আছে।
Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.
Newsletter!!!
Subscribe to our weekly Newsletter and stay tuned.
Related Comments