08 September, Sun 2024
support@thecriticalscript.com
Blog image

২০১৯ ৰ বিধানসভাৰ নিৰ্বাচনত উৰিষ্যা চৰকাৰৰ গাদীত কোন ?

10 Jan,2020 03:11 PM, by: Super Admin
1 minute read Total views: 359
0 Like 0.0

২০১৯ চনত উৰিষ্যাত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত নবীন পাটনাইকে জটিলতাৰ সন্মুখীন হ’ব পাৰে বুলি এক সমীক্ষাৰ পৰা অনুধাৱন কৰা হৈছে। ডেইলিহাণ্টে সংঘটিত কৰা “ট্ৰাষ্ট অৱ ইণ্ডিয়া’’ নামৰ এক অনলাইন সমীক্ষাৰ জৰিয়তে নিৰ্বাচন সন্দৰ্ভত ভোটাৰসকলৰ পৰা মতামত আহৰণ কৰাৰ এক প্ৰয়াস কৰা হৈছে। ৫০,০০০ তকৈও অধিক লোকে এই সমীক্ষাত অংশগ্ৰহণ কৰিছিল আৰু এই সমীক্ষা উৰিষ্যাৰ ৰাজ্য চৰকাৰৰ বাবে সৰ্তকবাণীৰূপেহে পৰিগণিত হৈছে।

উক্ত সমীক্ষা অনুসৰি ৩৫% উত্তৰদাতাৰ অভিমত মিত্ৰজোঁট চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আঙুলি টোৱাৰ বিপৰীতে ৬৫% এ মিত্ৰজোঁট চৰকাৰ নিবিচৰাৰ ক্ষেত্ৰত অভিমত প্ৰদান কৰে।

৬১%  উত্তৰদাতাৰ মতে “মোডীৰ যাদু” এ ৰাজ্যখনৰ পৰা বিজেদীক ক্ষমতাৰ পৰা আঁতৰোৱাত সহায় কৰিব। মাত্ৰ ৩৯% এ মোডীৰ যাদু নচলিব বুলি বিশ্বাস কৰে।

ইয়াৰ পৰা এইটো প্ৰতিপন্ন কৰা হৈছে যে, উৰিষ্যাৰ জনসাধাৰণ শাসনাধিস্থ চৰকাৰৰ বিপক্ষে আৰু বিজেপীৰ সপক্ষে নিজৰ অভিমত দাঙি ধৰিছে। উত্তৰদাতাসকলৰ ৬২% এ নিজৰ মত প্ৰকাশ কৰি কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁলোকে মূখ্যমন্ত্ৰী হিচাপে অন্য প্ৰাৰ্থীক সুযোগ দিবলৈ বিচৰাৰ বিপৰীতে ৩৮% এ পাটনাইককেই ক্ষমতাত বিচাৰে বুলি মত প্ৰকাশ কৰে।৬৩% এ সুস্পষ্টকৈ জনাইছে যে তেওঁলোকে বৰ্তমানৰ চৰকাৰক আকৌ এবাৰ সুযোগ দিবলৈ নিবিচাৰে। কেৱল ৩৭% উত্তৰদাতাইহে কৈছে যে তেওঁলোকে পাটনায়ক চৰকাৰক অন্য এটা সুযোগ দিব বিচাৰে।

সমীক্ষাৰ অন্তৰ্গত এক প্ৰশ্নৰ উত্তৰত যে নবীন পাটনাইকৰ বিকল্প ‘কোন জন প্ৰাৰ্থীক জনসাধাৰণে শাসনত বিচাৰে’, তাৰ প্ৰত্যুত্তৰ স্বৰূপে তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপী নেতা ধৰ্মেন্দ্ৰ প্ৰধানৰ নাম উল্লেখ কৰে।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.