08 June, Mon 2026
support@thecriticalscript.com
Blog image

দুৰ্লভ বৰাৰ জীৱন্ত সংগ্ৰহালয়: বিলুপ্তপ্ৰায় ইতিহাস সংৰক্ষণৰ এক অনন্য প্ৰচেষ্টা

08 Jun,2026 05:36 PM, by: Ankita Gogoi
1 minute read Total views: 12
0 Like 0.0

অসমৰ শিৱসাগৰ জিলাৰ জয়সাগৰত অৱস্থিত ঐতিহাসিক তলাতল ঘৰ সংলগ্ন অঞ্চলত আছে এটি ব্যতিক্ৰমী ব্যক্তিগত সংগ্ৰহালয়, নাম উত্তৰণ। এই সংগ্ৰহালয়ৰ প্ৰতিষ্ঠাতা দুৰ্লভ বৰা এজন চৰকাৰী কৰ্মচাৰী, ভাস্কৰ্য শিল্পী। বিলুপ্তিৰ পথত থকা ইতিহাস, সংস্কৃতি আৰু পৰিৱেশ সম্পৰ্কীয় স্মৃতি সংৰক্ষণৰ লক্ষ্যৰে তেওঁ এই সংগ্ৰহালয় স্থাপন কৰে।

দুৰ্লভ বৰাৰ কল্পনাত এই সংগ্ৰহালয় কেৱল বস্তুৰ ভঁৰাল নহয়, বৰঞ্চ “বিশ্বৰ এক ক্ষুদ্ৰ প্ৰতিচ্ছবি”। দ্ৰুত নগৰায়ন, আধুনিকীকৰণ আৰু পৰিৱেশগত পৰিৱৰ্তনৰ ফলত বহু ঐতিহ্যবাহী সামগ্ৰী, জীৱনধাৰা আৰু জ্ঞান হেৰাই যাব পাৰে। সেইবাবেই ভৱিষ্যৎ প্ৰজন্মই অতীতৰ সৈতে পৰিচিত হ’ব পৰাকৈ তেওঁ এই সংগ্ৰহালয় গঢ়ি তোলে।


তিনিমহলীয়া অষ্টভুজ আকৃতিৰ এই অট্টালিকাটো প্ৰায় সম্পূৰ্ণৰূপে দুৰ্লভ বৰা আৰু তেওঁৰ পৰিয়ালৰ নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰা হৈছে। ভিতৰত আছে এক সুন্দৰ ঘূৰণীয়া জখলা, আৰু সংগ্ৰহত সংৰক্ষিত আছে ৫,০০০ৰো অধিক নিদৰ্শন। ইয়াৰ ভিতৰত পৰম্পৰাগত কৃষি সঁজুলি, গৃহস্থালীৰ সামগ্ৰী, হস্তশিল্প, দৈনন্দিন ব্যৱহাৰৰ বস্তু আদি অন্তৰ্ভুক্ত।


এজন দক্ষ ভাস্কৰ্য হিচাপে তেখেতে বহু বিলুপ্ত বা দুৰ্লভ বস্তু নিজ হাতে বাঁহ আৰু বেতৰ সহায়ত পুনৰ নিৰ্মাণ কৰিছে। ঐতিহাসিক তথ্য, পুৰণি স্মৃতি আৰু গৱেষণাৰ ভিত্তিত তেওঁ এই প্ৰতিলিপিসমূহ মূল বস্তুৰ সৈতে সামঞ্জস্য ৰাখি তৈয়াৰ কৰে।

সংগ্ৰহালয়টোৰ আটাইতকৈ আকৰ্ষণীয় আৰু ব্যতিক্ৰমী সংগ্ৰহসমূহৰ ভিতৰত অন্যতম হৈছে আহোম যুগৰ প্ৰাচীন পুখুৰী আৰু জলাশয়ৰ পানী সংৰক্ষণ। প্ৰায় ৬০০ বছৰীয়া আহোম শাসনকালত খনন কৰা বিভিন্ন পুখুৰী আৰু জলাশয়ৰ পৰা সংগ্ৰহ কৰা পানীৰ নমুনা ইয়াত সংৰক্ষিত আছে। শিৱসাগৰ, যোৰহাট, নগাঁও, ডিব্ৰুগড় আৰু গুৱাহাটী আদি অঞ্চলৰ বহু ঐতিহাসিক জলাশয়ৰ সন্ধান পুৰণি পুথি-পত্ৰ আৰু নথিপত্ৰৰ সহায়ত উলিয়াই এই নমুনাসমূহ সংগ্ৰহ কৰা হৈছিল।

বহু পুৰণি জলাশয় আজিৰ দিনত পূৰণ, দূষিত বা বিস্মৃত হৈ পৰাৰ সময়ত এই সংগ্ৰহসমূহে অতীতৰ এক গুৰুত্বপূৰ্ণ সাক্ষ্য বহন কৰি আছে।

২০০৮ চনত সংগ্ৰহালয়টো জনসাধাৰণৰ বাবে মুকলি কৰাৰ পিছৰে পৰা সীমিত চৰকাৰী সহায় লাভ কৰিলেও দুৰ্লভ বৰাৰ অধ্যৱসায় আৰু একাগ্ৰতাই ইয়াক এক বিশেষ স্থান দিছে। ব্যক্তিগত প্ৰচেষ্টাৰে সংস্কৃতি, ইতিহাস, পৰিৱেশ আৰু সমাজ জীৱনৰ স্মৃতি সংৰক্ষণৰ এই উদাহৰণে দেখুৱাইছে যে এজন ব্যক্তিৰ দৃঢ় সংকল্পই এখন সমাজৰ ঐতিহ্যক ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰি ৰাখিব পাৰে।


দৰ্লভ বৰাৰ এই জীৱন্ত সংগ্ৰহালয় আজিৰ প্ৰজন্মৰ বাবে কেৱল এটা পৰ্যটনস্থলী নহয়, ই অসমৰ ইতিহাস, ঐতিহ্য আৰু পৰিচয়ক জীয়াই ৰখাৰ এক অনন্য প্ৰয়াস।


তথ্য সংগৃহীত

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.