25 April, Thu 2024
support@thecriticalscript.com
Blog image

কৃষক শ্ৰমিকৰ মৰ্মবেদনা

10 Jan,2020 02:59 PM, by: Super Admin
1 minute read Total views: 685
0 Like 0.0

কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে যিধৰণৰ কৃষক শ্ৰমিক বিৰোধী কাম-কাজ অব্যাহত ৰাখিছে তাৰ প্ৰভাৱ অসমৰ দৰে ৰাজ্যতো পৰিবলৈ ধৰিছে। কিন্তু, এইক্ষেত্ৰত দেখা যায় যে দেশৰ অন্য প্ৰান্তৰ খেতিয়কৰ দৰে অসমৰ কৃষিজীৱি লোকে নিজৰ অধিকাৰৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সক্ষম হোৱা নাই।

কেন্দ্ৰৰ আৰ্হিত অসম চৰকাৰেও ৰাষ্ট্ৰীয় ঘাই-পথৰ দুয়োকাষে বিশেষ ঔদ্যোগিক অঞ্চল গঢ়ি তোলাৰ আঁচনি হাতত লৈছে। সেইমতেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ বিস্তীৰ্ণ অঞ্চলৰ কৃষিভূমিবোৰ অনা-কৃষিভূমিলৈ পৰিৱৰ্তন কৰাৰ কামো সম্পন্ন হ’বলৈ ধৰিছে। ৰাষ্ট্ৰীয় ঘাই-পথৰ দুয়োকাষৰ উৰ্বৰা কৃষিভূমিত গঢ়ি উঠা উদ্যোগ কিছুমানে ব্যাপকৰূপত বায়ুমণ্ডল প্ৰদুষিত কৰিছে।

বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ ফলস্বৰূপে যিখন ভূমি অধিগ্ৰহণ বিধেয়ক কেন্দ্ৰীয় চৰকাৰে পেলাই থ’ব লগা হৈছে তাৰেই অনুৰূপ ব্যৱস্থা ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলৈ ওলাইছে। বেছিভাগ খেতিয়কে বানাগ্ৰস্ত হৈ নিজৰ কৃষিভূমি হেৰুৱাই জীৱিকাৰ সন্ধানত পৰিভ্ৰমী জীৱন কটাব লগা হৈছে। বিভিন্ন জিলাৰ বহুতো কৃষিৰ মাটি নদীৰ বুকুত জাঁহ গৈছে।

অসমৰ তুলনাত মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্ৰদেশ, হাৰিয়ানা আদি ৰাজ্যৰ খেতিয়কে কৃষিজাত সামগ্ৰীৰ নূন্যতম সমৰ্থন মূল্য বিচাৰি ৰাজপথ উত্তাল কৰিছে।

ৰাজ্যৰ জাতীয় সংগঠনবোৰেও ঐক্যবদ্ধভাৱে কৃষিভুমি সংৰক্ষণ কৰাৰ দাবী পৰিলক্ষিত হোৱা নাই। বৰং পৰোক্ষভাৱে চৰকাৰৰ কৃষক বিৰোধী পদক্ষেপবোৰক উৎসাহিত কৰাহে দেখা গৈছে।

যিসকল লোকৰ জীৱিকাৰ পথ একমাত্ৰ কৃষি তেওঁলোকৰ মৰ্মবেদনা বুজিবলৈ কাৰো আহৰি নাই। আনকি বান-খহনীয়াত বিপৰ্যস্ত খেতিয়কক লৈও ৰাজ্যত ৰাজনীতিহে কৰা হৈছে। প্ৰকৃততে, অসমৰ দৰিদ্ৰ খেতিয়কৰ জীৱন-জীৱিকা বিপৰ্যস্ত হ’লে তাৰ সূদূৰ-প্ৰসাৰী নেতিবাচক প্ৰভাৱ আমি এদিন সকলোৱে ভোগ কৰিব লাগিব।

Disclaimer: The opinions expressed in this article are those of the author's. They do not purport to reflect the opinions or views of The Critical Script or its editor.

0 review
Ad

Related Comments

Newsletter!!!

Subscribe to our weekly Newsletter and stay tuned.